এচিড আক্ৰমণৰ ভুৱা গোচৰ: পিতৃৰ পিছতে ভাতৃ-খুৰাকক গ্ৰেপ্তাৰ
২৬ অক্টোবৰত সংঘটিত এক এচিড আক্ৰমণৰ ঘটনাই স্তম্ভিত কৰি তুলিছিল দিল্লীবাসীক ৷ আৰক্ষীৰ তদন্তত এই কাণ্ড ভুৱা বুলি পোহৰলৈ আহে ৷

Published : October 30, 2025 at 4:30 PM IST
নতুন দিল্লী: ৰাজধানী দিল্লীৰ ভাৰত নগৰ আৰক্ষী থানাত ৰুজু হোৱা ভুৱা এচিড আক্ৰমণৰ গোচৰটোৱে নতুন ৰূপ লৈছে । আৰক্ষীৰ তদন্তত এই গোচৰটো সু-পৰিকল্পিত গভীৰ ষড়যন্ত্ৰ বুলি পোহৰলৈ আহে ৷ এই সমগ্ৰ ষড়যন্ত্ৰত জড়িত থকাৰ অপৰাধত যুৱতীগৰাকীৰ খুৰাক আৰু ভাতৃক গ্ৰেপ্তাৰ কৰে ভাৰত নগৰ আৰক্ষীয়ে ।
ইতিমধ্যে ধৰ্ষণৰ অপৰাধত কাৰাবাস খাটি থকা যুৱতীগৰাকীৰ পিতৃক পুনৰ এই অপৰাধত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হ’ব । ৰিমাণ্ডত তেওঁক কাৰাগাৰৰ পৰা উলিয়াই অনা হ’ব ৷
আৰক্ষীয়ে জাপি দিলে এই ধাৰা
আৰক্ষীৰ মতে, মুকুন্দপুৰ অঞ্চলৰ এগৰাকী ২০ বছৰীয়া যুৱতীয়ে ২৬ অক্টোবৰত তেওঁক এচিডেৰে আক্ৰমণ কৰা বুলি দাবী কৰিছিল । এই সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে ৷
Delhi Police have arrested two accused in an acid attack case registered under FIR No. 605/25 at PS Bharat Nagar. The accused have been identified as 42-year-old Wakeel, son of Murad Khan, and another person, son of Akeel Khan—both residents of Mukundpur, Delhi. Police said… pic.twitter.com/SOAxp0mUZn
— IANS (@ians_india) October 29, 2025
ভাৰত নগৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ২৩১, ২১৭, ১২৪(১), আৰু ৬১(২) ধাৰাত গোচৰ ৰুজু কৰা হয় । প্ৰথমাৱস্থাত দিল্লী আৰক্ষীয়ে এই গোচৰটোক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰি তদন্ত আৰম্ভ কৰে । কিন্তু প্ৰমাণসমূহ ভালদৰে পৰীক্ষা কৰাৰ পিছত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহে ।
এচিডৰ সলনি টয়লেট ক্লিনাৰৰ ব্যৱহাৰ
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে যুৱতীগৰাকীৰ ওপৰত কৰা এচিড আক্ৰমণৰ অভিযোগ সম্পূৰ্ণ মনে সজা আছিল । ঘটনাস্থলীৰ পৰা লাভ কৰা প্ৰমাণ, চি চি টিভি ফুটেজ, চিকিৎসাৰ প্ৰতিবেদনত দেখা গৈছে যে এচিড হিচাপে টয়লেট ক্লিনাৰ ব্যৱহাৰ কৰা হৈছিল । সামান্য জ্বলা-পোৰাৰ বাহিৰে আন কোনো গুৰুতৰ আঘাত পোৱা নাই যুৱতীগৰাকীয়ে । আৰক্ষীয়ে যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ আন আন সদস্যসকলক সোধ-পোছ কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
#WATCH | Delhi | Wife of Jitender, who was earlier accused in the alleged acid attack near Laxmi Bai College, said, " ... my husband is innocent, and that girl, her father, and her entire family conspired together and filed a false case... i had filed a complaint against aqeel… pic.twitter.com/tmPil8dOvd
— ANI (@ANI) October 28, 2025
সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড অভিযুক্ত পিতৃ
আৰক্ষীৰ মতে, এই সমগ্ৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড আছিল যুৱতীগৰাকীৰ পিতৃ আকিল খান, যি বৰ্তমান এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ কাৰাবাস খাটি আছে । তেওঁ এই এচিড আক্ৰমণৰ পৰিকল্পনা কৰি ধৰ্ষণৰ গোচৰটোৰ পৰা আৰক্ষী তথা ৰাইজৰ দৃষ্টি বেলেগ দিশে ধাৱমান কৰি সহানুভূতি বুটলিবলৈ চেষ্টা চলাইছিল ৷
উত্তৰ-পশ্চিম আৰক্ষীৰ ডি চি পি ভীষ্ম সিঙে কয়, ‘‘এই অভিযোগ ভুৱা ৷ সুপৰিকল্পিতভাৱে এই ষড়যন্ত্ৰ ৰচা হৈছিল । এনেধৰণৰ গোচৰে প্ৰকৃত ভুক্তভোগীৰ যুঁজখন দুৰ্বল কৰি তোলে । আইনৰ অপব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । সম্প্ৰতি যুৱতীগৰাকীৰ খুৰাক আৰু ভাতৃ দুয়োকে ন্যায়িক জিম্মাত ৰখা হৈছে । এই নাটকৰ লগত জড়িত আন লোকসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ৷’’
#WATCH | Delhi | Jitender, who was earlier accused in the alleged acid attack near Laxmi Bai College, said, " ... around 7 pm, while i was on duty, i received a call from my wife that my name was being mentioned in this case... my wife said there was no need to worry, but to come… pic.twitter.com/OjB1gDuHLG
— ANI (@ANI) October 28, 2025
ভাৰত নগৰ আৰক্ষীয়ে এতিয়া এই ষড়যন্ত্ৰত জড়িত যুৱতীগৰাকীৰ খুৰাক বকিল খান আৰু ভাতৃক গ্ৰেপ্তাৰ কৰিছে । এই কাণ্ডত জড়িত পিতৃ আকিল খানক কাৰাগাৰৰ পৰা ৰিমাণ্ডত লৈ আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে । আৰক্ষীয়ে তেওঁৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত বিষয়টো সমাধান কৰাৰ বাবে চেষ্টা চলাব ৷
এচিড আক্ৰমণৰ সম্পূৰ্ণ কাহিনী কি ?
- ভুৱা এচিড আক্ৰমণৰ গোচৰ ৰুজু: আৰক্ষী
আৰক্ষীয়ে জনোৱা মতে, প্ৰাথমিক তদন্তত দেখা গৈছে যে যুৱতীগৰাকীৰ ওপৰত কোনো ধৰণৰ এচিড নিক্ষেপ কৰা হোৱা নাছিল ৷ বৰং অভিযুক্তৰ কন্যাই ঘৰত থকা টয়লেট ক্লিনাৰ লৈ নিজৰ হাতত ঢালি দিছিল ৷ তাৰ পিছত এচিড আক্ৰমণৰ ভুৱা গোচৰ ৰুজু কৰিবলৈ কাষ চাপিছিল আৰক্ষীৰ ৷
দিল্লী আৰক্ষীয়ে লগতে কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে অহৰহ জেৰা চলাই থকা হৈছে ৷ তদুপৰি সকলো তথ্য পৰীক্ষা কৰা হৈছে । ইয়াৰ পূৰ্বে যুৱতীগৰাকীৰ পিতৃকো আটক কৰা হৈছিল ৷
- যুৱতীগৰাকীয়ে কৈছিল এচিড আক্ৰমণৰ কাহিনী
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, ২৬ অক্টোবৰত মুক্ত বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক দীপচান্দ বন্ধু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁৰ হাতত আছিল জ্বলা-পোৰাৰ দাগ ৷ তেওঁঁ আৰক্ষীক জনোৱা মতে, অতিৰিক্ত ক্লাছৰ বাবে মহাবিদ্যালয়লৈ যোৱাৰ সময়ত যুৱতীগৰাকীৰ দুজন বন্ধুৰ সৈতে অহা এজন পৰিচিত লোকে এচিড ঢালি যুৱতীগৰাকীক আক্ৰমণ কৰিছিল । যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি এজন চিনাকি লোকে বিগত কিছুদিন ধৰি তেওঁক অনুসৰণ কৰি আছিল আৰু এমাহ পূৰ্বে দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল ৷
- যুৱতীগৰাকীৰ বক্তব্যত অসামঞ্জস্যতা দেখা গ’ল : আৰক্ষী
ঘটনাৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ ১২৪(১)/৩(৫) ধাৰাত ৰুজু কৰা হয় গোচৰ ৷ ফৰেনছিকৰ এটা দলে তাৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ অৱশ্যে তদন্তৰ সময়ত আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্যত কেইবাটাও বিসংগতি ধৰা পেলায় ৷
Delhi: On the acid attack case, Special CP, Law & Order (Delhi Police), Ravinder Singh Yadav says, " what makes me the happiest is that we have succeeded in delivering justice to an innocent man. the person who was accused was completely innocent. we had immediately registered… pic.twitter.com/7rCU4ABB82
— IANS (@ians_india) October 28, 2025
- স্থান আৰু প্ৰমাণে তদন্তত দিলে নতুন টুইষ্ট; বাইক বা চি চি টিভিৰ ফুটেজ বিচাৰি উলিওৱাত ব্যৰ্থ আৰক্ষী
আৰক্ষীয়ে লগতে জনোৱা মতে, কল ডিটেইল ৰেকৰ্ড, চি চি টিভি ফুটেজ আৰু সাক্ষীৰ বক্তব্যৰ পৰা জানিব পাৰে যে যুৱতীগৰাকীয়ে যাৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছিল, ঘটনা সংঘটিত হোৱাৰ সময়ত সেই ব্যক্তিজন আছিল কৰোলবাগত ৷ এই আক্ৰমণত ব্যৱহাৰ কৰা বুলি যুৱতীগৰাকীয়ে দাবী কৰা মটৰ চাইকেলখনো তাতেই উদ্ধাৰ হয় ।
তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিলে যে দুদিন পূৰ্বে যুৱতীৰ পিতৃৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ
ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে এগৰাকী মহিলাই ভুক্তভোগীৰ পিতৃৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ য’ত ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁৰ কাৰখানাত চাকৰি কৰাৰ সময়তে ব্যক্তিজনৰ বিৰুদ্ধে উত্থাপিত হৈছিল যৌন নিৰ্যাতন আৰু ব্লেকমেইলিঙৰ অভিযোগ ৷ এই সন্দৰ্ভত ভালছোৱা ডেইৰী থানাত ৰুজু কৰা হৈছিল গোচৰ ।
- ভাতৃৰ সৈতে স্কুটীৰে ওলাই গৈ আদবাটতে এৰে সংগ
আৰক্ষীয়ে চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি দেখে যে এখন স্কুটীৰে ভাতৃৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী ৷ ভাতৃয়ে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত নমাই দিয়াৰ সলনি আদবাটতে যুৱতীগৰাকীক অকলে এৰি যায় ৷ বাকীছোৱা পথ যুৱতীগৰাকীয়ে ই-ৰিক্সাৰে যায় ৷
ইয়াৰ আঁৰৰ উদ্দেশ্যৰ ওপৰতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ মতে, যুৱতীগৰাকীৰ ভাতৃয়ে তদন্তত সহযোগ কৰা নাছিল । ভাতৃ আৰু খুৰাকক গ্ৰেপ্তাৰৰ পিছত নেৰানেপেৰাকৈ চলোৱা হ’ব জেৰা ৷ দিল্লী আৰক্ষীয়ে এই গোচৰৰ সকলো চি চি টিভি ফুটেজ, অন্যান্য তথ্যসমূহ ফৰেনছিক পৰীক্ষাৰ জৰিয়তে ভুৱা বুলি প্ৰতিপন্ন কৰি সমগ্ৰ ঘটনাৰ সত্যাসত্যতা পোহৰলৈ আহে ৷
লগতে পঢ়ক: বুমলা পাছ: বীৰত্ব, ত্যাগ আৰু গৌৰৱৰ কাহিনী

