ETV Bharat / bharat

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু জল ব’ৰ্ডৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি ৬ জনক গ্ৰেপ্তাৰ

দিল্লী জাল ব’ৰ্ডৰ নলা পৰিশোধন প্লাণ্ট সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ সৈতে জড়িত নিবিদা প্ৰক্ৰিয়াত বৃহৎ পৰিসৰৰ অনিয়ম, নিবিদাৰ চৰ্তত বিসংগতি, অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে ৷

SATYENDRA JAIN ARRESTS
দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন (FILE PHOTO)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 8:00 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লী জল ব’ৰ্ডৰ নলা পৰিশোধন প্লাণ্ট প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়াৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত দুৰ্নীতি বিৰোধী শাখাই দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

দুৰ্নীতি বিৰোধী শাখাৰ যুটীয়া আয়ুক্ত বিক্ৰমজিৎ সিঙে জানিবলৈ দিয়া মতে, এই গোচৰত গ্ৰেপ্তাৰ হোৱা আন অভিযুক্তসকল হৈছে জল ব’ৰ্ডৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া উদিত প্ৰকাশ ৰায়, জল ব’ৰ্ডৰ প্ৰাক্তন ঠিকাভিত্তিক পৰামৰ্শদাতা অংকিত শ্ৰীবাস্তৱ, মেছাৰ্ছ এ এন এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী নগেন্দ্ৰ যাদৱ, মেছাৰ্ছ ইউৰোটেক এনভাইৰনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰাজা কুমাৰ কুৰা, আৰু মেছাৰ্ছ সৃজনহৰৰ স্বত্বাধিকাৰী পংকজ বাৰ্মা ৷

ভিজিলেন্স সঞ্চালকালয়ৰ এজাহাৰৰ ভিত্তিত ২০২৪ চনৰ ১১ মে’ত এই গোচৰ ৰুজু হৈছিল ৷ দিল্লী জাল ব’ৰ্ডৰ নলা পৰিশোধন প্লাণ্ট সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ সৈতে জড়িত নিবিদা প্ৰক্ৰিয়াত বৃহৎ পৰিসৰৰ অনিয়ম, নিবিদাৰ চৰ্তত হেতালি খেলা, অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে ৷

দুৰ্নীতি বিৰোধী শাখা(এচিবি)ৰ মতে, তদন্তত দেখা গৈছে যে নিবিদা প্ৰক্ৰিয়াত এনে কাৰিকৰী নিৰ্দিষ্টতা আৰু চৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে এটা নিৰ্দিষ্ট প্ৰযুক্তি প্ৰদানকাৰী ইউৰোটেক এনভাইৰনমেণ্ট প্ৰাইভেট লিমিটেডৰ অনুকূল ৷ ইয়াৰ ফলত প্ৰতিযোগিতা হ্ৰাস পালে আৰু ব্যক্তিগত কোম্পানীটোক অযথা সুবিধা প্ৰদান কৰা হৈছে ৷

সংস্থাটোৱে অভিযোগ কৰে যে প্ৰস্তাৱিত পাইলট অধ্যয়ন কৰা হোৱা নাছিল ৷ তদুপৰি ব্যৱহাৰ কৰিবলগীয়া প্ৰযুক্তি আৰু মাধ্যমৰ সন্দৰ্ভত কঠোৰ প্ৰয়োজনীয়তা আৰোপ কৰা হৈছিল, আনহাতে পৰিশোধিত পানীৰ বাবে কেইবাটাও প্ৰয়োজনীয় মানদণ্ড নিবিদাৰ পৰা বাদ দিয়া হৈছিল । কাৰিকৰী নিৰ্দিষ্টতাসমূহৰ ইচ্ছাকৃত পৰিৱৰ্তনৰ ফলত চৰকাৰী কোষাগাৰৰ ওপৰত যথেষ্ট আৰ্থিক বোজা পৰিল ।

তদন্তত এই কথাও প্ৰকাশ পাইছে যে নিবিদা প্ৰক্ৰিয়াত হেতালি খেলিবলৈ ব্যক্তিগত ব্যক্তি, চৰকাৰী বিষয়া, মধ্যস্থতাকাৰীৰ মাজত অহৰহ যোগাযোগ চলি আছিল ৷ এচিবিয়ে কয় যে ইলেক্ট্ৰনিক প্ৰমাণৰ বিশ্লেষণে নিবিদাৰ চৰ্ত, সংশোধন আৰু অন্যান্য নথি-পত্ৰৰ বিনিময়ৰ কথা উন্মোচন কৰে, যিবোৰ পিছলৈ দিল্লী জল ব’ৰ্ডৰ নিবিদা জাননীত অন্তৰ্ভুক্ত কৰা হয় ৷

বিত্তীয় বিষয়ৰ তদন্তৰ সময়ত এচিবিয়ে কমিছন আৰু উৎকোচৰ ৰূপত ধনৰ লেনদেনৰ এক বিশাল নেটৱৰ্ক উন্মোচন কৰে ৷

তদন্তত ইউৰোটেকৰ সৈতে জড়িত কোম্পানীসমূহে যাদৱৰ মালিকানাধীন কোম্পানী এটালৈ বৃহৎ পৰিমাণৰ ধন হস্তান্তৰ কৰা বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী লেনদেনত বেংকিং চেনেলৰ জৰিয়তে ৰায় আৰু তেওঁৰ আত্মীয়লৈ ধন হস্তান্তৰ কৰা বুলি অভিযোগ উঠিছে ৷ এচিবিয়ে উল্লেখ কৰিছে যে ৰায়ে এ এন এণ্টাৰপ্ৰাইজৰ জৰিয়তে নিজৰ আৰু তেওঁৰ আত্মীয়ৰ বেংক একাউণ্টত ১.৫২ কোটি টকা (প্ৰায় ১.৫২ বিলিয়ন ডলাৰ) লাভ কৰিছিল আৰু এই ধন ৰিয়েল এষ্টেট ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে ৷

তদন্তকাৰী সংস্থাটোৱে অপৰাধমূলকভাৱে লাভ কৰা এই ধনৰাশিৰ ব্যৱহাৰৰ ওপৰত এক পুংখানুপুংখ তদন্ত চলাই আছে । প্ৰাথমিক তদন্তত উৎকোচৰ ধনেৰে স্থাৱৰ সম্পত্তি ক্ৰয় কৰা বুলি জানিব পৰা গৈছে । ইলেক্ট্ৰনিক প্ৰমাণ, বিত্তীয় লেনদেনৰ নথি-পত্ৰ, গোচৰটোৰ সৈতে জড়িত সাক্ষীৰ বক্তব্যৰ ভিত্তিত বিগত কেইদিনমানৰ পৰা এচিবিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে । পৰ্যাপ্ত প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত মঙলবাৰে সন্ধিয়া সোধা-পোছাৰ অন্তত ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক : যন্তৰ-মন্তৰত মুখ চিনাক্তকৰণ প্ৰযুক্তিৰ কেমেৰা ব্যৱহাৰ কৰাৰ কথা অস্বীকাৰ দিল্লী আৰক্ষীৰ