ETV Bharat / bharat

এঞ্জেল চাকমা হত্য়াকাণ্ডৰ ৬৪৯ পৃষ্ঠাৰ অভিযোগনামা দাখিল

মূল অভিযুক্তজন নেপাললৈ পলায়ন কৰাৰ সন্দেহ । ৰেড কৰ্ণাৰ ন'টিচ জাৰি কৰিবলৈ সাজু আৰক্ষী ।

On December 9, a protest in New Delhi at Jantar Mantar demanding justice for Anjel Chakma
৯ ডিচেম্বৰত অঞ্জেল চাকমাৰ ন্যায়ৰ দাবীত যন্তৰ মন্তৰত নতুন দিল্লীৰ প্ৰতিবাদ (ANI)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 4:55 PM IST

2 Min Read
Choose ETV Bharat

ডেৰাডুন : যোৱা বৰ্ষৰ ৯ ডিচেম্বৰত ডেৰাডুনত স্থানীয় যুৱকৰ এটা দলে এঞ্জেল চাকমা আৰু তেওঁৰ ভাতৃ মাইকেলৰ ওপৰত আক্ৰমণ কৰিছিল ৷ ১৭ দিনৰ পিছত বিগত ২৬ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে এম বি এত অধ্যয়নৰত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেলৰ । এই হত্যাকাণ্ডৰ গোচৰত দুজন নাবালককে ধৰি পাঁচজন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত ৬৪৯ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে ।

উল্লেখ্য় যে ইয়াৰ পূৰ্বে উত্তৰাখণ্ড আৰক্ষীয়ে পলাতক হৈ থকা মূল অভিযুক্তজনৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ ন'টিচ জাৰি কৰিছিল । অপৰাধমূলক তদন্তৰ আগ্ৰহী ব্যক্তিক বিচাৰি উলিওৱা, চিনাক্ত কৰা বা তথ্য আহৰণ কৰিবলৈ ইণ্টাৰপ’লৰ সতৰ্কবাণী দিয়া হৈছিল । এতিয়া মূল অভিযুক্তজন নেপাললৈ পলায়ন কৰিব পাৰে বুলি আশংকা কৰিছে আৰক্ষীয়ে । সেয়েহে এই আশংকাৰ বাবেই আৰক্ষীয়ে এতিয়া ৰেড কৰ্ণাৰ ন'টিচ জাৰি কৰিবলৈ সাজু হৈছে । এই অভিযুক্তক প্ৰত্যাৰ্পণৰ বাকী থকালৈকে ম'ষ্ট ৱান্টেড ব্যক্তিক বিচাৰি উলিয়াই সাময়িকভাৱে গ্ৰেপ্তাৰ ককিবলৈ ইণ্টাৰপ’লৰ অনুৰোধ জনোৱা হৈছে ।

উল্লেখ্য় যে ২০২৫ চনৰ ৯ ডিচেম্বৰত ডেৰাডুনৰ চেলাকুই অঞ্চলৰ এখন সুৰাৰ দোকানৰ বাহিৰত দুটা গোটৰ মাজত বিবাদ সংঘটিত হৈছিল । এই ঘটনাত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমা বৰ্ণবাদী আক্ৰমণৰ সন্দেহত গুৰুতৰভাৱে আহত হয় । চিকিৎসকে আঘাতৰ ভয়াৱহতা নিশ্চিত কৰাৰ পিছত যোৱা ১৪ ডিচেম্বৰত আৰক্ষীয়ে এই সন্দৰ্ভত গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰে।

২৬ ডিচেম্বৰত চিকিৎসাৰ সময়ত এঞ্জেলৰ মৃত্যু হোৱাত চিচি টিভি কেমেৰা স্কেন কৰাৰ পিছত এই ঘটনাত ৬ জন লোক জড়িত থকা বুলি আৰক্ষী নিশ্চিত হয় । ইয়াৰ পিচতেই আৰক্ষীয়ে দুজন নাবালককে ধৰি পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অৱশ্য়ে মূল আক্ৰমণকাৰী যাগ্য ৰাজ এতিয়াও পলাতক অৱস্থাত আছে । মূল অভিযুক্তজন মূলতঃ নেপাল আৰু চুবুৰীয়া দেশখনলৈ পলায়ন কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।

চি অ’ বিকাশনগৰ ভাস্কৰ লালে কয় যে হত্যাকাণ্ডত জড়িত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে যোৱা ৮ ফেব্ৰুৱাৰীত আদালতত ৬৪৯ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে । পলাতক অভিযুক্তৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে । এই গ্ৰেপ্তাৰী পৰোৱানা নেপাল দূতাবাসক দিয়া হৈছে বুলি চি অ’ বিকাশনগৰ ভাস্কৰ লালে কয় ।

লগতে পঢ়ক:ছাত্ৰ এঞ্জেল চাকমাৰ হত্যা: বৰ্ণবৈষম্যক অস্বীকাৰ শীৰ্ষ আৰক্ষী অধীক্ষকৰ

হাতে হাতে মম জ্বলাই এঞ্জেল হত্যাৰ ন্যায় বিচাৰি ডেৰাডুনৰ ৰাজপথত উত্তৰ-পূবৰ শিক্ষাৰ্থী