২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে মূল্যবৃদ্ধি : এটকা বৃদ্ধিৰে প্ৰতি কেজি চিএনজিৰ নতুন নিৰিখ ৮০ টকা
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে চিএনজিৰ বৰ্ধিত মূল্যও সাধাৰণ জনতাৰ মূৰৰ কামোৰণি হৈ পৰিছে ৷

Published : May 17, 2026 at 1:03 PM IST
নতুন দিল্লী : মূল্যবৃদ্ধিৰ কৰাল গ্ৰাসত সমগ্ৰ দেশ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে ক’ত বঢ়া নাই দাম ? মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ ৷ বিগত ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে হ’ল মূল্যবৃদ্ধি ৷
ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীৰ গেছ বিতৰক সংস্থা ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে দেওবাৰে সমগ্ৰ নেটৱৰ্কতে চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত এক টকাকৈ বৃদ্ধি কৰে ৷ দিল্লী-এনচিআৰ অঞ্চলত কৰা যাতায়াতৰ ওপৰত এই মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিব ৷
VIDEO | Delhi: As CNG prices rise by Rs 1 per kg, the second hike in 48 hours, a consumer at a CNG station in Lodhi Road, says, "Prices are rising too much and they should come down. It is definitely having an impact. Drivers are not getting any benefit from it."
— Press Trust of India (@PTI_News) May 17, 2026
Another… pic.twitter.com/csTRQbuRKg
উল্লেখ্য যে, ৰাজধানী দিল্লীত ১৫ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৩ টকাকৈ বৃদ্ধি হোৱাৰ সময়তে চিএনজিৰ মূল্যও বৃদ্ধি পাইছিল । মাত্ৰ তিনিদিনৰ ভিতৰতে দিল্লীত চিএনজিৰ মূল্য দুবাৰকৈ বৃদ্ধি পালে । ১৫ মে’ত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ২ টকা আৰু দেওবাৰে প্ৰতি কিলোগ্ৰামত ১ টকাকৈ বৃদ্ধি কৰা হৈছে । বৰ্তমান নতুন দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৭৭ টকা আৰু ডিজেলৰ ৯০.৬৭ টকা ৷
এই সংশোধনৰ পিছত দিল্লীত হাজাৰ হাজাৰ অটো আৰু কেবে ব্যৱহাৰ কৰা চিএনজিৰ মূল্যই ৮০.০৯ টকা স্পৰ্শ কৰে ৷ চহৰখনত প্ৰথমবাৰৰ বাবে ৮০ টকাৰ ঊৰ্ধ পায়গৈ এই মূল্যই ৷ সম্প্ৰতি নয়দা আৰু গাজিয়াবাদত চিএনজিৰ মূল্য প্ৰতি কেজিত ৮৮.৭০ টকা । বিগত ১৫ মে’ত আইজিএলে প্ৰতি কেজি চিএনজিৰ মূল্য দুটকাকৈ বৃদ্ধি কৰাত এই মূল্য হৈছিলগৈ ৭৯.০৯ টকা ৷ দেওবাৰে হোৱা এই মূল্যবৃদ্ধিয়ে চিএনজিৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিগত বাহনৰ মালিক, টেক্সিচালক আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰকাৰীৰ পৰিবহণ ব্যয় অধিক পৰিমাণে বৃদ্ধি কৰিব ।
দিল্লী পেট্ৰ’ল ডিলাৰ এছ’চিয়েশ্যনৰ সভাপতি নিশাল সিংহানিয়াই কয়, ‘‘তিনিদিনৰ ভিতৰতে চিএনজিৰ মূল্য দুবাৰকৈ বৃদ্ধি কৰা হৈছে । প্ৰথমে দুটকা বৃদ্ধিৰ পিছত এতিয়া এটকা মূল্য বৃদ্ধি কৰা হৈছে ৷ যাৰ ফলত নতুন দিল্লীত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮০.০৯ টকা হৈছে । একেৰাহে হোৱা মূল্যবৃদ্ধিৰ বাবে দিল্লীত অটো, টেক্সি আৰু বাণিজ্যিক বাহনৰ পৰিচালনা ব্যয় বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে, যিয়ে অনাগত দিনত সাধাৰণ জনতাৰ ভাৰা আৰু অন্যান্য সামগ্ৰীৰ পৰিবহণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷’’
পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা আৰু বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ হৰমুজ জলদ্বীপ বন্ধ হৈ থকাৰ মাজতে ইন্ধনৰ এই মূল্য বৃদ্ধি পায় ৷ বিশ্বব্যাপী তেল আৰু গেছৰ প্ৰায় পঞ্চমাংশই এই সংকীৰ্ণ পথৰ মাজেৰে পৰিবহণ হয় আৰু শেহতীয়াকৈ যোগান ব্যৱস্থাত দেখা দিয়া ব্যাঘাতৰ ফলতে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে ।
ইন্ধনৰ বৰ্ধিত মূল্যক লৈ সৰ্বত্ৰে হোৱা সমালোচনাৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, ‘‘বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পালেও ভাৰতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি সীমিত কৰি ৰাখিবলৈ সক্ষম হৈছে । বহু দেশত ইন্ধনৰ মূল্য ২০ শতাংশৰ পৰা প্ৰায় ১০০ শতাংশলৈকে বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৩.২ শতাংশ আৰু ৩.৪ শতাংশহে বৃদ্ধি পাইছে ।’’
ৰিজিজুৱে লগতে কয় যে খাৰুৱা তেলে প্ৰতি বেৰেলত ১০০ ডলাৰৰ সীমা অতিক্ৰম কৰিছে ৷ এনে সময়ত বিশ্বৰ বজাৰসমূহ অস্থিৰ হৈ পৰাৰ পিছতো ভাৰতৰ ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা গ্ৰাহকক সকাহ দিবলৈকে কেইবাসপ্তাহ ধৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছিল ৷
লগতে পঢ়ক: ৰাজ্যত হ্ৰাস অপৰাধৰ হাৰ : আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং

