বন্ধ্যাত্বৰ অভিশাপৰ পৰা মুক্ত হোৱাৰ বাসনা সহস্ৰাধিক মাওবাদীৰ, এয়া সম্ভৱ নে?
শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নক্সালৰ ঘাটি হিচাপে পৰিগণিত ছত্তীশগড়ৰ বাষ্টাৰক নক্সালমুক্ত ঘোষণা কৰিছে । আত্মসমৰ্পণ কৰা মাওবাদীসকলক পুনৰ সংস্থাপন কৰি মূলসুঁতিৰ সৈতে একত্ৰিত কৰা হৈছে ।

Published : June 1, 2026 at 12:08 PM IST
বাষ্টাৰ (ছত্তীশগড়): ‘নক্সালমুক্ত ভাৰত’, এয়া আছিল বিজেপি চৰকাৰৰ এক সপোন ৷ ২০২৪ চনৰ ২৪ আগষ্টত ভাৰতবৰ্ষক নক্সালমুক্ত কৰাৰ সংকল্প লৈছিল কেন্দ্ৰীয় চৰকাৰে । ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতৰ পৰা ৰঙা সন্ত্ৰাস নোহোৱা কৰাৰ কথা বিগত সময়ছোৱাত বহুবাৰ উল্লেখ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।
সেই অনুসৰি শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নক্সালৰ ঘাটি হিচাপে পৰিগণিত ছত্তীশগড়ৰ বাষ্টাৰক নক্সালমুক্ত ঘোষণা কৰিছে । ইতিমধ্যে আত্মসমৰ্পণ কৰা প্ৰায় ৩ হাজাৰ সদস্যৰ পুনৰ্বাসনৰ সমান্তৰালকৈ চৰকাৰে তেওঁলোকক দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও কৰিছে ।

নক্সালবাদৰ অন্ত পৰাৰ পিছত আত্মসমৰ্পণ কৰা মাওবাদীসকলক পুনৰ সংস্থাপন কৰি সামাজিক মূলসুঁতিৰ সৈতে একত্ৰিত কৰা হৈছে । দশক দশক ধৰি জংঘলত কটোৱা প্ৰাক্তন মাওবাদীসকলে এতিয়া জনসমাজত থিতাপি লৈ পৰিয়াল গঢ়িবলৈ সাজু হৈছে । ইতিমধ্যে ছত্তীশগড়ত এই মাওবাদীসকলৰ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে ৷
আত্মসমৰ্পণ কৰা মাওবাদীসকল এতিয়া পিতৃ হ’ব

এই প্ৰাক্তন নক্সালবাদীসকলক যেতিয়া মাওবাদী সংগঠনত নিযুক্তি দিয়া হৈছিল, তেতিয়া তেওঁলোকৰ নেতাসকলে তেওঁলোকক বন্ধ্যাকৰণ কৰিবলৈ বাধ্য কৰাইছিল । মাওবাদী নেতৃত্বই বিচাৰিছিল যে নক্সালবাদী সদস্যসকলে পৰিয়ালৰ দায়িত্ব কান্ধত লোৱাতকৈ সংগঠনটোৰ কামক অগ্ৰাধিকাৰ দিয়া উচিত ।
এতিয়া নক্সালবাদ অন্ত পৰাৰ লগে লগে এই আত্মসমৰ্পণ কৰা মাওবাদীসকলে পৰিয়াল গঢ়িবলৈ "ৰিভাৰ্ছল অস্ত্ৰোপচাৰ" কৰিবলৈ সাজু হৈছে । তেওঁলোকে নিজৰ বন্ধ্যাকৰণ বৰ্জন কৰি পিতৃ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে আৰু সাধাৰণ মানুহৰ দৰেই জীৱন যাপন কৰিব খোজে ।

ৰিভাৰ্ছ ভেচেক্টমী প্ৰক্ৰিয়াৰ বাবে জগদলপুৰৰ মহাৰাণী চিকিৎসালয়লৈ যোৱা পুনৰ্বাসিত মাওবাদী ৰাজু চালামে কয় যে যেতিয়া তেওঁক নক্সাল সংগঠনত নিযুক্তি দিয়া হৈছিল তেতিয়া তেওঁক বিয়া কৰোৱাৰ কিছু দিনৰ পিছত তাতেই বন্ধ্যাকৰণ কৰা হৈছিল । তেওঁ কয়, ‘‘মই বিচাৰো মোৰ পৰিয়ালটো বৃদ্ধি হওক, আৰু মই সন্তানৰ সৈতে স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰোঁ ।’’
২০০৩ চনত নক্সাল সংগঠনত যোগদান কৰা ছালামে কয় যে ২০০৯ চনত সংগঠনত থকাৰ সময়তে তেওঁ এগৰাকী মহিলা মাওবাদী সদস্যৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ‘‘২০১০ চনত মাওবাদী সংগঠনৰ ভিতৰতে এটা পদ্ধতিৰ দ্বাৰা মোৰ বন্ধ্যাকৰণ কৰা হৈছিল ।’’

আন এজন পুনৰ্বাসিত মাওবাদী শংকৰ মুচাকীয়ে কয় যে তেওঁ সাধাৰণ মানুহৰ দৰেই সন্তান জন্ম দিব বিচাৰে । “মই মোৰ সন্তানক ভাল শিক্ষা প্ৰদান কৰিব বিচাৰোঁ আৰু কৃষিৰ কাম কৰি জীয়াই থাকিব বিচাৰোঁ । মই ইয়ালৈ আহিছোঁ ষ্টেৰিলাইজেচন ৰিভাৰ্ছেল অস্ত্ৰোপচাৰ কৰিবলৈ, যাতে মই মোৰ পৰিয়ালটো সম্প্ৰসাৰণ কৰিব পাৰো ৷’’
ইউৰ’লজিষ্টসকল আগবাঢ়ি আহক
নক্সাল সংগঠনত সক্ৰিয় হৈ থকা অৱস্থাত বন্ধ্যাকৰণ কৰা মাওবাদীসকল এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত চলা আঁচনিৰ অধীনত ৰিভাৰ্ছেল অস্ত্ৰোপচাৰ কৰিবলৈ জগদলপুৰৰ মহাৰাণী চিকিৎসালয়ত উপস্থিত হৈছে । ভাৰতীয় ইউৰ’লজিকেল ছ’চাইটিৰ পশ্চিম মণ্ডলৰ মুৰব্বী অজয় ভাণ্ডাৰকাৰে কয় যে সংস্থাটোৱে প্ৰতি বছৰে সামাজিক আৰু দাতব্য কাম-কাজ গ্ৰহণ কৰে । ভাণ্ডাৰকাৰে কয় যে তেওঁলোকে তথ্য লাভ কৰিছে যে বাষ্টাৰ অঞ্চলৰ মাওবাদীসকলে তেওঁলোকৰ পুনৰ্বাসনৰ পিছত বন্ধ্যাকৰণৰ পৰা মুক্ত হ’বলৈ অস্ত্ৰোপচাৰ কৰিব বিচাৰিছে ।
বাষ্টাৰ আই জি সুন্দৰৰাজ পি আৰু মহাৰাণী চিকিৎসালয়ৰ চিভিল চাৰ্জন ডাঃ সঞ্জয় প্ৰসাদৰ সৈতে আলোচনাৰ জৰিয়তে প্ৰয়োজনীয় সবিশেষ ব্যৱস্থা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে । ভাণ্ডাৰকাৰৰ মতে প্ৰায় ৬৬ জন ব্যক্তিক পৰীক্ষা কৰা হৈছিল, ইয়াৰে প্ৰায় ৬০ জন ব্যক্তিক অস্ত্ৰোপচাৰৰ বাবে উপযুক্ত বুলি ধৰা হৈছিল । প্ৰথম পৰ্যায়ত ৩০ টা অস্ত্ৰোপচাৰ কৰা হ’ব, তাৰ পিছত দ্বিতীয় পৰ্যায়ত আৰু ৩০ টা অস্ত্ৰোপচাৰ কৰা হ’ব বুলিও তেওঁ জনায় ।
ভাণ্ডাৰকাৰে লক্ষ্য কৰে যে এই পদ্ধতিটো যথেষ্ট সূক্ষ্ম আৰু জটিল, যিটো কেৱল বিশেষজ্ঞসকলেহে অতি যত্নৰে সম্পন্ন কৰিব পাৰে । মহাৰাষ্ট্ৰৰ ইউৰ’লজিষ্ট ডাঃ সুশীল ৰাথীয়ে কয় যে গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰায়পুৰ, আৰু ছত্তীশগড়ৰ বিশেষজ্ঞ চিকিৎসকে মহাৰাণী চিকিৎসালয়ত ৰিভাৰ্ছ ভেচেক্টমী প্ৰক্ৰিয়াত যোগদান কৰিছে ।
তেওঁ কয়, ‘‘ষ্টেৰিলাইজেচন ৰিভাৰ্ছেল অস্ত্ৰোপচাৰৰ সফলতাৰ হাৰ সাধাৰণতে ৩০ৰ পৰা ৭০ শতাংশৰ ভিতৰত থাকে । ভৱিষ্যতে যিসকল ৰোগীৰ প্ৰয়োজন হ’ব পাৰে তেওঁলোকক অধিক উন্নত চিকিৎসা প্ৰদান কৰা হ’ব ।’’ ৰাথীয়ে কয় যে এই পদক্ষেপ আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু চিকিৎসা বিশেষজ্ঞৰ যৌথ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত ৷ আত্মসমৰ্পণ কৰা নক্সালবাদীসকলৰ পুনৰ্বাসন আৰু মূলসুঁতিত পুনৰ সংযোগৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ ।
আত্মসমৰ্পণ কৰা মাওবাদীৰ জীৱন সলনি হ'ব
মূলসূঁতিলৈ উভতি অহা মাওবাদী শংকৰ পডিয়ামীয়ে কয় যে নক্সাল সংগঠনটোৱে কঠোৰ নিয়মৰ অধীনত কাম কৰিছিল, কিয়নো বন্ধ্যাকৰণৰ পিছতহে বিবাহৰ অনুমতি দিয়া হৈছিল । পোডিয়ামীয়ে কয় যে তেওঁ ২০০৮ চনত নক্সাল সংগঠনত যোগদান কৰাৰ বিপৰীতে তেওঁৰ বিবাহ ২০১৮ চনত হৈছিল । তেওঁৰ আত্মসমৰ্পণ আৰু পুনৰ্বাসনৰ পিছত পডিয়ামীয়ে মহাৰাণী চিকিৎসালয়লৈ আহিছে ষ্টেৰিলাইজেচন ৰিভাৰ্ছেল প্ৰক্ৰিয়াৰ বাবে ।
"এই প্ৰক্ৰিয়াৰ পিছত মই ঘৰলৈ উভতি আহি পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ জীৱন যাপন কৰাৰ ইচ্ছা কৰিছোঁ । মই খেতিৰ কামতো জড়িত হোৱাৰ মনস্থ কৰিছো, যাতে মই মোৰ সন্তানক ভাল শিক্ষা প্ৰদান কৰিব পাৰোঁ । মই আশা কৰিছো যে, শিক্ষাৰ জৰিয়তে মোৰ সন্তানে ডাঙৰ হৈ এজন ভাল শিক্ষক বা চৰকাৰী বিষয়া হ'ব ।"
লগতে পঢ়কঃ
‘নক্সালমুক্ত ভাৰত’লৈ আৰু মাথোঁ দুটা দিন ! সুকমাত মাওবাদী নেতা নিহত

