দিল্লী বিস্ফোৰণ : অপৰাধমূলক ষড়যন্ত্ৰৰ অধীনত নতুন গোচৰ ৰুজু আৰক্ষীৰ
দিল্লী বিস্ফোৰণ সন্দৰ্ভত আন এক গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে । লালকিল্লাৰ সমীপত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

By ANI
Published : November 15, 2025 at 11:15 AM IST
নতুন দিল্লী : আৰক্ষীৰ লগতে তদন্তকাৰী সংস্থাই দিল্লীৰ বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে শনিবাৰে লালকিল্লা বিস্ফোৰণৰ তদন্তত অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰাত নতুনকৈ গোচৰ ৰুজু কৰিছে । ইফালে বিস্ফোৰণৰ পিছত লালকিল্লাৰ চাৰিওফালে নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে । প্ৰৱেশ স্থান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে জম্মু-কাশ্মীৰৰ ৪ গৰাকী চিকিৎসক - ডাঃ মুজাফ্ফৰ আহমদ, ডাঃ আদিল আহমদ ৰাথেৰ, ডাঃ মুজামিল ছাকিল আৰু ডাঃ শ্বাহীন ছাইদৰ ভাৰতীয় চিকিৎসা পঞ্জী/ৰাষ্ট্ৰীয় চিকিৎসা পঞ্জীত পঞ্জীয়ন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছিল বুলি সূত্ৰই জনাইছে ।
এই সিদ্ধান্তৰ বিষয়ে সকলো ৰাজ্যিক চিকিৎসা পৰিষদক অৱগত কৰা হৈছে । এই চাৰিজন চিকিৎসকক অপসাৰণৰ সন্দৰ্ভত সকলো চিকিৎসা পৰিষদলৈ এক নিৰ্দেশ জাৰি কৰা হৈছে, যিটো ১৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে । দিল্লী আৰক্ষীয়ে ইতিমধ্যে দিল্লী বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত ডাঃ আদিল আহমদ ৰাথেৰ, ডাঃ মুজামিল ছাকিল আৰু ডাঃ শ্বাহীন ছাইদক গ্ৰেপ্তাৰ কৰিছে । তেওঁলোকৰ বিৰুদ্ধে পূৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।
বৃহস্পতিবাৰে তদন্তকাৰী সংস্থাই জনোৱা মতে প্ৰায় ৮ জন সন্দেহযুক্ত লোকে ৪ টা স্থানত সমন্বিত বিস্ফোৰণ সংঘটিত কৰাৰ বাবে পৰিকল্পনা কৰিছিল বুলি অভিযোগ উঠিছে । নিৰ্দিষ্ট চহৰক লক্ষ্য কৰি প্ৰত্যেককে নিযুক্তি দিয়া হৈছিল ।
প্ৰাথমিক তদন্তত দেখা গৈছে যে অভিযুক্ত দলবোৰে দুজনকৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল । প্ৰত্যেকেই একেলগে আক্ৰমণৰ বাবে একাধিক আই ই ডি লৈ ফুৰিছিল । দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে যে লালকিল্লাৰ সমীপত বিস্ফোৰণ সংঘটিত কৰা লোকজন ডাঃ ওমৰ উন নবী আছিল ।
কিন্তু আল-ফালাহ বিশ্ববিদ্যালয়ে ডাঃ ওমৰ আৰু ডাঃ মুজাম্মিলৰ পৰা নিজকে আঁতৰাই ৰাখি কয় যে বিশ্ববিদ্যালয়খনৰ অভিযুক্তসকলৰ সৈতে তেওঁলোকৰ চৰকাৰী ক্ষমতাৰ বাহিৰত কোনো সম্পৰ্ক নাই আৰু বিশ্ববিদ্যালয়ৰ চৌহদত কোনো সন্দেহজনক ৰাসায়নিক বা সামগ্ৰী ব্যৱহাৰ বা মজুত কৰা হোৱা নাই ।
নিৰাপত্তা সংস্থাই দিল্লী বিস্ফোৰণ গোচৰৰ অভিযুক্ত ডাঃ ওমৰ আৰু ডাঃ মুজাম্মিলৰ ডায়েৰী উদ্ধাৰ কৰিছে, য'ত ৮ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ তাৰিখবোৰ উল্লেখ কৰা হৈছে । ইয়াৰ পৰা বুজা যায় যে সেই সময়ছোৱাত এনে কাণ্ডৰ পৰিকল্পনা চলি আছিল । সূত্ৰৰ মতে ডায়েৰীখনত প্ৰায় ২৫ জন লোকৰ নাম লিখা আছিল । যাৰ অধিকাংশই জম্মু-কাশ্মীৰ আৰু ফৰিদাবাদৰ ।
লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ নওগাম থানাত বিস্ফোৰণ; নিহত ৯, আহত ২৯

