ETV Bharat / bharat

সমগ্ৰ দিল্লীত 'পুটিনজ্বৰ' ! মানুহতো বাদেই পৰুৱাও নিষিদ্ধ ৰাষ্ট্ৰীয় ৰাজধানীত

ৰাষ্ট্ৰপতি পুটিনৰ দিল্লী ভ্ৰমণৰ পূৰ্বে ঠায়ে ঠায়ে স্নাইপাৰ, SWAT মোতায়েন । চিচি টিভিৰে নিৰীক্ষণ কৰি থকা হৈছে সকলো ।

Prime Minister Narendra Modi and Russian President Vladimir Putin travel in the same car to the venue of their bilateral meeting in Tianjin, China
পুটিনৰ দিল্লী ভ্ৰমণক লৈ কটকটীয়া নিৰাপত্তা (AFP)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 2:58 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : আজি দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । আজি সন্ধিয়া পুটিনে দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব আৰু তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

আৰক্ষীৰ মতে কঠোৰ নিৰাপত্তাজনিত কাৰণত তেওঁ থকাৰ সঠিক স্থান এতিয়াও জানিব পৰা হোৱা নাই । পুটিনৰ আগমনৰ পৰা তেওঁৰ বিদায়লৈকে প্ৰতিটো গতিবিধি অনুসৰণ কৰিব যৌথভাৱে কাম কৰা একাধিক নিৰাপত্তা ইউনিটে ।

এগৰাকী বিষয়াই কয়, "মিনিটৰ পিছত মিনিট সমন্বয় চলি আছে আৰু পুটিনৰ ভ্ৰমণৰ সমগ্ৰ সময়ছোৱাত সৰ্বাধিক সতৰ্কতা বজাই ৰাখিবলৈ সংশ্লিষ্ট সকলো সংস্থাক নিৰ্দেশ দিয়া হৈছে । কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ ৫ হাজাৰৰো অধিক আৰক্ষী নিয়োগ কৰা হ'ব ।" ইফালে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সূচীত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা স্থানসমূহৰ চাৰিওফালে পথৰ নিৰাপত্তা, যাতায়তৰ ব্যৱস্থা আৰু এলেকা চেনিটাইজেচনৰ তদাৰক কৰি আছে ।

আন এগৰাকী বিষয়াই কয়, "ভি ভি আই পিৰ চলাচলৰ বাবে নিৰ্দিষ্ট কৰা সকলো পথ আগতীয়াকৈ সুৰক্ষিত কৰা হৈছে । যাতায়ত কৰা লোকৰ অসুবিধা কম কৰিবলৈ সময়ে সময়ে যাতায়তৰ পৰামৰ্শ জাৰি কৰা হ'ব । এণ্টি ড্ৰোণ ব্যৱস্থা স্থাপন কৰা হ'ব ।"

দিল্লী আৰক্ষী, কেন্দ্ৰীয় সংস্থা আৰু পুটিনৰ ব্যক্তিগত নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে বহুস্তৰীয় নিৰাপত্তা বেষ্টনী গঠন কৰা হৈছে, য'ত স্পেচিয়েল ৱেপনছ এণ্ড টেকটিকছ (SWAT) দল, সন্ত্ৰাসবাদ বিৰোধী ইউনিট, স্নাইপাৰ আৰু কুইক ৰিয়েকশ্যন দল স্পৰ্শকাতৰ স্থানত নিয়োজিত হৈ আছে । ইয়াৰ উপৰিও ভ্ৰমণ কৰিবলগীয়া স্থানসমূহত হাই-ডেফিনিশ্যন চিচিটিভি নেটৱৰ্ক আৰু কাৰিকৰী নিৰীক্ষণ ব্যৱস্থা সক্ৰিয় কৰা হৈছে ।

যান-বাহনৰ নিৰ্দেশনা

কেইবাটাও অঞ্চলত যান-বাহন নিৰ্দেশনা প্ৰযোজ্য হৈ থাকিব আৰু দিল্লী মেট্ৰ'ৰ চলাচলতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে । দিল্লী যান-বাহন আৰক্ষীৰ তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া পুটিন দিল্লীত উপস্থিত হোৱাৰ কথা আছে ।

তেওঁৰ কনভয় পাৰ হোৱা সকলো স্থানতে যান-বাহন নিৰ্দেশনা কাৰ্যকৰী কৰা হ'ব । পালম বিমানবন্দৰৰ পৰা তেওঁ চৰ্দাৰ পেটেল মাৰ্গৰ এখন হোটেললৈ যাব, তাৰ পিছত প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যাব । এই গতিবিধিৰ সময়ত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ, ধৌলা কুয়ান, দিল্লী চাউনী, চৰ্দাৰ পেটেল মাৰ্গ, পঞ্চশীল মাৰ্গ, শান্তি পথ আৰু ওচৰৰ ষ্টেচনত যাতায়ত সাময়িকভাৱে বাধাগ্ৰস্ত হ'ব পাৰে । নিশা তেওঁ প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সম্ভাৱনাও আছে, এই সময়ছোৱাত চৰ্দাৰ পেটেল মাৰ্গ, পঞ্চশীল মাৰ্গ, শান্তি পথ আৰু ইয়াৰ কাষৰীয়া পথসমূহৰ যাতায়ত পুনৰ প্ৰভাৱিত হ'ব ।

শুকুৰবাৰে নতুন দিল্লী আৰু মধ্য দিল্লীৰ বহু স্থানত যাতায়তৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকসকল প্ৰভাৱিত হ'ব পাৰে । কিয়নো দিনটোত যথেষ্ট যানজঁট আৰু যান-বাহন নিৰ্দেশনাৰ সন্মুখীন হ'ব পাৰে । নিৰাপত্তাজনিত কাৰণত কিছুমান মেট্ৰ' ষ্টেচনত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হ'ব পাৰে । শুকুৰবাৰে যান-বাহন চলাচলৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক দিন হ'ব ।

পুৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাজঘাট আৰু হায়দৰাবাদ হাউচ ভ্ৰমণ কৰিব । বিয়লি তেওঁ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত মণ্ডপমত এক অনুষ্ঠানত অংশ ল'ব, তাৰ পিছত সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত নিশাৰ আহাৰ আৰু কেইবাটাও কাৰ্যসূচীত অংশ ল'ব ।

দুপৰীয়া মথুৰা ৰোড, ভাইৰণ ৰোড, ইণ্ডিয়া গেট, মণ্ডি হাউচ আৰু আই টি অ' অঞ্চলৰ আশে-পাশে যাতায়ত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব পুটিন, প্ৰধানমন্ত্ৰীৰে কৰিব নৈশ ভোজন