ছোনিয়া আৰু ৰাহুলৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু, ইডিয়ে কৰিছিল অভিযোগ
নেশ্যনেল হেৰাল্ডৰ গোচৰত ইডিৰ অভিযোগৰ পিছত ছোনিয়া আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ৷

Published : November 30, 2025 at 12:06 PM IST
|Updated : November 30, 2025 at 12:34 PM IST
নতুন দিল্লী: নেশ্যনেল হেৰাল্ড গোচৰত নতুনকৈ এজাহাৰ দাখিল কৰিছে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই । এজাহাৰত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ নামৰ লগতে আন ছয়টা নামো উল্লেখ কৰা হৈছে । ইডিৰ মুখ্য কাৰ্যালয়ে অৰ্থনৈতিক অপৰাধ শাখাত অভিযোগ দাখিল কৰাৰ পিছতে এই এজাহাৰ দাখিল কৰা হয় ।
এজাহাৰত তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে । ইয়াত অভিযোগ কৰা হৈছে যে তেওঁলোকে দ্য এছ’চিয়েটেড জাৰ্নেল লিমিটেডৰ সম্পত্তি অধিগ্ৰহণৰ সমগ্ৰ ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল । অভিযুক্তসকলৰ ভিতৰত তিনিটা কোম্পানীৰো নাম উল্লেখ কৰা হৈছে, এই নামসমূহ হৈছে এ জে এল, ইয়ং ইণ্ডিয়া লিমিটেড আৰু ড'টেক্স এম পি এল । ড'টেক্সক কলকাতাত পঞ্জীয়নভুক্ত শ্বেল কোম্পানী বুলি বৰ্ণনা কৰা হৈছে, যি ইয়ং ইণ্ডিয়া লিমিটেডক ১ কোটি টকা দিছিল ।
Delhi Police's Economic Offences Wing (EOW) files a new FIR in the National Herald Case. FIR details include six names besides Rahul Gandhi and Sonia Gandhi. The FIR was registered after the ED headquarters filed a complaint with the EOW.
— ANI (@ANI) November 30, 2025
লাভ কৰা তথ্য অনুসৰি যোৱা ৩ অক্টোবৰত ইডিয়ে অভিযোগ দাখিল কৰে । সেই অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু হৈছে । মন কৰিবলগীয়া যে ইতিমধ্যে নেশ্যনেল হেৰাল্ডত পূৰ্বতেও গোচৰ ৰুজু কৰা হৈছিল ।
আচলতে সমগ্ৰ গোচৰটো আৰম্ভ হৈছিল ১৯৩৭-৩৮ চনৰ পৰা । সেই সময়ত দ্য এছ’চিয়েটেড জাৰ্নেল নামৰ এটা কোম্পানী গঠন হৈছিল । কোম্পানীটোৰ অন্যতম বিনিয়োগকাৰী আছিল জৱাহৰলাল নেহৰু । বাকী বিনিয়োগকাৰীসকল কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল । তেওঁলোকৰ সংখ্যা আছিল প্ৰায় পাঁচ হাজাৰ ।
এছ’চিয়েটেড জাৰ্নেলে তিনিখন কাকত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে । নেশ্যনেল হেৰাল্ড, নৱজীৱন, আৰু কৌমী আৱাজ । উৰ্দু ভাষাত কৌমী আৱাজ, ইংৰাজী ভাষাত নেচনেল হেৰাল্ড, হিন্দী ভাষাত নৱজীৱন প্ৰকাশ পাইছিল । কোম্পানীটোৱে কয় যে তিনিওখন বাতৰি কাকত প্ৰকাশ কৰি তেওঁলোক লোকচানৰ সন্মুখীন হৈছিল । সেয়েহে ২০০৮ চনত ইয়াৰ প্ৰকাশ বন্ধ হৈ পৰে । কোম্পানীটোৱে লগতে কয় যে তেওঁলোকৰ ৯০ কোটি টকাৰ ঋণ বাকী আছে ।
এই ঋণ পৰিশোধ কৰিবলৈ দ্য এছ’চিয়েটেড জাৰ্নেলে কংগ্ৰেছ পাৰ্টিৰ পৰা ৯০ কোটি ঋণ লৈছিল । প্রাক্তন সাংসদ সুব্ৰমণিয়াম স্বামীয়ে যুক্তি দিছে যে কোনো ৰাজনৈতিক দলৰ কোনো কোম্পানীক ধন ধাৰে দিয়াৰ অধিকাৰ নাই ৷
২০১০ চনত ইউ পি এ চৰকাৰৰ দিনত এটা নতুন কোম্পানী গঠন হৈছিল । ইয়াৰ নাম আছিল ইয়ং ইণ্ডিয়া লিমিটেড । এই কোম্পানীটোৰ প্ৰধান শ্বেয়াৰহ'ল্ডাৰ আছিল ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী । তেওঁলোকৰ প্ৰত্যেকৰে ৭৬ শতাংশ অংশীদাৰিত্ব আছিল । আন আন শ্বেয়াৰ হ'ল্ডাৰসকলৰ ভিতৰত আছিল মতিলাল ব'ৰা, অস্কাৰ ফাৰ্ণাণ্ডেজ, আৰু সুমন ডুবে ।
সুব্ৰমণিয়াম স্বামীৰ অভিযোগ যে ইয়ং ইণ্ডিয়া লিমিটেডে দ্যা এছ’চিয়েটেড জাৰ্নেলৰ সম্পত্তিৰ দায়িত্ব লয় । তেওঁ লগতে দাবী কৰে যে ১৯৩৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত দ্যা এছ’চিয়েটেড জাৰ্নেলে জমা কৰা সকলো সম্পত্তি ইয়ং ইণ্ডিয়া লিমিটেডে নিজৰ দখললৈ লৈছিল । এইটোও অভিযোগ কৰা হৈছে যে ইয়ং ইণ্ডিয়া লিমিটেডে মাত্ৰ ৫০ লাখ টকাত সমগ্ৰ সম্পত্তিটো ক্ৰয় কৰিছিল । এই বিষয়ত ২০১২ চনত প্ৰথমে স্বামীয়ে অভিযোগ দাখিল কৰিছিল ।

