৫ দিনৰ অন্তত খুলি দিয়া হ'ল লালকিল্লা মেট্ৰ' ষ্টেচনৰ আটাইকেইখন গেট
১০ নৱেম্বৰত লালকিল্লা ষ্টেচনৰ সমীপত হোৱা বিস্ফোৰণৰ পিছতে নিৰাপত্তাজনিত কাৰণত বন্ধ কৰি দিয়া হৈছিল গেটকেইখন ।

Published : November 16, 2025 at 12:48 PM IST
নতুন দিল্লী : দিল্লী মেট্ৰ' ৰে'ল নিগমে দেওবাৰে ঘোষণা কৰিছে যে লালকিল্লা মেট্ৰ' ষ্টেচনৰ আটাইকেইখন গেট যাত্ৰীৰ বাবে মুকলি কৰা হৈছে । ১০ নৱেম্বৰত ষ্টেচনৰ সমীপতে হোৱা বিস্ফোৰণৰ ফলত ষ্টেচনটোত প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল । নিৰাপত্তাজনিত কাৰণত ষ্টেচনটোৰ গেট বন্ধ কৰি ৰখা হৈছিল । অৱশ্যে মেট্ৰ' নেটৱৰ্কৰ বাকী অংশ কোনো বিঘিনি নোহোৱাকৈয়ে চলি আছিল । শনিবাৰে ডি এম আৰ চিয়ে প্ৰথমে দুখন গেট খুলি দিছিল ।
লালকিল্লা মেট্ৰ' ষ্টেচনৰ গেট নং ১ৰ ওচৰৰ নেতাজী সুভাষ মাৰ্গৰ ট্ৰেফিক চিগনেলৰ ওচৰতে বগা ৰঙৰ বাহনখনত বিস্ফোৰণ হৈছিল । বিস্ফোৰণটোত প্ৰায় ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছিল ।
পিছত ডি এন এ বিশ্লেষণত ধৰা পৰিছিল যে ডাঃ উমৰ নবী নামেৰে পৰিচিত তথা ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসক বিস্ফোৰণ হোৱা বাহনখন চলাই আহিছিল । বিস্ফোৰণৰ ফলত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় আৰু সমগ্ৰ অঞ্চল ঘেৰাও কৰি ৰখা হয় । কাষৰীয়া বজাৰসমূহতো কটকটীয়া তালাচী চলাই থকা হৈছে ।
হাৰিয়ানাৰ ফৰিদাবাদৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত এমোনিয়াম নাইট্ৰেটকে ধৰি ২৯০০ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰাৰ কিছু ঘণ্টাৰ পিছতে এই আক্ৰমণ সংঘটিত হয় । সূত্ৰৰ মতে বিস্ফোৰক জব্দ কৰাৰ লগতে মডিউলৰ দুজন গুৰুত্বপূৰ্ণ সদস্য ডাঃ মুজাম্মিল ছাকিল আৰু ডাঃ আদিল ৰাথেৰক গ্ৰেপ্তাৰ কৰাৰ পিছত ডাঃ উমৰে আতংকিত হৈ বিস্ফোৰণৰ সূচনা কৰা বুলি অভিযোগ উঠিছে ।
পিছত আৰক্ষীয়ে সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত আল-ফালাহ বিশ্ববিদ্যালয়ৰ আন এজন চিকিৎসক ডাঃ শ্বাহিনক গ্ৰেপ্তাৰ কৰা হয় । দিল্লী বিস্ফোৰণক 'হোৱাইট কলাৰ সন্ত্ৰাসবাদী মডিউল' বুলি অভিহিত কৰা হৈছে, য'ত জম্মু-কাশ্মীৰৰ সৈতে সম্পৰ্ক থকা কেইবাজনো প্ৰশিক্ষিত চিকিৎসক জড়িত হৈ আছে ।
এগৰাকী আৰক্ষী বিষয়াই নিশ্চিত কৰিছে যে বিশেষ কোষ, ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ) আৰু অন্যান্য তদন্তকাৰী দলসমূহে তদন্তৰ অংশ হিচাপে ৪০ টাতকৈও অধিক নমুনা সংগ্ৰহ কৰি ঘটনাস্থলীত একাধিক ৰাউণ্ডৰ পৰীক্ষা সম্পূৰ্ণ কৰিছে ।
লগতে পঢ়ক :দিল্লী বিস্ফোৰণ: আল ফালাহ বিশ্ববিদ্যালয়ৰ দুই চিকিৎসকক আটক

