হাছিনাৰ মৃত্যুদণ্ড আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কত জটিলতা
ভাৰতত ৰাজনৈতিকভাৱে নিৰ্বাসিত হাছিনাৰ মাজত নতুন দিল্লীয়ে নিজকে এনে এক সংকটৰ কেন্দ্ৰবিন্দুত বিচাৰি পাইছে, যিয়ে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ দিশটো পুনৰ নিৰ্ধাৰণ কৰিব পাৰে ।

Published : November 18, 2025 at 12:47 PM IST
নতুন দিল্লী : সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰদান কৰা মৃত্যুদণ্ডই উপ-মহাদেশখনক দশক দশক ধৰি আটাইতকৈ অস্থিৰ কূটনৈতিক পৰ্যায়ত ডুবাই পেলাইছে ।
ভাৰতত ৰাজনৈতিকভাৱে নিৰ্বাসিত হাছিনাৰ মাজত নতুন দিল্লীয়ে নিজকে এনে এক সংকটৰ কেন্দ্ৰবিন্দুত বিচাৰি পাইছে, যিয়ে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ দিশটো পুনৰ নিৰ্ধাৰণ কৰিব পাৰে । এনে সিদ্ধান্তই কেৱল ঢাকাৰ ঘৰুৱা ৰাজনৈতিক পৰিৱেশক নতুন ৰূপ দিয়াই নহয়, ডেৰ দশকৰ ব্যতিক্ৰমী সহযোগিতাৰে গঢ় লৈ উঠা দ্বি-পাক্ষিক সম্পৰ্কৰ ওপৰতো অভূতপূৰ্ব হেঁচা প্ৰয়োগ কৰিব ৷
বিগত বৰ্ষৰ জুলাই মাহত হোৱা বিদ্ৰোহৰ সৈতে জড়িত মানৱতাৰ বিৰুদ্ধে হোৱা অপৰাধৰ বাবে হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলক জগৰীয়া কৰি ফাঁচিৰ শাস্তি প্ৰদান কৰিছিল আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ৷
একেটা ৰায়তে প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুনে নিজৰ ভূমিকা স্বীকাৰ কৰি শীৰ্ষ নেতা দুজনৰ বিৰুদ্ধে বিচাৰৰ সাক্ষী হিচাপে আদালতত হাজিৰ হোৱাৰ পিছত পাঁচ বছৰৰ কাৰাদণ্ড বিহা হয় ।
ন্যায়াধিকৰণৰ ৰায়দানত কোৱা হৈছে যে বৰ্তমান ভাৰতত থকা ৭৮ বছৰীয়া হাছিনাক দুটা পৃথক গোচৰত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে । প্ৰথমটো গোচৰ যোৱা বছৰৰ ৫ আগষ্টত ঢাকাৰ চানখৰপুল অঞ্চলত ছয়জন নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত । দ্বিতীয় অভিযোগটো আশুলিয়াত একেদিনাই ছয়জন ছাত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰাৰ সৈতে জড়িত ৷
অভিযুক্তসকলে জনোৱা মতে, গুলীয়াই হত্যা কৰাৰ পিছত পাঁচজন জ্বলি যোৱাৰ বিপৰীতে এজন ভুক্তভোগীৰ শৰীৰত জীৱিত অৱস্থাতে অগ্নিসংযোগ কৰা হৈছিল ৷ এই ৰায়দানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাছিনাই এই ৰায়ক পক্ষপাতমূলক আৰু ৰাজনৈতিকভাৱে প্ৰণোদিত বুলি অভিযোগ কৰে ।
হাছিনাৰ উদ্ধৃতিৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এনেদৰে কোৱা হৈছে, ‘‘য’ত প্ৰমাণৰ বস্তুনিষ্ঠ মূল্যায়ন আৰু পৰীক্ষা কৰিব পৰা যায়, তেনে এখন সঠিক ন্যায়াধিকৰণত মই মোৰ অভিযোগৰ সন্মুখীন হ’বলৈ ভয় নকৰো ।’’
আনহাতে, আছাদুজ্জামানৰ ক্ষেত্ৰত দুটাকৈ মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছে ন্যায়াধিকৰণে । অভিযুক্তসকলৰ বিৰুদ্ধে হত্যাত বাধা নিদিয়াকে ধৰি মুঠ পাঁচটা অভিযোগ উত্থাপন কৰা হৈছিল, যিটো বাংলাদেশৰ আইন অনুসৰি মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰা হয় আৰু দোষী সাব্যস্ত হোৱাৰ পিছত মৃত্যুদণ্ড বিহা হয় ৷
২০২৪ চনৰ আগষ্ট মাহত হাছিনাক উৎখাত কৰাৰ পিছত বাংলাদেশত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল ৷ ছাত্ৰ বিপ্লৱৰ পিছত হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ লগতে তেওঁৰ স্বৈৰাচাৰী শাসন শৈলীৰ বিৰুদ্ধে এক বৃহৎ বিদ্ৰোহলৈ পৰিণত হৈছিল । হাছিনাৰ ডেৰ দশকজোৰা শাসনৰ হঠাতে অন্ত পৰাৰ লগতে ৰাজনৈতিক শূন্যতা ৰৈ গ’ল, যিয়ে বৰ্তমানৰ বিভাজনক আৰু অধিক তীব্ৰতৰ কৰি তুলিলে আৰু নিয়ন্ত্ৰণৰ বাবে সংগ্ৰামৰ সূচনা কৰিলে ।
হাছিনাক পদচ্যুত কৰাৰ লগে লগে মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয় । ভাৰতত হাছিনা আশ্ৰয় লোৱাৰ পিছৰে পৰা দক্ষিণ এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ মাজত সম্পৰ্কত অসুবিধাৰ সৃষ্টি হয় ৷
হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰাৰ লগে লগে বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশত উগ্ৰ ইছলামিক উপাদানৰ উত্থান ঘটে, যাৰ ফলত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ বিৰুদ্ধে ব্যাপক হিংসাৰ সৃষ্টি হৈছিল । এই ঘটনাক লৈ ভাৰতে অহৰহ উদ্বেগ প্ৰকাশ কৰি আহিছে ।
সোমবাৰে আই চি টিৰ ৰায়দানৰ পিছতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ পৰা হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিব বুলি উল্লেখ কৰিছে । এই ঘটনাক লৈ ভাৰতে ধাৰাবাহিকভাৱে উদ্বেগ প্ৰকাশ কৰি আহিছে ।
ঢাকাৰ বাংলাদেশ সচিবালয়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা আছিফ নজৰুলে কয়, ‘‘শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ আহ্বান জনাই আন এখন চিঠি ভাৰতলৈ প্ৰেৰণ কৰা হ'ব । যদি ভাৰতে তেওঁক আশ্ৰয় দি থাকে, তেন্তে বুজিব লাগে যে এনে কাৰ্য বাংলাদেশ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি শত্ৰুতাপূৰ্ণ আৰু নিন্দনীয় ।’’
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ এই ৰায়ৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘ঘনিষ্ঠ প্ৰতিবেশী হিচাপে ভাৰতে শান্তি, গণতন্ত্ৰ, অন্তৰ্ভুক্তি আৰু স্থিতিশীলতাকে ধৰি বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ হৈ আছে । আমি এই দিশত সকলো অংশীদাৰৰ সৈতে সদায় গঠনমূলকভাৱে জড়িত হৈ থাকিম ৷’’
ইফালে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া কলম্বো নিৰাপত্তা সন্মিলনত অংশগ্ৰহণৰ বাবে বাংলাদেশৰ নিৰাপত্তা উপদেষ্টা খলিলুৰ ৰহমানক আমন্ত্ৰণ জনোৱাৰ ফলত বাংলাদেশত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হয় । ভাৰতে কৈ আহিছে যে বাংলাদেশত ৰাজনৈতিকভাৱে নিৰ্বাচিত চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতহে ঢাকাৰ সৈতে দ্বি-পাক্ষিক সম্পৰ্ক পুনৰ আৰম্ভ হ’ব । হাছিনা ক্ষমতাৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত এতিয়ালৈকে অন্তৱৰ্তীকালীন চৰকাৰৰ কোনো উপদেষ্টা বা সম্পাদকক ভাৰতলৈ নিমন্ত্ৰণ কৰা হোৱা নাই ।
ভাৰত মহাসাগৰ অঞ্চলৰ আঞ্চলিক নিৰাপত্তা মিত্ৰজোঁট হৈছে চি এছ চি । বাংলাদেশে ইয়াৰ পূৰ্বে পৰ্যবেক্ষক হিচাপে কাম থকাৰ পিছত যোৱা বছৰৰ জুলাই মাহত পূৰ্ণ সদস্যৰ দেশ হিচাপে পৰিগণিত হৈছিল ।
ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ‘‘ভাৰতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণমৰ্মে এই পটভূমিত খলিলুৰ ৰহমানৰ অংশগ্ৰহণে দিল্লীয়ে নিজৰ কূটনৈতিক স্থিতি শিথিল কৰিছে নে জৰুৰী নিৰাপত্তা বিষয়ত উচ্চ পৰ্যায়ৰ আলোচনা বিচাৰিছে, সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে ৷’’
বাংলাদেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ এগৰাকী ভাৰতীয় বিশেষজ্ঞই নাম প্ৰকাশ নকৰাৰ চৰ্তত ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত কয় যে ডোভালে ৰহমানক নিমন্ত্ৰণ কৰাৰ সৈতে হাছিনাৰ বিৰুদ্ধে ফাঁচিৰ ৰায়দানৰ মাজত কোনো সম্পৰ্ক নাই ।
বিশেষজ্ঞগৰাকীয়ে কয়, ‘‘ভাৰত চি এছ চিৰ বৰ্তমানৰ অধ্যক্ষ আৰু পৰম্পৰা অনুসৰি ডোভালে আন সদস্য দেশৰ নিৰাপত্তা উপদেষ্টাৰ লগতে ৰহমানকো আমন্ত্ৰণ জনাইছে ।’’ সোমবাৰৰ এই ৰায়দানে ভাৰত-বাংলাদেশৰ সম্পৰ্কত নিশ্চিতভাৱে প্ৰভাৱ পেলাব বুলিও তেওঁ দাবী কৰে ।
বিশেষজ্ঞগৰাকীয়ে কয়, ‘‘যদিও দুয়োখন দেশৰ মাজত প্ৰত্যাৰ্পণ চুক্তি আছে, তথাপিও ভাৰতে হাছিনাক প্ৰত্যাৰ্পণ কৰাৰ সম্ভাৱনা নাই । ইয়াৰ কাৰণ হ'ল কাক প্ৰত্যাৰ্পণ কৰিব লাগে আৰু কাক নালাগে তাৰ কোনো স্পষ্ট সংজ্ঞা নাই । কাৰণ, দেশৰ বাহিৰত আশ্ৰয় বিচাৰিবলৈ বাধ্য হোৱা শ্বেখ হাছিনা সেই সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল ৷’’
‘‘অৱশ্যে বাংলাদেশে ইণ্টাৰপ’লৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিব পাৰে ৷ ভাৰতেও এনে মঞ্চৰ জৰিয়তে পলাতকৰ প্ৰত্যাৰ্পণ বিচাৰি আহিছে, কিন্তু কোনো ফল পোৱা নাই’’ বুলি বিশেষজ্ঞজনে কয় ৷
এনে পৰিপ্ৰেক্ষিতত আগন্তুক বছৰৰ আৰম্ভণিতে বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচন গুৰুত্বপূৰ্ণ হৈ পৰাৰ সম্ভাৱনা আছে । ‘‘অহা বছৰ বাংলাদেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখন ক্ষমতালৈ আহিলে ভাৰতে কেনে আচৰণ কৰিব, সেয়া আমি অপেক্ষা কৰিব লাগিব ৷’’ বিশেষজ্ঞগৰাকীয়ে কয় ।
লগতে পঢ়ক: গণহত্যাৰ গোচৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড

