গোৰখপুৰত নাগালেণ্ডৰ মহিলা চিকিৎসকক নিৰ্যাতন : মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ঘটনাৰে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰা হৈছে আৰু ঘটনাত ব্যৱহাৰ কৰা মটৰ চাইকেলখনো জব্দ কৰা হৈছে ।

Published : February 24, 2026 at 4:55 PM IST
গোৰখপুৰ (উত্তৰ প্ৰদেশ) : গোৰখপুৰৰ এইমছ থানা এলেকাত দেওবাৰে নিশা নাগালেণ্ডৰ এগৰাকী মহিলা চিকিৎসকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।আৰক্ষীয়ে জনোৱা মতে, গোৰখপুৰৰ মহদ্দীপুৰৰ অৰিয়ান মলৰ পৰা উভতি অহাৰ সময়ত নাগালেণ্ডৰ মহিলা চিকিৎসকগৰাকীক প্ৰায় ডেৰ কিলোমিটাৰ অনুসৰণ কৰা হৈছিল । তেওঁ এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে ।
গোৰখপুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত কৰ্মৰত মহিলা চিকিৎসকগৰাকী নগা চিকিৎসকৰ সংগঠন NAFORDৰ সৈতে জড়িত । নাগালেণ্ডৰ চিকিৎসক সংগঠনটোৱে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এক্সত মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।
उत्तर प्रदेश में महिलाओं के सम्मान और सुरक्षा के मामलों पर योगी सरकार के संकल्प और सक्रियता का ताज़ा उदाहरण गोरखपुर एम्स में सामने आया, जहाँ कुछ शोहदों ने पूर्वोत्तर की डॉक्टर के साथ न सिर्फ अश्लील हरकत की, बल्कि गंदी टिप्पणियां भी कीं. इस घटना ने नागालैंड के मुख्यमंत्री तक को… https://t.co/HlnDvx841G
— Rana Yashwant (@RanaYashwant1) February 24, 2026
গোৰখপুৰৰ আৰক্ষী অধীক্ষক অভিনৱ ত্যাগীয়ে কয়, "২২ ফেব্ৰুৱাৰীৰ নিশা গোৰখপুৰ জিলাৰ এইমছ আৰক্ষী থানাই এইমছত কৰ্মৰত এগৰাকী মহিলা চিকিৎসকক মটৰ চাইকেলত উঠি অহা একাংশ যুৱকে হাৰাশাস্তি কৰাৰ তথ্য লাভ কৰে । ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰা হৈছে আৰু ঘটনাত ব্যৱহাৰ কৰা মটৰ চাইকেলখনো জব্দ কৰা হৈছে । পৰৱৰ্তী আইনী ব্যৱস্থাও আৰম্ভ কৰা হৈছে ।"
আৰক্ষীয়ে জনোৱা মতে, অভিযোগৰ ভিত্তিত স্থানীয় থানাত আই পি চিৰ সংশ্লিষ্ট ধাৰা ৭৪, ২৯৬(ক), ৩৫১(৩), আৰু ৩৫২ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে আৰু কয় যে বিষয়টোৰ ওপৰত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গোৰখপুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত পদবীত থকা নাগালেণ্ডৰ মহিলা চিকিৎসকগৰাকীক নিৰ্যাতন চলোৱাৰ ঘটনাক গৰিহণা দিয়ে । তেওঁ এই কাণ্ডক 'গভীৰভাৱে লজ্জাজনক' বুলি অভিহিত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক আহ্বান জনায় ।
Racial discrimination and sexual harassment of women from the North East should not just be a headline, sensationalized, forgotten and revived every time a fresh incident appears.
— Conrad K Sangma (@SangmaConrad) February 24, 2026
The racial and sexual abuse of a resident Doctor of AIIMS Gorakhpur, Uttar Pradesh from Nagaland…
চাংমাই নিজৰ পোষ্টটোত কয়, "উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এইমছত নাগালেণ্ডৰ এগৰাকী আৱাসী চিকিৎসকক বৰ্ণবাদী আৰু যৌন নিৰ্যাতন চলোৱাটো গভীৰভাৱে লজ্জাজনক ।" তেওঁ লগতে কয়, "যিকোনো সভ্য দেশেই এগৰাকী মহিলাৰ মৰ্যাদাক অপমান কৰাটো সহ্য কৰা উচিত নহয় । তেওঁলোকো আপোনাৰ ভগ্নী-কন্যা । দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ কৰ্তৃপক্ষক আহ্বান জনাওক ।"
লগতে পঢ়ক : দিল্লীত বৰ্ণ নিৰ্যাতনৰ সন্মুখীন অৰুণাচলৰ যুৱতী, দোষীৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ

