ETV Bharat / bharat

ৰাজধানীত বিস্ফোৰণ, সকলো দিশৰ পৰা উচিত তদন্তৰ আশ্বাস গৃহমন্ত্ৰীৰ

লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ এই বিস্ফোৰণৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট ৷

EXPLOSION IN CAR DELHI
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ((X @ANI))
author img

By ETV Bharat Assamese Team

Published : November 10, 2025 at 11:45 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণত আহতসকলক সাক্ষাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ দিল্লীৰ লোকনায়ক চিকিৎসালয়ত উপস্থিত হৈ শ্বাহে লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে ৷

চিকিৎসালয়ৰ পৰা পোনে পোনে ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পূৰ্বে অমিত শ্বাহে লোকনায়ক চিকিৎসালয়ত দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গোলচা আৰু চিকিৎসকৰ এটা দলৰ সৈতে বৈঠকত মিলিত হয় ।

সংবাদ মাধ্যমৰ আগত গৃহমন্ত্ৰী শ্বাহে কয় যে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত এই বিস্ফোৰণ সন্দৰ্ভত সকলো দিশৰ পৰা তদন্ত কৰা হ’ব । লোকনায়ক চিকিৎসালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অমিত শ্বাহে কয়, ‘‘আজি সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপত এখন হুণ্ডাই i20 বাহনত বিস্ফোৰণ ঘটে । তিনি-চাৰিখন অন্যান্য বাহনৰ ক্ষতিসাধন হৈছে, লোক আহত হৈছে, আনকি কিছুমানৰ মৃত্যুও ঘটিছে । চিকিৎসালয়ৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত ১১ জন লোকৰ মৃত্যু হৈছে । তাতে আহত একাংশ চিকিৎসাধীন হৈ আছে ।’’

তেওঁ পুনৰ কয়, ‘‘আমি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এক সম্যক তদন্ত আৰম্ভ কৰিছো । বিস্ফোৰণৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীৰ বিশেষ শাখা, অপৰাধ শাখা, এন আই এৰ দল, এছ পি জিৰ দল আৰু এফ এছ এলৰ দল উপস্থিত হৈ ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে ৷ মই আশা কৰিছো আমাৰ সংস্থাসমূহে অতি সোনকালে বিস্ফোৰণৰ কাৰণ নিৰ্ণয় কৰিব ৷ ইতিমধ্যে এফ এছ এলৰ শীৰ্ষ পৰ্যায়ৰ দলটোও বিস্ফোৰণস্থলীত উপস্থিত হৈছে ।’’

‘‘বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে মোক ফোন কৰে । প্ৰাৰম্ভিক তথ্য লোৱাৰ পিছত মই প্ৰধানমন্ত্ৰীকো খবৰ দিলোঁ । মই ইয়াৰ পৰা বিস্ফোৰণস্থলী পৰিদৰ্শন কৰিবলৈ ওলাইছো আৰু কাইলৈ ​​পুৱা গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ এটা দলৰ সৈতে বৈঠকত মিলিত হ'ম’’ - চিকিৎসালয়ৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ৷

এয়া সন্ত্ৰাসবাদী আক্ৰমণ নেকি বুলি সোধাত গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘আমি সকলো দিশ মুকলি কৰি ৰাখিছো আৰু সকলো দিশৰ পৰা তদন্ত কৰি আছো । কি কাৰণত বিস্ফোৰণটো সংঘটিত হৈছে, সেয়া এতিয়াই কোৱাটো অতি কঠিন । বিস্ফোৰণস্থলীৰ পৰা উদ্ধাৰ হোৱা নমুনাসমূহ এফ এছ এল আৰু এন এছ জিয়ে বিশ্লেষণ নকৰালৈকে এই বিষয়ে কোনোধৰণৰ মন্তব্য কৰাটো কঠিন । আমি দৃঢ়তাৰে সকলো দিশৰ তদন্ত কৰিম ।’’

তেওঁ কয় যে বিস্ফোৰণৰ তথ্য লাভ কৰাৰ ১০ মিনিটৰ ভিতৰতে দিল্লী অপৰাধ শাখা আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । এফ এছ এলৰ লগতে এন এছ জি আৰু এন আই এৰ দলসমূহে এতিয়া পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে । ‘‘সমীপৱৰ্তী স্থানৰ সকলো চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । দিল্লী আৰক্ষী আয়ুক্ত আৰু বিশেষ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতেও কথা পাতিছো । ঘটনাস্থলীত উপস্থিত আছে দিল্লী আৰক্ষী আয়ুক্ত আৰু বিশেষ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল’’ - কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় ৷

লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত এখন বাহনত সংঘটিত বিস্ফোৰণটোত এতিয়ালৈকে প্ৰায় ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হৈছে বুলি ঘটনাস্থলীত উপস্থিত তদন্তকাৰী বিষয়াসকলে জনায় ।

প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ দৃশ্য

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এই বৃহৎ বিস্ফোৰণত কেইবাখনো বাহনৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ খিৰিকী, আনকি ওচৰতে থকা মেট্ৰ’ ষ্টেচনটোৰো বিস্তৰ ক্ষতিসাধন হয় ৷ বিস্ফোৰণৰ পিছৰ ভয়ংকৰ মুহূৰ্তবোৰ মনত পেলাই এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘‘প্ৰায় ২০ মিনিট আগতে পৰিস্থিতি বিশ্বাস কৰিব নোৱাৰা ধৰণৰ আছিল । এটা বিশাল বিস্ফোৰণ হৈছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে আকাশখন ক’লা-ৰঙা ধোঁৱাৰে আবৃত হৈ পৰিছিল । সকলোৱে চিঞৰি চিঞৰি প্ৰাণৰক্ষাৰ বাবে দৌৰিছিল ।’’

তেওঁ কয় যে বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে পথৰ যেনিয়ে-তেনিয়ে একাংশ লোকৰ শৰীৰৰ অংগ সিঁচৰতি হৈ পৰে ।

এজন ব্যৱসায়ীয়ে কয়, ‘‘বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে সমগ্ৰ অট্টালিকাটো কঁপি উঠিছিল । মই ইয়ালৈ কিবা কিনিবলৈ আহিছিলোঁ, তেতিয়াই প্ৰচণ্ড জোৰেৰে হোৱা বিস্ফোৰণৰ শব্দ শুনিলোঁ । গোটেই বিপণিখনে জোকাৰি গ’ল । কেইবাজনো লোক আহত হোৱাৰ লগতে আন বহু লোকক ততাতৈয়াকৈ সেই স্থানৰ পৰা উলিয়াই অনা হয় ।’’

আন এজন ব্যক্তিয়ে কয়, ‘‘আমি লাহে লাহে খোজকাঢ়ি আছিলো, যেতিয়া বিস্ফোৰণটো সংঘটিত হয় ৷ খিৰিকীৰ কাঁচবোৰ ছিন্ন-ভিন্ন হৈ পৰে আৰু আমি বজাৰৰ ফালে দৌৰো । তাত বিশাল জনসমাগম আছিল, কোনেও নাজানিছিল কি হৈছে ।’’

হৃদয় বিদাৰক দৃশ্যবোৰ মনত পেলাই আন এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘‘আমি দুজন বা তিনিজন লোকৰ শৰীৰৰ অংগবোৰ ছেদেলি-ভেদেলি হৈ পৰা দেখিলোঁ ।’’

আন এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘‘দৃশ্যটো ভয়ংকৰ আছিল । আমি দেখিলোঁ ছিগি যোৱা হাত, আঙুলি, আনকি গাড়ীৰ ষ্টেয়াৰিং পৰ্যন্ত বহুদূৰলৈ উৰি গৈছে । এই বিস্ফোৰণত ৰাজপথৰ বিক্ৰেতাসকলৰ লগতে টেক্সিচালকসকল আহত হৈছে, ইয়াৰে কিছুমান জীৱিত অৱস্থাত নাথাকে ।’’

লগতে পঢ়ক: ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী চহৰ দিল্লী; দহজনৰ মৃত্যু, ৩০ ৰো অধিক আহত