দিল্লী বিস্ফোৰণৰ মালদ্বীপ সংযোগ: ডাঃ পাৰভেজ আনচাৰীয়ে ৩ বছৰ কাম কৰিছিল মালদ্বীপত
২০২১ চনত ভগ্নী ডাঃ শ্বাহীনৰ নিৰ্দেশত ডাঃ পাৰভেজ আনচাৰী লক্ষ্ণৌলৈ উভতি আহিছিল । ইয়াৰ পূৰ্বে তেওঁ মালদ্বীপত চাকৰি কৰিছিল ।

Published : November 15, 2025 at 1:06 PM IST
লক্ষ্ণৌ : দিল্লীৰ লালকিল্লাৰ সমীপৰ মেট্ৰ' ষ্টেচনৰ কাষত সংঘটিত কাৰ বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড ডাঃ শ্বাহীন ছাহিদৰ লক্ষ্ণৌস্থিত বাসগৃহত আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰিছে । এ টি এছ আৰু এন আই এয়ে ডাঃ শ্বাহীন আৰু তেওঁৰ ভাতৃ ডাঃ পাৰভেজ আনচাৰীৰ কুণ্ডলী একত্ৰিত কৰাৰ কামতো লাগি আছে । দুয়োৰে ইলেক্ট্ৰ'নিক ডিভাইচৰ পৰা বহু ৰহস্য উদ্ঘাটন হৈছে ।
এই কথাও প্ৰকাশ পাইছে যে ডাঃ পাৰভেজ ২০২১ চনত লক্ষ্ণৌলৈ আহিছিল । ইয়াৰ পূৰ্বে তেওঁ মালদ্বীপত চাকৰি কৰিছিল । তাত তেওঁ প্ৰায় ৩ বছৰ কাম কৰিছিল । তাৰ পৰাই তেওঁৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সংযোগ ঘটিছিল । ইয়াৰ পিছত ভগ্নীৰ আদেশত তেওঁ লক্ষ্ণৌলৈ উভতি আহিছিল ।
তদন্তকাৰী সংস্থাৰ তথ্যমতে, ডাঃ পাৰভেজে ভগ্নী ডাঃ শ্বাহীনৰ নিৰ্দেশত কাম কৰিছিল । শ্বাহীনৰ আদেশতে তেওঁ জম্মু-কাশ্মীৰলৈ গৈছিল । তাত তেওঁলোক দুয়ো একেলগে ২ মাহ আছিল । তাৰ পৰা উভতি অহাৰ পিছত ডাঃ শ্বাহীনৰ নিৰ্দেশ অনুযায়ীয়ে ডাঃ পাৰভেজে তেওঁৰ বাবে শ্লীপাৰ চেলত কাম কৰিছিল ।

খণ্ডাৰী বজাৰৰ ঘৰৰ কাষৰ চুবুৰীয়াই জনোৱা মতে, ডাঃ পাৰভেজ মালদ্বীপৰ পৰা উভতি অহাৰ পিছত সম্পূৰ্ণ সলনি হৈ গৈছিল । মড়িগাঁৱত তেওঁ পৃথকে ঘৰ বনাই থাকিবলৈ লৈছিল । যদিও ঘৰটো সৰু আছিল, কিন্তু তাত শিশুসকলে কেতিয়াও তাত কাজিয়া-পেচাল কৰা নাছিল । তেওঁলোকৰ মাতো আনকি বাহিৰলৈ অহা নাছিল ।
সুৰক্ষা এজেন্সীৰ মতে, মালদ্বীপত চাকৰি থকাৰ সময়তে তেওঁৰ সম্পৰ্ক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে ঘটিছিল । দেশলৈ ঘূৰি অহাৰ পিছত সন্ত্ৰাসবাদী সংগঠনৰ নিৰ্দেশত তেওঁ কাম কৰিবলৈ লৈছিল । এই কামত তেওঁক সহায় কৰিছিল ভগ্নী ডাঃ শ্বাহীনে । তেওঁ নিজৰ সহযোগিতাতে ডাঃ পাৰভেজক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যোগাযোগ কৰাই দিছিল । সুৰক্ষা এজেন্সীয়ে ডাঃ পাৰভেজৰ পৰা জব্দ কৰা মোবাইল আৰু ইলেক্ট্ৰ'নিক ডাভাইচৰ পৰা ডাটা উলিয়াই মালদ্বীপত তেওঁৰ নেটৱৰ্ক আৰু সংযোগৰ সম্ভেদ বিচাৰি আছে ।
৮ বছৰ পিছত পোহৰলৈ আহিল উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী সংগঠনৰ নেটৱৰ্ক
প্ৰায় ৮ বছৰ পিছত পুনৰবাৰ উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী সংগঠনৰ নেটৱৰ্ক পোহৰলৈ আহিছে । জম্মু-কাশ্মীৰ আৰক্ষীৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ পূৰ্বেই গুজৰাট এ টি এছে উত্তৰ প্ৰদেশত ঘাটি স্থাপন কৰা ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে । এই সন্ত্ৰাসবাদী দুটা ইছলামিক ষ্টেট খুৰাচান মডিউলৰ (আই এছ কে পি) সৈতে জড়িত । এই সন্ত্ৰাসবাদী মডিউলৰ ব্লেক স্পট প্ৰথমৰে পৰাই উত্তৰ প্ৰদেশ আছিল ।
এই মডিউলটোক ২০১৭ চনত উত্তৰ প্ৰদেশ এ টি এছে নিঃশেষ কৰিছিল । কিন্তু দিল্লী গাড়ী বিস্ফোৰণৰ পিছত গুজৰাট এ টি এছে প্ৰকাশ কৰাৰ পিছত সুৰক্ষা এজেন্সীবোৰে পুনৰবাৰ নেটৱৰ্কৰ সন্ধান আৰম্ভ কৰে । নিৰন্তৰ তালাচী চলাই থকা হৈছে । খুৰাচানৰ নতুন মডিউলটোৰ সন্ধান লাভৰ প্ৰচেষ্টা চলি আছে ।
মধ্যপ্ৰদেশ আৰু তেলেংগানা আৰক্ষীৰ তথ্যৰ ভিত্তিত চলিছিল অভিযান
মধ্যপ্ৰদেশ আৰু তেলেংগানা আৰক্ষীৰ তথ্যৰ ওপৰত ভিত্তি কৰি ২০১৭ চনত উত্তৰ প্ৰদেশ এ টি এছে অভিযান আৰম্ভ কৰিছিল । তদন্তত পোহৰলৈ আহে যে লক্ষ্ণৌ, কানপুৰ, ইটাৱা, উন্নাওৰ দৰে স্থানত খুৰাচান মডিউলৰ শ্লীপাৰ চেলে কাম কৰি আছে । আইন-শৃংখলা বিভাগৰ তদানীন্তন এ ডি জি দলজীৎ চৌধুৰীয়ে এই মডিউল পোহৰলৈ আনিছিল ।
লক্ষ্ণৌত ১৪ ঘণ্টা ধৰি চলা সন্ত্ৰাসবাদীৰে সংঘৰ্ষত সন্ত্ৰাসবাদী চৈফুল্লাৰ মৃত্যু হৈছিল
উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ সময়ত ২০১৭ চনৰ ৭ মাৰ্চত এ টি এছে তথ্য লাভ কৰিছিল যে খুৰাচান মডিউলৰ এজন সন্ত্ৰাসবাদীয়ে লক্ষ্ণৌত বাহৰ পাতিছে । কাকোৰী আৰু ঠাকুৰগঞ্জ থানাৰ অধীনস্থ হাজীপুৰ কল'নীত উত্তৰ প্ৰদেশ এ টি এছে এটা ঘৰ ঘেৰাও কৰে । সেই সময়তে ঘৰটোৰ ভিতৰৰ পৰা গুলী চলাবলৈ আৰম্ভ কৰে । প্ৰায় ১৪ ঘণ্টা ধৰি চলা এই সংঘৰ্ষত চৈফুল্লা নামৰ এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয় ।
২০১৭ চনত এ টি এছে ধৰিছিল ১০ সন্ত্ৰাসবাদী
২০১৭ চনত সংঘটিত ভূপাল-উজ্জয়িনী ৰে'ল বিস্ফোৰণত এই মডিউলটোৰ কথা পোহৰলৈ আহিছিল । চৈফুল্লাও উক্ত সংগঠনটোত জড়িত আছিল । এ টি এছে এই ঘটনাত ইটাৱা, কানপুৰ, উন্নাওত অভিযান চলায় । তাত ফৈজান, ইমৰাণ আৰু ফইজলক গ্ৰেপ্তাৰ কৰে । এ টি এছৰ তদানীন্তন আই জি তথা বৰ্তমান উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী অসীম অৰুণে এই গ্ৰুপটোৰ ১০ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল । উত্তৰ প্ৰদেশৰ উপৰি দিল্লী, পঞ্জাব, মহাৰাষ্ট্ৰসহ কেইবাখনো ৰাজ্যত অভিযান চলোৱা হৈছিল ।
গুজৰাট এ টি এছৰ অভিযানৰ পিছত সক্ৰিয় হয় সুৰক্ষা এজেন্সীবোৰ
গুজৰাট এ টি এছে ৮ নৱেম্বৰত উত্তৰ প্ৰদেশসহ কেইবাখনো ৰাজ্যত অভিযান চলায় । এই অভিযানত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ ভিতৰত আছে হায়দৰাবাদৰ চিকিৎসক ডাঃ আহমদ মহিউদ্দিন চৈয়দ মুখ্য অভিযুক্ত আছিল । তেওঁ চীনৰ পৰা এম বি বি এছৰ ডিগ্ৰী গ্ৰহণ কৰিছিল । তেওঁ ৰিচিন (কেষ্টৰৰ গুটিৰ পৰা তৈয়াৰ কৰা ঘাতক বিহ) তৈয়াৰ কৰি আছিল । তেওঁৰ দুই সংগী আজাদ চুলেমান আৰু মহম্মদ চুলেমান উত্তৰ প্ৰদেশৰ বাসিন্দা ।
ড্ৰ'ণৰ জৰিয়তে পাকিস্তানৰ পৰা আহিছিল অস্ত্ৰ-শস্ত্ৰ
চুলেমানে চামোলীত দৰ্জীৰ কাম কৰিছিল আৰু চুহেল লখিমপুৰৰ খেৰীৰ এখন কলেজৰ ছাত্ৰ বুলি উল্লেখ কৰা হৈছিল । এ টি এছে অভিযুক্তৰ পৰা গ্লক পিষ্টল, বেৰেটা (ক্ষুদ্ৰ পিষ্টল), ৩০ টা কাৰ্টিজ আৰু ৪ লিটাৰ কেষ্টৰ তেল উদ্ধাৰ কৰিছিল । চামোলী আৰু লখিমপুৰৰ খেৰীত অভিযুক্ত চুলেমান আৰু চুহেলে ৰাজস্থানৰ হনুমানগড়ৰ পৰা অস্ত্ৰ-শস্ত্ৰ লৈ গুজৰাটত উপস্থিত হৈছিল । এই সকলো অস্ত্ৰ ড্ৰ'ণৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতত নমোৱা হৈছিল ।
পানী-খাদ্যত বিহ মিলাই হত্যাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে
দুজৰাট এ টি এছে দাবী কৰিছে যে অভিযুক্ত আটাইকেইজনে আফগানিস্তানৰ আই এছ আই এছৰ খুৰাতান মডিউলৰ হেণ্ডলাৰ আবু খাদিজাৰ সংস্পৰ্শত আছিল । খাদিজাই পাকিস্তান সীমান্তৰ পৰা ড্ৰ'ণৰ জৰিয়তে ভাৰতলৈ অস্ত্ৰ সৰবৰাহ কৰিছিল । তদন্তত পোহৰলৈ আহে যে অভিযুক্তৰ লক্ষ্যস্থান লক্ষ্ণৌস্থিত আৰ এছ এছ কাৰ্যালয়, দিল্লীৰ আজাদপুৰ মাণ্ডী, আহমেদাবাদৰ জনবহুল অঞ্চলত ৰেইকী কৰিছিল । পানী বা খাদ্যত বিহ মিলাই ব্যাপক মাত্ৰাত হত্যাৰ পৰিকল্পনা কৰিছিল ।

