ETV Bharat / bharat

অপাৰেশ্যন সেন্দূৰে পাকিস্তানৰ চকুৰ টোপনি হৰিছিল; INS বিক্ৰান্তত দীপাৱলী উদযাপন কৰি মোদী

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা নৰেন্দ্ৰ মোদীয়ে সেনা জোৱানসকলৰ সৈতে বিভিন্ন উৎসৱ উদযাপন কৰি আহিছে ।

PM CELEBRATES DIWALI in INS VIKRANT
INS বিক্ৰান্তত নৌসেনাৰ সৈতে প্ৰধানমন্ত্ৰীৰ দীপাৱলী উদযাপন (ANI)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 5:12 PM IST

5 Min Read
Choose ETV Bharat

পানাজী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী আই এন এছ বিক্ৰান্তত সেনা জোৱানসকলৰ সৈতে উদযাপন কৰে । তেওঁ জোৱানসকলক সম্বোধন কৰি কয়, "এইবাৰ স্বদেশী যুদ্ধ বিমানবাহক আই এন এছ বিক্ৰান্তত সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰি অতি গৌৰৱান্বিত অনুভৱ কৰিছো ।" প্ৰধানমন্ত্ৰী মোদীয়ে গোৱা আৰু কাৰৱাৰ উপকূলত আই এন এছ বিক্ৰান্তত বীৰ সৈনিকসকলৰ মাজত মিঠায়ো পৰিৱেশন কৰে ।

নিজৰ ভাষণত তেওঁ কয়, "কেইমাহমান পূৰ্বে আমি সাক্ষী হৈছোঁ যে কেনেদৰে বিক্ৰান্ত নামৰ বাবেই সম্পূৰ্ণ পাকিস্তানত আতংক বিয়পি পৰিছিল । এয়াই হৈছে ইয়াৰ শক্তি, ই এনে এক নাম যিয়ে যুদ্ধ আৰম্ভণিৰ পূৰ্বেই শত্ৰুক ভীতিগ্ৰস্ত কৰি তোলে । এয়াই হৈছে আই এন এছ বিক্ৰান্তৰ শক্তি । এই উপলক্ষে মই বিশেষভাৱে আমাৰ সশস্ত্ৰ বাহিনীক চেল্যুট জনাব খোজো ।"

প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলক সম্বোধন কৰি আই এন এছ বিক্ৰান্তৰ ক্ষমতা সন্দৰ্ভতো প্ৰশংসা কৰে । তেওঁ কয় যে অপাৰেশ্যন সেন্দূৰৰ সময়ত আৰব সাগৰত ইয়াৰ উপস্থিতিয়েই পাকিস্তানক ভয় খুৱাবলৈ পৰ্যাপ্ত আছিল ।

প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহসকো চেল্যুট জনায়, যিসকলে পাকিস্তানক ৰেকৰ্ড সময়ৰ ভিতৰত আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল ।

তেওঁ কয়, "মাত্ৰ কেইমাহমান পূৰ্বে আমি প্ৰত্যক্ষ কৰিছো যে কেনেদৰে কেৱল বিক্ৰান্ত নামেই পাকিস্তানত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছিল । ইয়াৰ শক্তি এনেকুৱা, এক এনে নাম যিয়ে যুদ্ধ আৰম্ভণি হোৱাৰ পূৰ্বেই শত্ৰুৰ আত্মবিশ্বাস ধূলিসাৎ কৰি দিয়ে । এয়াই আই এন এছ বিক্ৰান্তৰ শক্তি । এই উৎসৱৰ পৰিৱেশত মই বিশেষভাৱে আমাৰ সশস্ত্ৰ বাহিনীক চেল্যুট জনাব বিচাৰো ।"

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে নৌসেনাৰ সৈতে দীপাৱলী উদযাপনৰ বাবে গোৱা আৰু কাৰৱাৰ উপকূলত আই এন এছ বিক্ৰান্তত উপস্থিত হয় আৰু সেনাৰ সৈতে তেওঁৰ উৎসৱ উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখে ।

তেওঁ কয়, "আই এন এছ বিক্ৰান্তৰ সৈতে ভাৰতীয় নৌসেনাই ঔপনিৱেশিক উত্তৰাধিকাৰৰ সকলোতকৈ মহান প্ৰতীকৰ ভিতৰত এটাক বিদায় দিলে ।" তেওঁ লগতে কয় যে আই এন এছ বিক্ৰান্ত আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ প্ৰতীক ।

ইয়াৰ লগতে মোদীয়ে কয়, "মোৰ মনত আছে, যেতিয়া আই এন এছ বিক্ৰান্ত ৰাষ্ট্ৰৰ নামত উছৰ্গা কৰা হৈছিল, তেতিয়া মই কৈছিলো যে বিক্ৰান্ত বিশাল, অদ্ভূত আৰু আকৰ্ষণীয় । বিক্ৰান্ত অদ্বিতীয় আৰু বিশেষ । ই কেৱল এক যুদ্ধ বিমানবাহী নহয়, ই একবিংশ শতিকাত ভাৰতৰ কঠোৰ প্ৰচেষ্টা, প্ৰতিভা, ক্ষমতা আৰু প্ৰতিশ্ৰুতিৰ প্ৰমাণ । যিদিনাই ভাৰতে স্বদেশী আই এন এছ লাভ কৰিছিল, সেইদিনাই আমাৰ ভাৰতীয় নৌসেনাই ঔপনিৱেশিক পৰাধীনতাৰ এক মুখ্য প্ৰতীকক ত্যাগ কৰিছিল । ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ নৌসেনাই এক নতুন ধ্বজা বহন কৰিছে ।"

তেওঁ কয়, "যিকোনো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিব বিচাৰে । মোৰো নিজৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপনৰ অভ্যাস, সেই কাৰণেই মই আপোনালোক সকলোৰে মাজত, যাক মই নিজৰ পৰিয়াল হিচাপে গণ্য কৰো, তেওঁলোকৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ আহিছো । মই ইয়াত মোৰ পৰিয়ালৰ সৈতে বহুত ভাল সময়ো অতিবাহিত কৰি আছোঁ । এই দীপাৱলী মোৰ বাবে সঁচাকৈয়ে বিশেষ ।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই কালিৰে পৰা আপোনালোকৰ সৈতে আছো । মই প্ৰতিটো ক্ষণতে কিবা নহয় কিবা এটা শিকিছো ।"

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "সমুদ্ৰৰ গভীৰ নিশা আৰু আজি পুৱাৰ সূৰ্যোদয়ে মোৰ দীপাৱলীক কেইবা প্ৰকাৰেও বিশেষ কৰি তুলিছে । আই এন এছ বিক্ৰান্তৰ ডেকৰ পৰা মই দেশবাসীক দীপাৱলী শুভকামনা জনাইছো । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ পৰিয়াললৈও মোৰ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা ।"

তেওঁ লগতে কয়, "আপোনালোকৰ ওচৰত থাকি, আপোনালোকৰ শ্বাস-প্ৰশ্বাসক অনুভৱ কৰি, আপোনালোকৰ হৃদস্পন্দন অনুভৱ কৰি আৰু আপোনালোকৰ চকুত জিলিকি উঠা সন্তুষ্টি দেখি মোৰ কিবা এক গভীৰ অনুভৱ হৈছে । কালি মই অলপ সোনকালে শুই পৰিছিলোঁ, যিটো মই সাধাৰণতে নকৰো । মই সোনকালে এইকাৰণে শুইছিলো যাতে গোটেই দিনটো আপোনালোকক চোৱাৰ পিছত মোৰো সন্তুষ্টি অনুভৱ হৈছে, সেয়া মোৰ নিজৰ টোপনি নহয়, আচলতে সন্তুষ্টিৰহে নিদ্ৰা ।"

জোৱানসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই সেনাৰ সাজসজ্জাৰ শক্তি লক্ষ্য কৰি আছিলো । এই ডাঙৰ ডাঙৰ জাহাজবোৰ, বতাহতকৈ তীব্ৰ গতিৰ বিমান, এই ছাবমেৰিন, এইবোৰ নিজক নিজে প্ৰভাৱশালী । কিন্তু এইবোৰক প্ৰকৃত শক্তিৱন্ত কৰি তুলিছে ইয়াক পৰিচালনা কৰাসকলৰ সাহসে । এই জাহাজ হ'ব পাৰে লোৰে নিৰ্মিত, কিন্তু যেতিয়া আপোনালোকে ইয়াৰ ওপৰত উঠি যাত্ৰা কৰে, তেতিয়া ই সশস্ত্ৰ সেনাৰ জীৱন্ত, উশাহ-নিশাহ লোৱা শক্তিত পৰিণত হয় । মই কালিৰে পৰা আপোনালোকৰ সৈতে আছো । প্ৰতিটো মুহূৰ্ততে মই কিবা নহয় কিবা এটা শিকিছো ।"

মোদীয়ে লগতে কয়, "দিল্লীৰ পৰা বিদায় লোৱাৰ সময়ত মই ভাবিছিলো যে মই এই ক্ষণ নিজে উপভোগ কৰিম । কিন্তু আপোনালোকৰ কষ্ট, তপস্যা আৰু সমৰ্পণ ইমানেই উচ্চস্তৰীয় যে মই ইয়াক সঁচা অৰ্থত উপভোগ কৰিব পৰা নাই । অৱশ্যে মই ইয়াক নিশ্চিতভাৱে বুজিছো । মই কেৱল কল্পনা কৰিব পাৰোঁ যে এই জীৱনটো প্ৰকৃত অৰ্থত যাপন কৰাটো কিমান কঠিন হ'ব ।"

লগতে পঢ়ক :গৌৰৱেৰে কওক, এইয়া স্বদেশী; দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কৰিলে বিশেষ আহ্বান
লগতে পঢ়ক :নিৰাপদে, দায়িত্বশীলভাৱে আৰু পৰিৱেশ অনুকূলভাৱে সকলোৱে দীপাৱলী উদযাপন কৰক : ৰাষ্ট্ৰপতি মুৰ্মু