বৰ্ণবাদী আক্ৰমণৰ বলি হৈ ত্ৰিপুৰাৰ ছাত্ৰই হেৰুৱালে প্ৰাণ, ন্যায়ৰ দাবী একাধিক ছাত্ৰ সংগঠনৰ
২৪ বছৰীয়া এঞ্জেল চাকমাৰ মৃত্যুৰ পিছতে ছাত্ৰ সংগঠনৰ প্ৰতিবাদ ৷ বিপৰীতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

Published : December 28, 2025 at 10:49 PM IST
কিৰণ কান্ত শৰ্মাৰ প্ৰতিবেদন
ডেৰাডুন(উত্তৰাখণ্ড): উত্তৰাখণ্ডৰ ডেৰাডুনত বৰ্ণবাদী আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা ত্ৰিপুৰাৰ এজন ছাত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ ৷ ৰাজপথলৈ ওলাই আহি সংগঠনসমূহে ছাত্ৰগৰাকীক হত্যা কৰা বুলি দাবী তুলি এই হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷
ত্ৰিপুৰাৰ উনাকোটি জিলাৰ নন্দনগৰৰ ২৪ বছৰীয়া এম বি এৰ ছাত্ৰ এঞ্জেল চাকমাৰ গ্রাফিক ইৰা হাস্পতালত বিগত ২৬ ডিচেম্বৰত মৃত্যু ঘটে । বিগত প্ৰায় ১৭ দিনে চিকিৎসাধীন অৱস্থাত আছিল নিহত ছাত্ৰজন ৷ ৯ ডিচেম্বৰৰ নিশা ডেৰাডুনৰ চেলাকি অঞ্চলত ছয়জনীয়া এটা দলে তেওঁৰ ওপৰত আক্ৰমণ চলোৱাত গুৰুতৰভাৱে আহত হৈছিল ।
#WATCH | Agartala, Tripura: President of the Tipra Indigenous Students Federation, Sajra Debbarma says, " what's happening to the northeast is nothing new... the death of angel chakma today—this isn't just angel chakma's death; this is the death of all the people of the… https://t.co/8kDbyMtuxn pic.twitter.com/r5V34zQFMn
— ANI (@ANI) December 27, 2025
ছাত্ৰজনৰ ভাতৃ মাইকেল চাকমাই দাখিল কৰা এজাহাৰ অনুসৰি দুয়োজনে চেলাকিত বজাৰ কৰি থকা অৱস্থাত এদল সুৰাসক্ত যুৱকে তেওঁলোকৰ ওচৰলৈ আহি বৰ্ণবাদী আৰু জাতিবাদী মন্তব্য কৰিবলৈ আৰম্ভ কৰে । যেতিয়া এই কথাত মাইকেলে আপত্তি দৰ্শালে, তেতিয়াই পৰিস্থিতি উত্তপ্ত হৈ পৰিল । অভিযোগ অনুসৰি দলটোৱে তেওঁক আক্ৰমণ কৰাত এঞ্জেলে ভাতৃক সুৰক্ষা দিবলৈ তৎপৰ হৈ পৰে আৰু তেতিয়াই দলটোৰ আক্ৰমণৰ বলি হয় ৷
আনহাতে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পাঁচ-ছয়জনীয়া দলটোৱে এঞ্জেলক ৰড আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । শৰীৰৰ একাধিক স্থানত আঘাতপ্ৰাপ্ত হোৱাত তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ১৭ দিন পিছত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে ছাত্ৰজনে ৷
ঘটনা সন্দৰ্ভত মাইকেল চাকমাৰ অভিযোগৰ ভিত্তিত ১২ ডিচেম্বৰত গোচৰ ৰুজু কৰা হয় । ১৪ ডিচেম্বৰত পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । অৱশ্যে এজন সন্দেহযুক্ত লোক এতিয়াও পলাতক অৱস্থাত থকা বুলি আৰক্ষীয়ে জনায় । পৰৱৰ্তী সময়ত এঞ্জেলৰ মৃত্যুৰ পিছত এই গোচৰৰ সৈতে হত্যাৰ অভিযোগো সংযোজন কৰা হয় ।
নিজৰ দেশতে বৈষম্য
এঞ্জেলৰ মৃত্যুৰ পিছতে ত্ৰিপুৰা, দিল্লী আৰু ডেৰাডুনৰ ছাত্ৰ সংগঠনসমূহে ন্যায় আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে একত্ৰিত হৈ ছ’চিয়েল মিডিয়াত আৰম্ভ কৰে অভিযান ।
দিল্লী চাকমা ছাত্ৰ সন্থাই এক বিবৃতিত কয়, এঞ্জেলক ‘‘মুখৰ অৱয়বৰ গঠনৰ বাবেই বৰ্ণবাদী নিৰ্যাতন চলোৱা হৈছিল আৰু ছয়জনীয়া দলে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল ৷’’

‘‘পাঁচজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু মূল অভিযুক্তজন এতিয়াও পলাতক অৱস্থাত আছে আৰু ধৰা পৰা নাই । এয়া কেৱল এজন ছাত্ৰৰ মৃত্যু নহয়, নিৰাপত্তা আৰু মানৱতাৰ এক গুৰুতৰ ব্যৰ্থতা । উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ যিসকলৰ বাবে সুকীয়া শাৰীৰিক ৰূপ থকাটো ভয়ৰ কাৰণ হ’ব নালাগে, তথাপিও সেয়াই আমাক নিজৰ দেশৰ ভিতৰতে বৈষম্য আৰু হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ শংকাত পেলাইছে’’ বুলি বিবৃতিটোত কোৱা হৈছে ৷
‘‘এই ভয়ংকৰ ঘটনাই আমাক আমাৰ সুৰক্ষা আৰু সমাজত আমাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰাইছে । আমি এটা ন্যায্য, স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছো… আমি সকলো ছাত্ৰ-ছাত্ৰীক একত্ৰিত হৈ শান্তিপূৰ্ণভাৱে মাত মাতিবলৈ আহ্বান জনাইছো । আমি নিশ্চিত কৰিব লাগিব যে এঞ্জেলে ন্যায় পায় আৰু আন কোনো ছাত্ৰই যাতে এনে ঘৃণাৰ সন্মুখীন হ’ব নালাগে’’ - এইদৰেও বিবৃতিটোত কোৱা হৈছে ।
নেশ্যনেল ষ্টুডেণ্টছ অৱ ইণ্ডিয়াই এই অপৰাধক তীব্ৰ গৰিহণা দি পৰিচয়, ৰাজ্য আৰু জাতিৰ ভিত্তিত হোৱা বৈষম্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

‘‘ত্ৰিপুৰাৰ ২৪ বছৰীয়া এম বি এৰ ছাত্ৰ এঞ্জেল চাকমা ডেৰাডুনত পঢ়া-শুনা কৰি আছিল । ভাতৃৰ সৈতে গেলামালৰ বজাৰ কৰি থাকোঁতে তেওঁ বৰ্ণবাদী বৈষম্যৰ বলি হৈছিল । এই কথাৰ প্ৰতিবাদ কৰাৰ লগে লগে তেওঁক দাৰে নিৰ্মমভাৱে আক্ৰমণ কৰা হয় আৰু পিছত আঘাতৰ ফলত তেওঁৰ মৃত্যু ঘটে । তাত কোনো সন্দেহ নাই যে এইটো এটা হত্যাকাণ্ড । এন এছ ইউ আইয়ে এই ঘৃণাজনিত অপৰাধক তীব্ৰ গৰিহণা দিছে আৰু পৰিচয়, ৰাজ্য আৰু জাতিৰ ওপৰত ভিত্তি কৰি হোৱা বৈষম্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে’’ - দেওবাৰে পুৱা এন এছ ইউ আইয়ে এক পোষ্টত এইদৰে কয় ।
Angel Chakma, a 24-year-old MBA student from Tripura, was in Dehradun for his studies. While buying groceries with his brother, he was racially abused. When he objected, he was brutally stabbed and later succumbed to his injuries.
— NSUI (@nsui) December 27, 2025
Make no mistake - this is MURDER.
NSUI strongly… pic.twitter.com/ofZ1xeO9LL
সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ আৰু ন্যায় নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে ।

টিপৰা খিলঞ্জীয়া ছাত্ৰ সন্থাৰ সভাপতি সজৰা দেববৰ্মাই কয় যে এঞ্জেলৰ মৃত্যু উত্তৰ-পূবৰ সকলো ৰাইজৰ মৃত্যু । তেওঁ কয়, ‘‘এয়া অতি গুৰুতৰ বিষয়… আমাৰ ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ সন্থাৰ হৈ আমি সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিছো আৰু দোষীক অতি সোনকালে শাস্তি দিয়া উচিত, কাকো ৰেহাই দিয়া উচিত নহয় । মই ভাৰত চৰকাৰক এই অনুৰোধ কৰিছো ।’’
উত্তৰাখণ্ড আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই এই ঘটনা নিৰীক্ষণ কৰি ৰাজ্যখনৰ ৰাজধানীৰ ছাত্ৰ-ছাত্ৰী সংখ্যা বেছি থকা অঞ্চলসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷
ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগেও এই ঘটনাৰ তদন্তৰ ওপৰত নজৰ ৰাখিছে ৷ আৰক্ষী সঞ্চালকপ্ৰধান আৰু জিলা বিষয়াকে ধৰি উত্তৰাখণ্ডৰ শীৰ্ষ বিষয়াসকললৈ লিখা এখন পত্ৰত আয়োগে গোচৰ পঞ্জীয়নত পলম হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰথমাৱস্থাত হত্যাৰ চেষ্টাকে ধৰি উপযুক্ত ধাৰা প্ৰয়োগ নকৰাত উদ্বেগ প্ৰকাশ কৰিছে ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই শনিবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে এঞ্জেল চাকমাৰ হত্যাকাণ্ড সন্দৰ্ভত আলোচনা কৰা জানিবলৈ দিয়ে ।
এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী সাহাই কয়, ‘‘উত্তৰাখণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী @pushkardhami Ji ডাঙৰীয়াৰ সৈতে নন্দনগৰৰ বাসিন্দা আমাৰ ছাত্ৰ এঞ্জেল চাকমা, ডেব্ৰাম ঠাকুৰ পাৰাত সংঘটিত কৰুণ কাণ্ডৰ সন্দৰ্ভত কথা পাতিলোঁ ৷ যিজনক ৯ ডিচেম্বৰত ডেৰাডুনত এদল দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ গ্ৰাফিক ইৰা হাস্পতালত মৃত্যু ঘটিছিল ।’’
Spoke with Hon’ble Chief Minister of Uttarakhand @pushkardhami Ji, regarding the tragic incident involving our student Angel Chakma, a resident of Nandanagar, Debram Thakur Para, who was brutally assaulted by a group of miscreants in Dehradun on 9th December and later he expires…
— Prof.(Dr.) Manik Saha (@DrManikSaha2) December 27, 2025
সাহাই কয় যে ধামীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁক এই গোচৰৰ সন্দৰ্ভত ইতিমধ্যে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনোৱা হৈছিল । তেওঁ লগতে কয় যে অধিক তদন্ত চলি আছে আৰু ন্যায় প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে ।
ডেৰাডুনৰ আৰক্ষী অধীক্ষক(চহৰ) প্ৰমোদ কুমাৰে জনায়, ‘‘তিনিজন অভিযুক্ত ক্ৰমে অবিনাশ নেগী, সুৰজ খোৱাছ আৰু সুমিতক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । তদুপৰি দুজন নাবালক অভিযুক্তক সংস্কাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে । কুমাৰে লগতে উল্লেখ কৰে যে অভিযুক্তসকলৰ এজন এতিয়াও পলাতক অৱস্থাত আছে ।’’
#WATCH | Dehradun, Uttarakhand: Pramod Kumar, SP City, says, " two students from tripura, angel chakma and his brother, michael chakma, lived near nanda chowki in the premnagar police station area. this incident happened on the evening of the 9th, when they had gone to selaqui for… pic.twitter.com/9VlINJmO1N
— ANI (@ANI) December 27, 2025
তেওঁ লগতে কয়, ‘‘এই গোচৰত যজ্ঞ অৱস্থী নামৰ এজন লোকক বিচৰা হৈছে । তেওঁ মূলতঃ নেপালৰ । আমি তেওঁক গ্ৰেপ্তাৰৰ বাবে জামিনবিহীন পৰোৱানা জাৰি কৰাৰ লগতে ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছো । আমি তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰিম ।’’
লগত পঢ়ক: প্ৰধানমন্ত্ৰীৰ মন কি বাতত ২০০০ বছৰীয়া পুৰণি বৌদ্ধধৰ্মীয় স্থানৰ প্ৰসংগ

