ETV Bharat / bharat

দিল্লী অগ্নিকাণ্ড: বিগত ৬ বছৰত অগ্নিকাণ্ডজনিত দুৰ্ঘটনাত ৫৪৩ জন লোকৰ প্ৰাণহানি

দিল্লী চৰকাৰৰ তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে অগ্নিকাণ্ডজনিতত দুৰ্ঘটনাত ৫৪৩ জন লোকৰ মৃত্যু হয় ।

Delhi fire
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By PTI

Published : June 6, 2026 at 9:58 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: শেহতীয়াভাৱে দিল্লীত সংঘটিত অগ্নিকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে । বিদেশী নাগৰিকসহ এই অগ্নিকাণ্ডত ২১ জন লোকে প্ৰাণ হেৰুৱাবলগা হয় । আটাইতকৈ মৰ্মান্তিক ঘটনাটো হৈছে যে এই অগ্নিকাণ্ডত একেটা পৰিয়ালৰে ৮ জনকৈ সদস্যৰ মৃত্যুৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে । দিল্লীৰ এই অগ্নিকাণ্ডৰ পিছত সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উঠিবলৈ আৰম্ভ কৰিছে । কিন্তু দিল্লীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা বা অগ্নিকাণ্ডত ইমানসংখ্যক লোক নিহতৰ ঘটনা এইটোৱে প্ৰথম নহয় । দিল্লীৰ মালব্য নগৰৰ হোটেলত সংঘটিত এই অগ্নিকাণ্ডৰ পিছত প্ৰকাশ পাইছে দিল্লীত বিগত ছয় বছৰত অগ্নিকাণ্ডত নিহতৰ সংখ্যাৰ ওপৰত এক প্ৰতিবেদন ।

মালব্য নগৰৰ হোটেলৰ শোকাৱহ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত দিল্লীত অগ্নিকাণ্ডৰ সুৰক্ষাৰ ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ মাজতে চৰকাৰী পৰিসংখ্যাই প্ৰকাশ কৰিছে যে বিগত ছবছৰত দেশৰ ৰাজধানীত অগ্নিকাণ্ডজনিত দুৰ্ঘটনাত ৫৪৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।

দক্ষিণ দিল্লীৰ মালব্য নগৰৰ এটা সৰু উপপথত অৱস্থিত 'ফ্ল’ৰিছ ষ্টেইজ বি এণ্ড বি'ত (Flourish Stays B&B) বুধবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মূলতঃ বিদেশী লোকৰ সৈতে ২১ জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আন ২৫ জন লোক আহত হয় ।

আনহাতে, শেহতীয়াকৈ বিবেক বিহাৰ আৰু পালাম অঞ্চলত সংঘটিত অগ্নিকাণ্ডতো ৯ জনকৈ লোক নিহত হৈছে ।

দিল্লী চৰকাৰৰ তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে অগ্নিকাণ্ডজনিতত দুৰ্ঘটনাত ৫৪৩ জন লোকৰ মৃত্যু হয় ।

কেৱল ২০২৬ চনৰ প্ৰথমাৰ্ধতে অগ্নিকাণ্ডৰ ফলত ৬৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে দিল্লী অগ্নিনিৰ্বাপক বাহিনীলৈ (Delhi Fire Services, DFS) অহা ফোনকলৰ সংখ্যাও তীব্ৰভাৱে বৃদ্ধি পোৱাটোৱে এইটো প্ৰমাণ কৰে যে বিগত কিছু বছৰত অগ্নিকাণ্ডৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে ।

ডিএফএছৰ তথ্য অনুসৰি, ২০২৫-২৬ চনত মুঠ ৮৪ জন, ২০২৪-২৫ চনত ৯০ জন আৰু ২০২৩-২৪ চনত মুঠ ৭৭ জন লোকৰ অগ্নিকাণ্ডজনিত ঘটনাত মৃত্যু হৈছিল ।

২০২০-২১ চনত এনেধৰণৰ ঘটনাত ৪১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২১-২২ চনত ৫৫ জনৰ মৃত্যু হৈছিল । কিন্তু ২০২২-২৩ চনত এই সংখ্যা পুনৰ বৃদ্ধি পায় আৰু উক্ত বছৰটোত অগ্নিকাণ্ডৰ ঘটনাত মুঠ ৯৫ জন লোকৰ মৃত্যু হয় ।

অগ্নিকাণ্ডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক হৈছে ২০১৯-২০ চনত । উক্ত বছৰটোত ৪৪ জন লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা দিল্লীৰ অন্যতম বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আনাজ মাণ্ডিত । ১৯৯৭ চনত উপহাৰ অগ্নিকাণ্ডৰ ট্ৰেজেডীত ৫৯ জন লোকৰ মৃত্যুৰ পিছত এইটো হৈছে উক্ত সময়ছোৱাত অগ্নিকাণ্ডত সৰ্বাধিক নিহতৰ ঘটনা ।

তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অগ্নিকাণ্ডৰ লগত জড়িত ঘটনাত মুঠ ৪,৪০৩ জন লোক আহত হৈছে ।

ইয়াৰ উপৰি তথ্যাৰ পৰা দেখা গৈছে যে দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিকাণ্ড সম্পৰ্কীয় ঘটনা সন্দৰ্ভত লাভ কৰা জৰুৰীকালীন ফোনসমূহৰ সংখ্যা ২০১৯-২০ চনত ১৭,২৩১ৰ পৰা বিগত বিত্তীয় বৰ্ষত ২০,৩৭৯টালৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :মালব্য নগৰ অগ্নিকাণ্ড: আৰক্ষীৰ জালত হোটেলৰ স্বত্বাধিকাৰী লৱকেশ
লগতে পঢ়ক :পুৱাই ৰাজধানীৰ ৰেস্তোৰাঁত ভয়ংকৰ অগ্নিকাণ্ড: নিহত ২১