চিকিৎসক বৃত্তিৰ পৰা আত্মঘাতী সন্ত্ৰাসবাদী হৈছিল ওমৰ মহম্মদ: কৰা হ'ব ডি এন এ পৰীক্ষা
দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকসকল আৰু জব্দ কৰা বিস্ফোৰক সামগ্ৰীয়ে দিছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ ষড়যন্ত্ৰৰ সংকেত ।


Published : November 11, 2025 at 4:26 PM IST
নতুন দিল্লী: সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পাছতে দিল্লী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে বৰ্তমান আন আন এজেন্সীৰ সৈতে আত্মঘাতী আক্ৰমণৰ দিশসমূহৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে । এই বিস্ফোৰণৰ ঘটনাত প্ৰায় ১২ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও বহু কেইজন আঘাতপ্ৰাপ্ত হৈছে । বিস্ফোৰণ সংঘটিত কৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীটো আছিল কাশ্মীৰৰ এগৰাকী চিকিৎসক, যাক এজেন্সীসমূহে ওমৰ মহম্মদ বুলি চিনাক্ত কৰিছে । চোৰাংচোৱা সংস্থাসমূহে জনোৱা অনুসৰি তেওঁৰ সহযোগী জইছ মডিউলক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱাৰ পিছতে ওমৰে ফৰিদাবাদৰ পৰা পলায়ন কৰে ।
বিশেষ সূত্ৰই ই টিভি ভাৰতক জনোৱা অনুসৰি বিস্ফোৰণ ঘটোৱা বাহনখনত থকা ব্যক্তিজনৰ ডি এন এ ওমৰৰ পৰিয়ালৰ সদস্যৰ নমুনাৰ সৈতে পৰীক্ষা কৰা হ'ব, যাৰ জৰিয়তে এইটো নিশ্চিত হ'ব যে সেই বিস্ফোৰণত ব্যৱহৃত i20 বাহনখন তেওঁ চলাই আছিল । চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে জনোৱা অনুসৰি পাকিস্তানস্থিত জইচ-ই-মহম্মদৰ সৈতে ওমৰ জড়িত, আৰু তেওঁলোকে দাবী কৰে যে ওমৰে ভয়তে এই বিস্ফোৰণ সংঘটিত কৰিলে । কিয়নো তেওঁৰ বহু সতীৰ্থ ফৰিদাবাদ, উত্তৰ প্ৰদেশ আৰু কাশ্মীৰত গ্ৰেপ্তাৰ হৈছে ।
এজেন্সী সূত্ৰই জনোৱা অনুসৰি পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনে যোৱা কেইবামাহ ধৰি ভাৰতত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে । কিয়নো যোৱা ৩০ দিনত বহুকেইটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে । ভাৰতৰ কেইবাস্থানতো এনে বিস্ফোৰণ ঘটোৱাৰ এক পৰিকল্পনা আছিল । কিন্তু নিৰাপত্তা সংস্থাসমূহে ফৰিদাবাদৰ সন্ত্ৰাসবাদী ঘাটিসমূহ নিস্ক্ৰিয় কৰাৰ ফলত খুব কম সময়ৰ ভিতৰত এই ঘটনা সংঘটিত কৰে ।
পাঁচটা কাৰকৰ ওপৰত তদন্ত কৰিছে চোৰাংচোৱা সংস্থাই:
- সন্ত্ৰাসবাদী কাৰ্যকলাপ
- সন্ত্ৰাসবাদী ঘাটিৰ সৈতে সম্পৰ্ক
- ধাৰাবাহিক আৰু ডাঙৰ বিস্ফোৰণৰ ষড়যন্ত্ৰ
- ফৰিদাবাদ মডিউল গ্ৰেপ্তাৰৰ পাছত দিল্লী বিস্ফোৰণত হুলস্থূল
- বাহনত জম্মু-কাশ্মীৰৰ মুখ্য আৰোপী ডাঃ ওমৰ মহম্মদৰ উপস্থিতিৰ সম্ভাৱনা
ই টিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি প্ৰসিদ্ধ সুৰক্ষা বিশেষজ্ঞ প্ৰকাশ সিঙে কয়,"প্ৰাৰম্ভিক সাক্ষীৰ ভিত্তিত, এয়া সন্ত্ৰাসবাদী আক্ৰমণ হিচাপেই ভবা হৈছে । ফৰেনছিক তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে সকলো স্পষ্ট হ'ব ।" সিঙে জনোৱা অনুসৰি, বহু বিদেশী সন্ত্ৰাসবাদী সংগঠনে ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱাৰ চেষ্টা চলাই আছে । তেওঁ কয়,"ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ পিছত সন্ত্ৰাসবাদী সংগঠনসমূহে কেইবাটাও সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ জৰিয়তে নিজৰ অস্তিত্ব জাহিৰ কৰাত বিফল হৈছে ।
ব্ৰিগেডিয়েৰ বি কে খান্নাই এই দৃষ্টিকোণৰ প্ৰতি লক্ষ্য ৰাখি কয় যে, যোৱা কেইবা সপ্তাহ ধৰি বিভিন্ন বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ পাছত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা ৰচনা কৰা এক বৃহৎ ষড়যন্ত্ৰৰ সংকেত দিয়ে । খান্নাই কয়, "কালি লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণ তেওঁলোকৰ ষড়যন্ত্ৰসমূহৰ ভিতৰত এটা হ'ব পাৰে ।"
দেওবাৰে গুজৰাট এ টি এছে এটা সন্ত্ৰাসবাদী মডিউলত অভিযান চলাইছিল, য'ত অস্ত্ৰসহ তিনিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ উপৰিও এগৰাকী চিকিৎসক আৰু দুটা অন্য সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰিচিন বিষাক্ত পদাৰ্থৰে ৰচনা কৰা ষড়যন্ত্ৰ পোহৰলৈ আহে ।
দেওবাৰ আৰু সোমবাৰৰ নিশাৰ ভাগত, জম্মু আৰু কাশ্মীৰ আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ এক সংযুক্ত দলে দিল্লীৰ সমীপৰ ফৰিদাবাদৰ এক স্থানত অভিযান চলাই বহু অপৰাধজনিত নথি-পত্ৰ আৰু বৈদ্যুতিক সামগ্ৰী, অস্ত্ৰ আৰু গোলা-বাৰুদ তথা আইডি নিৰ্মাণ কৰা সামগ্ৰী জব্দ কৰিছিল ।
জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত আছিল এটা চীনত নিৰ্মিত পিষ্টল, এটা AK-56 ৰাইফল, ২৯০০ কিঃগ্ৰাঃ আই ই ডি নিৰ্মাণ কৰা সামগ্ৰী । সেই সামগ্ৰীসমূহৰ ভিতৰত আছিল বিস্ফোৰক, ৰাসায়নিক পদাৰ্থ, প্ৰজ্জ্বলক সামগ্ৰী, বৈদ্যুতিক চাৰ্কিট, বেটেৰী, তাঁৰ, ৰিম'ৰ্ট কণ্ট্ৰ'ল টাইমাৰ ইত্যাদি । আৰক্ষীয়ে প্ৰায় সাতগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যিসকলৰ ভিতৰত কাশ্মীৰৰৰ চিকিৎসক ডাঃ মুজাম্মিল আহমেদ গণী আৰু ডাঃ এদিলো আছিল ।
- ৯ অক্টোবৰৰ পৰা ২৮ অক্টোবৰৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী, কাশ্মীৰ আৰু পঞ্জাৱৰ পৰা প্ৰায় ১০ গৰাকী এনে সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়, যিসকলৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে ।
- ১৫ অক্টোবৰত তেওঁলোক পাকিস্তান সীমান্তত অস্ত্ৰ সৰবৰাহ আৰু নিচাযুক্ত পদাৰ্থৰ সৰবৰাহ কৰা এটা নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হয় আৰু তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ।
- ১৭ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে সন্ত্ৰাসবাদৰ সৈতে জড়িত হোৱাৰ সন্দেহত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে ।
- ২৪ অক্টোবৰত দিল্লী আৰক্ষীয়ে দুটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে যি সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰশিক্ষণ লৈ আছিল । বিশেষ সূত্ৰৰ পম খেদি তেওঁলোকক দিল্লীৰ ছাদিক নগৰ আৰু ভূপালৰ পৰা যৌথ অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰে । অভিযুক্তসকল ISIS ৰ সৈতে জড়িত বুলি তদন্তত পোহৰলৈ আহে ।
- ২৮ অক্টোবৰত মহাৰাষ্ট্ৰ এ টি এছে পুনেৰ কৌড়ৱাড়া ক্ষেত্ৰৰ পৰা ৩৩ বছৰীয়া ছফ্টৱেৰ ইঞ্জিনিয়াৰ জুবেৰ হংগৰকৰক পাকিস্তানস্থিত আল-কায়দাৰ সৈতে সম্বন্ধ আৰু যুৱপ্ৰজন্মক সন্ত্ৰাসবাদী হ'বলৈ উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।

