ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী চহৰ দিল্লী; ৯ জনৰ মৃত্যু, ২০ ৰো অধিক আহত
গৃহমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ৷ হেল্পলাইন নম্বৰ মুকলি ৷ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ ৷

Published : November 10, 2025 at 9:24 PM IST
|Updated : November 11, 2025 at 8:29 AM IST
নতুন দিল্লী: ৰাজধানী দিল্লীত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ ৷ এখন ৰখাই থোৱা বাহনত সংঘটিত বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে ৯ জনকৈ লোকে ৷ শক্তিশালী বিস্ফোৰণটোৰ ফলত কেইবাখনো বাহনত জুই লাগে ৷ এই বিস্ফোৰণত ২০ ৰো অধিক লোক আহত হোৱাৰ আশংকা কৰা হৈছে ৷
ইতিমধ্যে বিস্ফোৰণক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট ৷ ঘটনাস্থলীত সাতখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীয়ে বিস্ফোৰণ হোৱা এলেকাটো ঘেৰি ধৰি সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷
#WATCH | Delhi: Fire tenders, ambulances, and senior police officials at the spot after a call was received regarding an explosion in a car near Gate No. 1 of the Red Fort Metro Station, after which three to four vehicles also caught fire and sustained damage
— ANI (@ANI) November 10, 2025
Multiple casualties… pic.twitter.com/GaWKizw7MN
এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে কেইবামিটাৰ দূৰলৈকে ৰখাই থোৱা বাহনসমূহৰ খিৰিকী পৰ্যন্ত ভাঙি যায় ৷ অঞ্চলটোৰ নিকটৱৰ্তী আৱাসিক এলেকাসমূহৰ পৰাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল ।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, ‘‘লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১নং প্ৰৱেশদ্বাৰৰ সমীপত ৰখাই থোৱা এখন বাহনত সংঘটিত হৈছে এই বিস্ফোৰণ । ইয়াৰ তীব্ৰতা অতি শক্তিশালী আছিল । বহু লোক আহত হোৱাৰ আশংকা কৰা হৈছে ।’’
#WATCH | Delhi: Car parts seen strewn around due to the force of the blast
— ANI (@ANI) November 10, 2025
Multiple casualties have been brought to the LNJP hospital due to the blast near Gate No 1 of Red Fort Metro Station. Several people have been injured in the incident, sources tell ANI pic.twitter.com/UA8KDHqDTN
বিস্ফোৰণটোৰ ফলত এলেকাটোত ৰখাই থোৱা বাহনসমূহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এক আতংকময় পৰিৱেশে বিৰাজ কৰে ৷ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘‘মই গুৰুদ্বাৰত আছিলো, যেতিয়া মই এটা ডাঙৰ শব্দ শুনিছিলো । আমি বুজিব পৰা নাছিলো যে সেইটো কি, বৰ ডাঙৰ আছিল । ওচৰৰ বহু বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল ।’’
এই বিস্ফোৰণত প্ৰায় ১০ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে । আহতসকলক লোকনায়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে । বিস্ফোৰণৰ পিছতে দিল্লীকে ধৰি সমগ্ৰ এন চি আৰত হাই এলাৰ্ট জাৰি কৰা হৈছে ৷
#WATCH | A call was received regarding an explosion in a car near Gate No. 1 of the Red Fort Metro Station, after which three to four vehicles also caught fire and sustained damage. A total of 7 fire tenders have reached the spot. A team from the Delhi Police Special Cell has… pic.twitter.com/Fg7117XPty
— ANI (@ANI) November 10, 2025
হেল্পলাইন নম্বৰ মুকলি
এই বিস্ফোৰণৰ পিছতে চৰকাৰে মুকলি কৰে কেইবাটাও হেল্পলাইন নম্বৰ ৷ সেইকেইটা হৈছে -
- জৰুৰীকালীন অৱস্থাত দিল্লী আৰক্ষীৰ হেল্পলাইন নম্বৰ: ১১২ (২৪ ঘণ্টা মুকলি, নিৰুদ্দেশ হোৱা লোকৰ প্ৰতিবেদন সন্দৰ্ভত তদন্ত কৰা হ’ব)
- দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ: ০১১-২২৯১০০১০ বা ০১১-২২৯১০০১১
- এল এন জে পি হাস্পতাল(য’ত আহতসকলৰ অধিকাংশই ভৰ্তি হৈ আছে): ০১১-২৩২৩৩৪০০, জৰুৰীকালীন নম্বৰ: ০১১-২৩২৩৯২৪৯(ব্যক্তিগতভাৱে বা ফোনযোগে সোধা-পোছা কৰিব পাৰে)
- দিল্লী অগ্নিনিৰ্বাপক সেৱা: ১০১
- এম্বুলেন্স সেৱা: ১০২ বা ১০৮
- এইমছ ট্ৰ’মা চেণ্টাৰ(যদি কাৰোবাক তালৈ স্থানান্তৰ কৰা হৈছে): ০১১-২৬৫৯৪৪০৫
ৰাষ্ট্ৰপতিৰ শোকপ্ৰকাশ
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণত নিহত হোৱা লোকসকলৰ আত্মীয়ৰ প্ৰতি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সমবেদনা জ্ঞাপন কৰে । ‘‘দিল্লীত সংঘটিত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছো’’ - বুলি এক্সত প্ৰকাশিত এটা পোষ্টৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে শোক ব্যক্ত কৰে ৷
I convey my heartfelt condolences to the families and friends of those who lost their lives in the blast that has taken place in Delhi. I pray for quick recovery of those injured.
— President of India (@rashtrapatibhvn) November 10, 2025
প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ, ক’লে - শ্বাহৰ সৈতে কথা পাতিছো
দিল্লীত সংঘটিত বিস্ফোৰণত আপোনজনক হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকপ্ৰকাশ কৰে । এক্সত দিয়া এটা পোষ্টত তেওঁ কয়, ‘‘আঘাতপ্ৰাপ্তসকল সোনকালে সুস্থ হওক । ক্ষতিগ্ৰস্তসকলক প্ৰশাসনে সহায় কৰিছে । গৃহমন্ত্ৰী অমিত শ্বাহ জী আৰু অন্যান্য বিষয়াসকলৰ সৈতে কথা পাতি পৰিস্থিতিৰ পৰ্যালোচনা কৰিছো ।’’
Condolences to those who have lost their loved ones in the blast in Delhi earlier this evening. May the injured recover at the earliest. Those affected are being assisted by authorities. Reviewed the situation with Home Minister Amit Shah Ji and other officials.@AmitShah
— Narendra Modi (@narendramodi) November 10, 2025
ঘন জনবসতিপূৰ্ণ অঞ্চলত বিস্ফোৰণ
উল্লেখ্য যে, লালকিল্লা অঞ্চলটো দিল্লীৰ আটাইতকৈ ব্যস্ত আৰু ঘন জনবসতিপূৰ্ণ অঞ্চল । দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১নং গেটৰ সমীপত ৰখাই থোৱা এখন বাহনত সংঘটিত হৈছে এই বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত ঘটে আৰু সমীপত ৰৈ থকা বহু বাহন জুইত জাহ যায় ৷
লগতে পঢ়ক: বিমান সেৱা লাহে লাহে স্বাভাৱিক হৈছে দিল্লী বিমানবন্দৰত

