বিমান সেৱা লাহে লাহে স্বাভাৱিক হৈছে দিল্লী বিমানবন্দৰত
এ এম এছ এছৰ কাৰিকৰী ত্ৰুটি শুধৰণি হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে যাত্ৰীয়ে ।

Published : November 8, 2025 at 3:07 PM IST
নতুন দিল্লী: দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান সেৱা পুনৰ স্বাভাৱিক হ'বলৈ ধৰিছে । শুকুৰবাৰে পুৱাই নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১০০ৰো অধিক বিমান উৰণত বিলম্ব হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল । অৱশ্য়ে অটোমেটিক মেছেজ চুইচিং ছিষ্টেম (এ এম এছ এছ)ৰ কাৰিকৰী ত্ৰুটি ক্ৰমান্বয়ে শুধৰণি হোৱাত বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ।
আই জি আই বিমানবন্দৰে এক বিবৃতিত উল্লেখ কৰে যে এই সমস্যা ক্ৰমান্বয়ে উন্নত হৈছে । ইয়াৰ লগে লগে বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । কালিৰে পৰা বিমানবন্দৰত যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধা হ্ৰাস কৰাৰ বাবে সংশ্লিষ্ট সকলো বিষয়াই অহৰহ কাম কৰি আছে । আনহাতে বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক শেহতীয়া বিমানৰ অৱস্থাৰ বাবে নিজৰ বিমান সংস্থাৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে । বিমানবন্দৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে ।
दिल्ली हवाई अड्डे ने एक परामर्श जारी किया है, " एयर ट्रैफ़िक कंट्रोल की उड़ान योजना प्रक्रिया में सहायक स्वचालित संदेश स्विचिंग सिस्टम (amss) को प्रभावित करने वाली तकनीकी समस्या में धीरे-धीरे सुधार हो रहा है। दिल्ली हवाई अड्डे पर एयरलाइन संचालन सामान्य हो रहा है और सभी संबंधित… pic.twitter.com/BswdI5cKJ0
— ANI_HindiNews (@AHindinews) November 8, 2025
AMSS ব্যৱস্থাৰ অস্থায়ী বিজুতিৰ সমাধান :
ইফালে ইণ্ডিগ’ এয়াৰলাইন্সে এটা পোষ্টত কয, “আমি জনাইছো যে বিমান পৰিবহণ নিয়ন্ত্ৰণত প্ৰভাৱ পেলোৱা এ এম এছ এছ ব্যৱস্থাৰ অস্থায়ী বিচ্ছিন্নতা সমাধান হৈছে । দিল্লী বিমানবন্দৰ আৰু উত্তৰ অঞ্চলৰ অন্যান্য ক্ষতিগ্ৰস্ত বিমানবন্দৰসমূহত ক্ৰমান্বয়ে কাৰ্যকলাপ আগৰ অৱস্থালৈ ঘূৰাই অনা হৈছে ।”
IndiGo tweets, " airport operator and atc teams are working on priority to fully restore systems and stabilise operations. the situation is expected to be normalised over the next few hours. during this period, some departure and arrival timings may continue to be adjusted. our… https://t.co/2h6VE7xLGB pic.twitter.com/qlQ6bZIBVo
— ANI (@ANI) November 8, 2025
বিমান পৰিবহণ ব্যৱস্থাত কাৰিকৰী দোষ :
উল্লেখ্য় যে দিল্লীৰ আই জি আই বিমানবন্দৰৰ বিমান পৰিবহণ ব্যৱস্থাত হোৱা কাৰিকৰী ত্ৰুটিৰ বাবে শুকুৰবাৰে বিমান পৰিবহণ ক্ষতিগ্ৰস্ত হয় । ইয়াৰ ফলত প্ৰায় ২৫০খন বিমান বিলম্ব হয় । উল্লেখ্য় যে ৰাষ্ট্ৰীয় ৰাজধানী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিতৌ ১৫০০ৰো অধিক বিমান সেৱা চলি আছে ।

