ETV Bharat / bharat

দিল্লীকাণ্ড: ৰঙা ইক'স্পৰ্ট গাড়ীৰ তদন্তত ব্যস্ত 'নিয়া' আৰু এন এছ জি

ফৰিদাবাদত উদ্ধাৰ হোৱা ৰঙা ৰঙৰ গাড়ীখনত 'নিয়া' আৰু এন এছ জিৰ দলে স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান চলাই আছে ।

Delhi Blast Case
ৰঙা ইক'স্পৰ্ট গাড়ীৰ তদন্তত ব্যস্ত NIA আৰু NSG (ANI (sniffer dog) and ETV Bharat (Red Car))
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 5:02 PM IST

5 Min Read
Choose ETV Bharat

ফৰিদাবাদ/নতুন দিল্লী : ১০ নৱেম্বৰৰ সন্ধিয়া ৬.৫২ বজাত দিল্লীৰ লালকিল্লাৰ সমীপৰ মেট্ৰ' ষ্টেচনৰ ১নং গে'টত এক ভয়ানক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । সেই সময়ত ধীৰ গতিত চলি থকা হুণ্ডাই i20 কাৰখনত এই বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণ ইমানেই প্ৰচণ্ড আছিল যে ওচৰ-পাজৰৰ অট্টালিকাবোৰো কঁপি উঠে । লগতে কেইবাখনে বাহন জ্বলি যায় । এই ঘটনাত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে । আনহাতে, ২০ জনতকৈও অধিক লোক আহত হয় । দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, ডি এন এ পৰীক্ষাৰ অন্তত এইটো প্ৰকাশ পাইছে যে বিস্ফোৰণৰ সময়ত বাহনখনত বহি থকা লোকজন সন্ত্ৰাসবাদী ডাঃ ওমৰ মহম্মদ আছিল ।

ৰঙা ৰঙৰ গাড়ী পাৰ্কিং কৰাজনক গ্ৰেপ্তাৰ

ৰঙা ইক'স্পৰ্ট গাড়ীৰ তদন্তত ব্যস্ত 'নিয়া' আৰু এন এছ জি (ETV Bharat)

ইফালে সংবাদ প্ৰতিষ্ঠান এ এন আয়ে চোৰাংচোৱাৰ উদ্ধৃতিৰে জনাইছে যে ফৰিদাবাদ আৰক্ষীয়ে ফৰিদাবাদৰ খাণ্ডাৱলীত ৰঙা ৰঙৰ ইক'স্পৰ্ট গাড়ীখন পাৰ্কিং কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে । ব্যক্তিজনৰ নাম হৈছে জনৈক ফাহিম আৰু তেওঁ অভিযুক্ত চিকিৎসক ওমৰ উন নবীৰ সম্পৰ্কীয় । ইয়াৰ পূৰ্বে আৰক্ষীয়ে পূৰ্বৰ গাঁওবুঢ়াজনক জিম্মাত লৈছিল । অৱশ্যে তেওঁক সোধা-পোছাৰ পিছত এৰি দিয়া হয় । উল্লেখ্য যে এই গাঁওবুঢ়াজনৰ মাটিতে ৰঙা ৰঙৰ গাড়ীখন পাৰ্কিং কৰি থোৱা আছে ।

ৰঙা ইক'স্পৰ্ট গাড়ীৰ তদন্তত ব্যস্ত 'নিয়া' আৰু এন এছ জি (ETV Bharat)

ফৰিদাবাদত উদ্ধাৰ হোৱা ৰঙা ৰঙৰ গাড়ীক লৈ ৰহস্য

দিল্লী আৰক্ষীৰ অনুসন্ধানত এইটো পোহৰলৈ আহিছিল যে বিস্ফোৰণ সংঘটিত হোৱা হুণ্ডাই i20 গাড়ীখনৰ উপৰি ইয়াৰ সৈতে এখন ৰঙা ৰঙৰ ইক'স্পৰ্ট গাড়ীও জড়িত আছিল । এই তথ্য দিল্লী আৰক্ষীয়ে হাৰিয়ানা আৰক্ষীক প্ৰদান কৰে । দিল্লী আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত হাৰিয়ানাৰ ফৰিদাবাদ আৰক্ষীয়ে DL 10 CK 0458 পঞ্জীয়নৰ ফ'ৰ্ড ইক'স্পৰ্টখন ফৰিদাবাদৰ খাণ্ডাৱলীৰ পৰা উদ্ধাৰ কৰে ।

ফৰিদাবাদৰ খাণ্ডাৱলী গাঁৱৰ পৰা উদ্ধাৰ ৰঙা ৰঙৰ গাড়ীখন

দিল্লী বিস্ফোৰণকাণ্ড গোচৰত বুধবাৰে হাৰিয়ানা আৰক্ষীয়ে ৰঙা ৰঙৰ ইক'স্পৰ্ট গাড়ীখন নিজৰ কব্জাত লয় । এই গাড়ীখন দিল্লী বিস্ফোৰণ গোচৰৰ অন্যতম অভিযুক্ত ডাঃ ওমৰ উন নবীৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে । এই সন্দৰ্ভত আৰক্ষী বিষয়া যশপাল সিঙে কয়, "আমি দিল্লী আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰঙা ৰঙৰ ফ'ৰ্ড ইক'স্পৰ্ট গাড়ীখন খাণ্ডাৱলী গাঁৱত বিচাৰি পাওঁ । ইয়াৰ তদন্ত চলি আছে ।"

স্নিফাৰ ডগৰ সহায়ত তদন্ত

NIA আৰু NSG-সহ দিল্লীৰ কেন্দ্ৰীয় তদন্তকাৰী দল ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে ফৰিদাবাদৰ খাণ্ডাৱলী গাঁৱত উপস্থিত হৈছে । NSG দলে স্নিফাৰ ডগৰ সহায়ত খাণ্ডাৱলী গাঁৱত তদন্ত চলাই আছে । আৰক্ষীয়ে গাড়ীখনত বিস্ফোৰক থকাৰ সন্দেহ কৰিছে । যাৰ বাবে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত গাড়ীখনক লৈ সতৰ্কতা জাৰি কৰা হৈছে । গাঁওবাসীয়ে জনোৱা মতে, গাড়ীখন তাত মঙলবাৰৰ পৰা ৰখাই থোৱা আছিল ।

অভিযুক্তই নগদ ২০ লাখ টকা যোগাৰ কৰিছিল

সংবাদ সংস্থা এ এ আইৰ মতে, দিল্লী লালকিল্লা বিস্ফোৰণৰ অভিযুক্ত ডাঃ মুজাম্মিল, ডাঃ আদিল, ডাঃ ওমৰ আৰু ডাঃ শ্বাহীনে লগ লাগি নগদ প্ৰায় ২০ লাখ টকা যোগাৰ কৰিছিল । সেই টকা ওমৰৰ হাতত অৰ্পণ কৰিছিল । পিছত তেওঁলোকে গুৰুগ্ৰাম, নুহ আৰু ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলৰ পৰা আই আই ডি প্ৰস্তুত কৰিবলৈ ৩ লাখ টকা মূল্যৰ ২০ কুইণ্টলতকৈ অধিক এন পি কে সাৰ ক্ৰয় কৰিছিল । ইয়াৰ মাজতে মুজাম্মিল আৰু ওমৰৰ মাজত টকাক লৈ বিবাদ হয় । ওমৰে ছিগনেল এপৰ জৰিয়তে ২-৪ জন সদস্যৰ এটা গ্ৰুপো বনাইছিল ।

চাৰিটা স্থানত বিস্ফোৰণৰ পৰিকল্পনা আছিল

এ এন আইৰ তথ্য অনুসৰি, প্ৰায় ৮ জন অভিযুক্তই চাৰিটা স্থানত ধাৰাবাহিক বিস্ফোৰণৰ এক পৰিকল্পনা কৰিছিল । পৰিকল্পনা অনুসৰি এই আঠজনৰ দুজন দুজনকৈ এই চাৰিখন চহৰলৈ যোৱাৰ কথা আছিল । প্ৰত্যেকটো গ্ৰুপে নিজৰ লগত যথেষ্ট পৰিমাণৰ আই ই ডি লৈ যোৱাৰো পৰিকল্পনা কৰিছিল ।

ডি এন এ পৰীক্ষাৰ দ্বাৰা ডঃ ওমৰৰ মৃত্যু নিশ্চিতি

ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে, "ডি এন এ পৰীক্ষাৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে লালকিল্লাৰ সমীপত বিস্ফোৰণ সংঘটিত কৰা ব্যক্তিজন ডাঃ ওমৰ উন নবী আছিল । বিস্ফোৰণৰ পিছত তেওঁৰ ভৰি ষ্টিয়েৰিং হুইল আৰু এক্সিলেটৰৰ মাজত আবদ্ধ হৈ পৰিছিল । তেওঁৰ ডি এন এ নমুনা মাতৃৰ সৈতে মিলিছে ।"

লগতে পঢ়ক :দিল্লী বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি, বৰ্তমানো চিনাক্ত কৰিব পৰা দুজনৰ মৃতদেহ
লগতে পঢ়ক :বিস্ফোৰণ হোৱা গাড়ীখন ডাঃ ওমৰ নবীয়ে চলাইছিল; DNA পৰীক্ষাত হৈছে নিশ্চিত