ETV Bharat / bharat

দিল্লী বিস্ফোৰণৰ পাছত ব্যাপক সতৰ্কতাৰ মাজত চলি আছে বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান

বিহাৰ বিধানসভাৰ লগতে ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাতখন বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে ।

Bihar Assembly Elections Phase 2
দিল্লী বিস্ফোৰণৰ পাছত তীব্ৰ সতৰ্কতাৰ মাজত আছে ভোটদান (ANI)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 9:34 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : দিল্লীৰ লালকিল্লাৰ সমীপত সোমবাৰে সংঘটিত হোৱা ভয়াবহ বিস্ফোৰণৰ পাছত ৰাজ্যসমূহত নিৰাপত্তাৰক্ষীৰ তীব্ৰ সতৰ্কতাৰ মাজতে মঙলবাৰে পুৱাৰে পৰা দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয় । সীমাঞ্চল, মিথিলা, মগধ আৰু পশ্চিম বিহাৰকে ধৰি ২৪৩টা সমষ্টিৰ ১২২টা সমষ্টিত ভোটদান চলি আছে । ১২ জন ৰাজ্যিক মন্ত্ৰীকে ধৰি ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩.৭ কোটিৰো অধিক ভোটাৰে ।

ভোটদান পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় আৰু বিয়লি ৫ বজালৈকে চলিব । অৱশ্যে কিছুমান আসনত ভোটদানৰ সময়সীমা ৬ বজালৈ বৃদ্ধি কৰা হৈছে ৷ মহিলা পৰিচালিত ৫৯৫টা ভোটকেন্দ্ৰ আৰু বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ২১টা কেন্দ্ৰকে ধৰি ৪৫ হাজাৰৰো অধিক বুথত মসৃণ আৰু হেঁচামুক্ত ভোটদান নিশ্চিত কৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

নিৰ্বাচন আয়োগে কেন্দ্ৰীয় বাহিনীৰ ৫০০ৰো অধিক কোম্পানী মোতায়েন কৰি চুবুৰীয়া ৰাজ্য আৰু নেপালৰ সীমান্ত ছীল কৰিছে । সীমা অতিক্ৰম কৰি চলাচল ৰোধ কৰাৰ লগতে শান্তিপূৰ্ণ ভোটদান সুনিশ্চিত কৰাৰ বাবে নিৰাপত্তা কটকটীয়া কৰা হৈছে ।

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত এইবাৰ ৬৫ শতাংশতকৈ অধিক ভোটাৰে অভিলেখ সৃষ্টি হৈছিল । প্ৰথম পৰ্যায়ৰ দৰেই দ্বিতীয় পৰ্যায়ত ক্ৰমে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰ জে ডিৰ তেজস্বী যাদৱৰ নেতৃত্বত শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) আৰু মহাগঠবন্ধন (গ্ৰেণ্ড এলায়েন্স)ৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হৈছে ।

মহিলা ভোটাৰ আৰু সীমাঞ্চল অঞ্চলক এই পৰ্যায়ত নিৰ্ণায়ক কাৰক হিচাপে বিবেচিত হৈছে । আজিৰ ভোটদানৰ ফলাফলে অৱশেষত সিদ্ধান্ত ল’ব কোনে চৰকাৰ গঠন কৰি আগন্তুক পাঁচ বছৰ বিহাৰত শাসন কৰিব । ১৪ নৱেম্বৰত ভোট গণনা কৰা হ’ব ।

ইফালে বিহাৰৰ উপৰিও আজি ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাতখন বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । জম্মু-কাশ্মীৰৰ বুডগাম আৰু নাগ্ৰোটা সমষ্টি, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটশিলা, তেলেংগানাৰ জুবিলী হিলছ, পঞ্জাৱৰ তৰ্ণ তৰণ, মিজোৰামৰ ডাম্পা, ওড়িশাৰ নুৱাপাদা সমষ্টিত অনুষ্ঠিত হৈছে এই উপ-নিৰ্বাচন । শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ৰাজ্যকেইখনত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ।

লগতে পঢ়ক : পলকতে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: ৩.৭ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৩০০ ৰো অধিক প্ৰাৰ্থীৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী চহৰ দিল্লী; ৯ জনৰ মৃত্যু, ২০ ৰো অধিক আহত

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সংখ্যত ৬৫.০৮% ভোটদান