ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা সকলো বস্তি খালী কৰিবলৈ ৬ সপ্তাহৰ সময়

দিল্লী উচ্চ ন্যায়ালয়ে ৰেচ ক'ৰ্চ অঞ্চলৰ বস্তিত বাস কৰা লোকসকলক ছসপ্তাহৰ ভিতৰত বিকল্প স্থানলৈ স্থানান্তৰিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

DELHI HIGH COURT ON SLUM DWELLERS
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 3:52 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ ৰেচ ক'ৰ্চ অঞ্চলৰ বস্তিবাসীসকলক ছয় সপ্তাহৰ ভিতৰত উক্ত স্থান খালী কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ । ন্যায়ালয়ে উক্ত অঞ্চলত বস্তিত বাস কৰা লোকসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দিল্লী চৰকাৰে প্ৰদান কৰা স্থানলৈ স্থানান্তৰিত হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ।

মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বাধীন বিচাৰপীঠে এই আদেশ প্ৰদান কৰে । উচ্চ ন্যায়ালয়ে কয় যে ছয় সপ্তাহৰ পিছত উক্ত বস্তি অঞ্চল আৰক্ষীৰ সহযোগত চৰকাৰে খালী কৰিব পাৰিব । উচ্চ ন্যায়ালয়ে লগতে কয় যে বস্তিবাসীক বিকল্প স্থান প্ৰদান কৰাৰ পিছত তেওঁলোকৰ পুনৰ্বাসনৰ অধিকাৰ উলংঘন কৰাৰ কোনো কথা নাহে ।

উল্লেখ্য যে ১২ মে'ত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে এই তিনিটা বস্তি আঁতৰাবলৈ অনুমতি প্ৰদান কৰিছিল । ন্যায়াধীশ পুৰুষেন্দ্ৰ কৌৰৱৰ বিচাৰপীঠে এই বস্তিত বাস কৰা লোকসকলক দুসপ্তাহৰ ভিতৰত উক্ত স্থান খালী কৰিবলৈ নিৰ্দেশ দিছিল । একক বিচাৰপীঠে কৈছিল যে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ এই বস্তি অবৈধ । একক বিচাৰপীঠৰ এই আদেশক খণ্ড বিচাৰপীঠত প্ৰত্যাহ্বান জনোৱা হৈছিল ।

একক বিচাৰপীঠে এই বস্তিত বাস কৰা লোকসকলক প্ৰাথমিক সুবিধাৰ সৈতে সাৱদা ঘেৱৰাত পুনৰ সংস্থাপন কৰিবলৈ নিৰ্দেশ দিছিল । একক বিচাৰপীঠে প্ৰশাসনক এইটোও সুনিশ্চিত কৰিবলৈ কৈছিল, যাতে পুনৰ সংস্থাপনৰ সময়ত বস্তিবাসীসকলৰ ন্যূনতম হানি-বিঘিনি হয় । একক বিচাৰপীঠে কৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ে চিন্তা এক বৈধ কাৰণ, যাৰবাবে এই বস্তিবোৰ খালী কৰিব লাগিব ।

গোচৰটোৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কয় যে এই বস্তিবোৰ সেনাৰ কাৰ্যালয়ৰ একেবাৰে নিকটত অৱস্থিত, যিটো অতি সংবেদনশীল অঞ্চল । কেন্দ্ৰীয় চৰকাৰে বিশ্বজনীন সুৰক্ষা পৰিস্থিতিৰ কথা উল্লেখ কৰি কয় যে এনে স্থানত অবৈধ নিৰ্মাণ থাকিব নোৱাৰে আৰু এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয় ।

কেন্দ্ৰীয় চৰকাৰে কৈছিল যে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ পৰা প্ৰায় ৪৫ কিঃমিঃ দূৰৈত সাৱদা ঘেৱৰাত নিৰ্মাণ কৰা পুনৰ সংস্থাপন কল'নীত সাত শতাধিক প্ৰভাৱিত লোকক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰে ভিতৰত ১৯২ গৰাকীয়ে দিল্লী মহানগৰ আশ্ৰয় সংস্কাৰ বোৰ্ডৰ তৰফৰ পৰা প্ৰদান কৰা আৱণ্টন পত্ৰ স্বীকাৰ কৰিছে । আনহাতে, ১৩৬ গৰাকীয়ে ফ্লেটত ইতিমধ্যে প্ৰৱেশ কৰিছে ।

উল্লেখ্য যে উচ্চ ন্যায়ালয়ত তিনিটা বস্তি ক্ৰমে ভাই ৰাম কেম্প, মছজিদ কেম্প আৰু ডিআইডি কেম্পত বাস কৰা লোকসকলে আবেদন কৰিছিল । এই বস্তিকেইটা দিল্লী ৰেচ ক্লাব আৰু জয়পুৰ প'ল' গ্ৰাউণ্ডৰ ওচৰত অৱস্থিত ।

কেন্দ্ৰীয় আৱাস আৰু নগৰ উন্নয়ন মন্ত্ৰণালয়ে এই বস্তিবাসীসকলক আঁতৰাবলৈ ২৯২৫ চনৰ অক্টোবৰ আৰু ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত জাননী জাৰি কৰিছিল । এই জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালৰ একক বিচাৰপীঠত প্ৰত্যাহ্বান জনোৱা হৈছিল ।

লগতে পঢ়ক :আপোনাৰ এনেকুৱা আচৰণৰ কথা হিমন্ত বিশ্ব শৰ্মাজীক লগাই দিম... ! পৱন খেড়াক ৰিজিজুৰ ধমক
লগতে পঢ়ক :বাংলাদেশৰ পৰিস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ আনিছে অশনি সংকেত !