ETV Bharat / bharat

মেঘালয়তো কাৰ্যকৰী হ’ব নেকি ইউচিচি; কনৰাড চাংমাই ক’লে, "জনজাতীয় স্বাৰ্থ ৰক্ষা কৰাটো শীৰ্ষ অগ্ৰাধিকাৰ"

অসমত ইউচিচি গৃহীত হোৱাৰ পাছতে চুবুৰীয়া মেঘালয়ত জনজাতীয় পৰিচয় আৰু ৰীতি-নীতিক লৈ আলোচনা তীব্ৰতৰ হৈ পৰিছে ।

UNIFORM CIVIL CODE
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা (IANS)
author img

By ANI

Published : May 28, 2026 at 11:47 AM IST

3 Min Read
Choose ETV Bharat

শ্বিলং (মেঘালয়) : অসমত বুধবাৰে ঐতিহাসিক সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউচিচি গৃহীত হোৱাৰ পাছত চুবুৰীয়া ৰাজ্যতো এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ত এই বিষয়ত ৰাজনৈতিক আৰু সামাজিক আলোচনা তীব্ৰতৰ হৈ পৰিছে ৷ অৱশ্যে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই স্পষ্ট কৰি দিছে যে মেঘালয়ত ইউচিচি কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰা হোৱা নাই আৰু জনজাতীয় স্বাৰ্থ ৰক্ষা কৰাটো শীৰ্ষ অগ্ৰাধিকাৰ হৈ থাকিব ।

মুখ্যমন্ত্ৰী চাংমাই কয় যে যিকোনো আইন সন্দৰ্ভত চূড়ান্ত মতামত গ্ৰহণ কৰাৰ পূৰ্বে ইয়াৰ গাঁথনি আৰু বিধানসমূহ সম্পূৰ্ণৰূপে বুজাটো গুৰুত্বপূৰ্ণ ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে যেতিয়া ইউচিচিৰ ধাৰণাটোৰ বিষয়ে প্ৰথমবাৰ আলোচনা কৰা হৈছিল, তেতিয়া কেৱল ‘উমৈহতীয়া দেৱানী বিধি’ শব্দটোৰ ওপৰতহে বিতৰ্ক হৈছিল আৰু প্ৰকৃত আইনখনত কি অন্তৰ্ভুক্ত হ’ব সেই সম্পৰ্কে কোনো স্পষ্টতা নাছিল ৷ তেওঁৰ মতে ইয়াৰ ফলত স্বাভাৱিকতে জনসাধাৰণৰ মাজত ভিন্ন ব্যাখ্যা আৰু উদ্বেগ সৃষ্টি হৈছিল ৷

মুখ্যমন্ত্ৰীয়ে কয় যে মেঘালয়ৰ দৰে জনজাতীয় প্ৰধান ৰাজ্য এখনৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা হৈছে ইউচিচি ৰূপায়ণে পৰম্পৰাগত জনজাতীয় আইন আৰু ৰাজ্যখনৰ মাতৃপ্ৰধান ব্যৱস্থাত প্ৰভাৱ পেলাব নেকি ? তেওঁ কয় যে তেওঁৰ পূৰ্বৰ স্থিতি মেঘালয়ত ইউচিচি কাৰ্যকৰী কৰাৰ বিৰুদ্ধে আছিল, কিয়নো জনজাতীয় সম্প্ৰদায়ৰ ৰীতি-নীতি, পৰম্পৰা, আৰু সামাজিক ব্যৱস্থা দেশৰ আন বহু অঞ্চলৰ পৰা পৃথক ৷

তেওঁ উল্লেখ কৰে যে উত্তৰাখণ্ড আৰু অসমৰ দৰে ৰাজ্যত প্ৰৱৰ্তন কৰা ইউচিচিৰ আইনসমূহ পৰীক্ষা কৰাৰ পিছত এনে লাগিল যেন জনজাতীয় আইন এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে । মুখ্যমন্ত্ৰীৰ মতে, ইয়াৰ দ্বাৰা মেঘালয় চৰকাৰক কিছু সকাহ দিছে, কিয়নো কাগজত থকা বিধানসমূহে জনজাতীয় অধিকাৰ আৰু পৰম্পৰাগত ব্যৱস্থাসমূহ সুৰক্ষিত কৰা যেন লাগে ।

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে মেঘালয় চৰকাৰে কোনো চূড়ান্ত মন্তব্য বা সিদ্ধান্ত লোৱাৰ পূৰ্বে আইনখনৰ সবিশেষ ভালদৰে অধ্যয়ন কৰি যাব ৷ তেওঁ আৰু কয় যে ৰাজ্য চৰকাৰে নিশ্চিত কৰিব বিচাৰে যে যিকোনো জাতীয় আইনে মেঘালয়ৰ জনজাতীয় পৰিচয়, পৰম্পৰাগত আইন বা ইয়াৰ মাতৃতান্ত্রিক সামাজিক গাঁথনিত বিৰূপ প্রভাৱ নপৰে ৷ বৰ্তমান চৰকাৰে ৰাজনৈতিক আৰু আইনী দুয়োটা দিশৰ পৰাই ইউচিচিৰ বিভিন্ন বিধান পৰীক্ষা কৰি আছে আৰু এই সময়ছোৱাত জনজাতীয় স্বাৰ্থ ৰক্ষা কৰাটো শীৰ্ষ অগ্ৰাধিকাৰ হৈ থাকিব বুলি মুখ্যমন্ত্ৰী চাংমাই উল্লেখ কৰে ৷

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ইস্তাহাৰত অসমত ইউচিচি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ চলিত মাহৰ ১৩ তাৰিখে অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত ৰাজ্যৰ কেবিনেটে বিধেয়কখনত অনুমোদন জনায় ৷ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰাখণ্ড উমৈহতীয়া দেৱানী বিধি (ইউচিচি) গৃহীত কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় ৷ তাৰ পিছতে গুজৰাটে ২০২৬ চনৰ মাৰ্চ মাহত সাত ঘণ্টাৰো অধিক সময় ধৰি চলা দীঘলীয়া বিতৰ্কৰ অন্তত সংখ্যাগৰিষ্ঠতাৰে এই আইনখন অনুমোদন কৰে ৷ ইয়াৰ পাছত অসম ইউচিচি প্ৰৱৰ্তন কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : বিধানসভাত গৃহীত হ'ল ইউচিচি: আইনৰ আওতাত আহিল বিবাহ, বিবাহ বিচ্ছেদ, বহুবিবাহ, লিভ-ইন

গুজৰাট-উত্তৰাখণ্ডৰ পাছত তালিকাত সোমাল অসম

নাগৰিক সম-সংহিতাৰ সপক্ষে-বিপক্ষে কোনে কি কয় ?