ETV Bharat / bharat

১,২৩২ খন বিমান বাতিল; ইণ্ডিগ'ৰ খামখেয়ালিক লৈ প্ৰশ্ন ডি জি চি এৰ

ডি জি চি এয়ে ইণ্ডিগ'ক বিমান বাতিলৰ সংখ্যা বৃদ্ধি আৰু সময়মতে বিমান সেৱা পৰিচালনা হ্ৰাস পোৱাৰ বিষয়ে ব্যাখ্যা আগবঢ়াবলৈ কয় ।

IndiGo Flight Cancellation
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 1:56 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : চৰম বিশৃংখলতাত ভুগিছে দেশৰ অন্যতম বিমান সেৱা প্ৰদানকাৰী সংস্থা ইণ্ডিগ' । সঘনাই বিমান বাতিলৰ বাবে চৰম দুৰ্ভোগ ভুগিবলগা হৈছে ইয়াৰ যাত্ৰীসকলে । যাৰ ফলত বিমান সংস্থাটোৰ কৰ্মদক্ষতাৰ ওপৰতো প্ৰশ্ন উঠিছে ।

বিগত কিছুদিনত ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ বিমান বাতিল আৰু সময়মতে বিমান সেৱা পৰিচালনা (on-time performance, OTP) সন্দৰ্ভত বুধবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (Directorate General of Civil Aviation, DGCA) এক বিশদ বিৱৰণ প্ৰকাশ কৰিছে ।

বিমান নিয়ন্ত্ৰক সংস্থাটোৱে নিশ্চিত কৰিছে যে তেওঁলোকে পৰিস্থিতিৰ তদন্ত কৰি আছে আৰু এই সন্দৰ্ভত সুনিৰ্দিষ্ট প্ৰশমন ব্যৱস্থাৰ লগতে সম্পূৰ্ণ ব্যাখ্যা দাখিল কৰিবলৈ বিমান সংস্থাটোক চমন জাৰি কৰিছে ।

ইণ্ডিগ’ৱে দাখিল কৰা তথ্য অনুসৰি, নৱেম্বৰৰ সময়ছোৱাত বিমান সংস্থাটোৱে ১,২৩২ খন বিমান বাতিল কৰে । ইয়াৰে ৭৫৫ টা বাতিলৰ কাৰণ ক্ৰু আৰু ফ্লাইট ডিউটি ​​টাইম লিমিটেচনৰ (Flight Duty Time Limitations, FDTL) বাধা, ৯২ টা এ টি চি (Air Traffic Controll, ATC) ব্যৱস্থা বিকল, ২৫৮ টা বিমানবন্দৰ আৰু আকাশমাৰ্গৰ নিষেধাজ্ঞা আৰু ১২৭ টা অন্যান্য কাৰকৰ বাবে হয় ।

ডি জি চি এয়ে পৰ্যবেক্ষণ কৰে যে এই বিঘিনিৰ এটা উল্লেখযোগ্য অংশ 'অপাৰেটৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰ' হোৱা বাধাৰ পৰাই উদ্ভৱ হৈছে, য’ত এ টি চি সম্পৰ্কীয় বিলম্ব আৰু মূল বিমানবন্দৰসমূহত ক্ষমতাৰ নিষেধাজ্ঞাও অন্তৰ্ভুক্ত আছে ।

আনহাতে, ইণ্ডিগ’ৰ সময়ানুৱৰ্তিতাৰ অভিলেখত ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে । অক্টোবৰ মাহত বিমান সংস্থাটোৰ অ’ টি পি ৮৪.১%ৰ পৰা নৱেম্বৰ মাহত ৬৭.৭০%লৈ হ্ৰাস পোৱাটো মাহৰ পিছত মাহ ধৰি ইয়াৰ অন্যতম হ্ৰাস হিচাপে পৰিলক্ষিত হৈছে । মুঠ বিলম্বৰ ১৬% এ টি চি সম্পৰ্কীয়, তাৰ পিছত ক্ৰুৰ কাৰ্যকলাপৰ বাবে ৬%, বিমানবন্দৰৰ সুবিধাৰ সমস্যাৰ বাবে ৩% আৰু অন্যান্য বিভিন্ন কাৰণত ৮% বিলম্ব ঘটিছে ।

বিমান নিয়ন্ত্ৰক সংস্থাটোৱে কয় যে তেওঁলোকে সংশোধিত এফ ডি টি এলৰ নীতি-নিয়ম ৰূপায়ণ সুশৃংখলিত কৰিবলৈ ইণ্ডিগ’ক 'অতিৰিক্ত স্পষ্টীকৰণ' জাৰি কৰিছে । এই নিয়ম তেতিয়া আৰু অধিক ভালকৈ দৃষ্টিগোচৰ হয়, যেতিয়া বিমান সংস্থাটোৱে ক্লান্তি-ব্যৱস্থাপনাসমূহ মানি চলিবলৈ ক্ৰুৰ সময়সূচী সালসলনি কৰে । ডি জি চি এয়ে নিশ্চিত কৰিছে যে তেওঁলোকে বিমান সংস্থাটোৰ সৈতে বাতিল হ্ৰাস আৰু সময়ানুৱৰ্তিতাৰ মাত্ৰা উন্নত কৰাৰ বাবে অতিৰিক্ত ব্যৱস্থাৰ মূল্যায়ন কৰি আছে ।

ইফালে ইণ্ডিগ’ৱে এক বিশদ বিবৃতিত বিগত দুদিনত নেটৱৰ্কৰ ব্যাপক বিঘিনি স্বীকাৰ কৰি যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে । বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰই কয়, “প্ৰযুক্তিৰ সৰু-সুৰা ত্ৰুটি, শীতকালৰ লগত জড়িত সময়সূচীৰ পৰিৱৰ্তন, প্ৰতিকূল বতৰ, বিমান ব্যৱস্থাত বৃদ্ধি পোৱা যান-জঁট আৰু সংশোধিত এফ ডি টি এল নিয়ম কাৰ্যকৰী কৰাকে ধৰি বহুতো অভাৱনীয় কাৰ্যকৰী প্ৰত্যাহ্বানে আমাৰ পৰিচালনাত এনেদৰে নেতিবাচক জটিল প্ৰভাৱ পেলাইছে, যিটো আশা কৰিব পৰা নাছিলোঁ ।”

আনহাতে, বিমান সেৱা সুস্থিৰ কৰিবলৈ কেৰিয়াৰে মানাংকিত সময়সূচী সালসলনি আৰম্ভ কৰিছে, যিটো আগন্তিক ৪৮ ঘণ্টালৈকে বৰ্তী থাকিব বুলি আশা কৰা হৈছে । ই সময়ানুৱৰ্তিতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব আৰু অবাঞ্চিত বিলম্ব হ্ৰাস কৰিব বুলি কয় ।

ইণ্ডিগ’ৱে লগতে কয় যে দলসমূহে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰিবলৈ ২৪ ঘণ্টাই কাম কৰি আছে । য’ত প্ৰযোজ্য হয় তাত বিকল্প ভ্ৰমণ বা ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে ।

ডি জি চি এয়ে যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে চৰকাৰী চেনেলৰ জৰিয়তে বিমানৰ স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে ইণ্ডিগ’ৱে যাত্ৰীসকলক নিজৰ ৱেবছাইটত প্ৰকৃত সময় আপডেট পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে । বিমান সংস্থাটোৱে কয়, "আমি দেখা দিয়া অসুবিধাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু বিঘিনি কম কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ ।"

উল্লেখ্য যে এই সন্দৰ্ভত বিমান নিয়ন্ত্ৰকৰ তদন্ত অব্যাহত আছে । ইণ্ডিগ’ৱে ডি জি চি এৰ মুখ্য কাৰ্যালয়ক এই ব্যাঘাতৰ আঁৰৰ কাৰকসমূহ আৰু অধিক বাতিল ৰোধ কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল
লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব পুটিন, প্ৰধানমন্ত্ৰীৰে কৰিব নৈশ ভোজন