আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১৫ কিল’মিটাৰৰ ভিতৰত সকলো অবৈধ নিৰ্মাণকাৰ্য ধ্বংস কৰক : গৃহমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ
দেশৰ সীমান্তত অবৈধভাৱে কৰা যিকোনো নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ আহ্বান দেশৰ গৃহমন্ত্ৰীৰ ৷

By PTI
Published : May 27, 2026 at 11:45 PM IST
নতুন দিল্লী: আন্তঃৰাষ্ট্ৰীয় সীমা সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মন্ত্ৰী শ্বাহে এইক্ষেত্ৰত ভাৰত চৰকাৰৰ কঠোৰ স্থিতিক সোঁৱৰাই সীমান্তত থকা অবৈধ নিৰ্মাণকাৰ্য সমূহ ধ্বংস কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷
গৃহমন্ত্ৰী শ্বাহে দেশৰ সীমান্তৰ ১৫ কিলোমিটাৰৰ ভিতৰত অবৈধভাৱে কৰা যিকোনো নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি তেওঁ কঠোৰভাৱে এই নীতি মানি চলিবলৈ আহ্বান জনাই দি নিৰ্মাণকাৰ্য সমূহ ধ্বংস কৰিবলৈ প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷
দেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জিলা দণ্ডাধীশসকলক আন এক দায়িত্বও অৰ্পণ কৰিছে ৷ সীমান্তৱৰ্তী অঞ্চলৰ প্ৰতিটো বেংকত ধনৰ লেনদেন সঠিকভাৱে হৈছে নে নাই সেয়া নিশ্চিত কৰা, বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰীক্ষণ, তেওঁলোকৰ পুঁজিৰ উৎস পৰীক্ষা, ভুৱা একাউণ্ট আৰু শ্বেল কোম্পানী ধৰা পেলোৱা, ভুৱা আধাৰকাৰ্ড চিনাক্তকৰণ আৰু সীমা অতিক্ৰমি হৈ থকা চোৰাং ব্যৱসায় নিয়ন্ত্ৰণকে ধৰি মন্ত্ৰালয়ে দণ্ডাধীশসকলক একাধিক দায়িত্ব অৰ্পণ কৰিছে ৷
মঙলবাৰে বিকানেৰত অনুষ্ঠিত নিৰাপত্তা পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি গৃহমন্ত্ৰী শ্বাহে ভাৰত-পাকিস্তান সীমান্তৰ ৰাজস্থানৰ সীমান্তৱৰ্তী জিলাসমূহৰ সৈতে জড়িত নিৰাপত্তাজনিত বিষয়সমূহৰ মূল্যায়ন কৰে ।
এই বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, ৰাজ্যখনৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে পাঁচখনকৈ সীমান্তৱৰ্তী জিলা ক্ৰমে বিকানেৰ, জয়ছালমেৰ, বৰমেৰ, শ্ৰীগংগানগৰ আৰু ফালোডীৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ।
সীমান্তৱৰ্তী জিলাসমূহত সংঘটিত অপৰাধ আৰু ড্ৰাগছৰ ঘাটিৰ আঁৰৰ উৎস, আৰ্হি আৰু নেটৱৰ্কসমূহ ভালদৰে নজৰত ৰাখি স্থায়ী সমাধান প্ৰস্তুত কৰিবলৈও মন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিয়া বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত সদৰী কৰা হৈছে, যাতে এই সমস্যাসমূহৰ পুনৰাবৃত্তি নঘটে । বিশেষকৈ দেশৰ সীমান্তৰ ১৫ কিলোমিটাৰৰ ভিতৰত অবৈধভাৱে কৰা যিকোনো নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি সকলোবোৰ ধ্বংস কৰিবলৈ গৃহমন্ত্ৰীয়ে আহ্বান জনাইছে ।
মন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশ, ড্ৰাগছ সৰবৰাহ, বেদখল, সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য আৰু অন্যান্য সীমা অতিক্ৰম সম্পৰ্কীয় প্ৰতিটো অপৰাধৰ বিৰুদ্ধে সাহসেৰে যুঁজিবলৈ বিএছএফ, চিবিডিটি, এনচিবিকে ধৰি সীমা ব্যৱস্থাপনাৰ এক সমন্বিত পন্থাৰ গুৰুত্বৰ ওপৰত বৈঠকত আলোকপাত কৰে ।
মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, ‘‘সীমান্তৱৰ্তী অঞ্চলৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, বিত্তীয় অপৰাধ ৰোধ কৰা, আন্তঃগাঁথনিগত ব্যৱধান পূৰণ আৰু সীমান্তৰ জনসংখ্যাক সহায় কৰাৰ বাবে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম(ভিভিপি)-II সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।’’
বৈঠকত শ্বাহে সীমান্তৱৰ্তী গাঁৱৰ সকলো চৰকাৰী আঁচনিৰ ১০০ শতাংশ প্ৰসাৰ সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে ৷ লগতে চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ ‘১৯৩০’ কল চেণ্টাৰৰ ফলপ্ৰসূ ব্যৱহাৰৰ আহ্বান জনায় ।
বিবৃতিটোত কোৱা হৈছে, ‘‘এই বিষয়সমূহ পুনৰ পৰ্যালোচনা কৰি দুমাহৰ পিছত পুনৰ মতামত গ্ৰহণ কৰা হ’ব ৷ সেয়েহে জিলাসমূহে ফলাফলমুখী ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগিব ।’’

