অমিত শ্বাহে নিৰাপত্তা পৰ্যালোচনা কৰাৰ পিছতে মণিপুৰত পুনৰ বোমা বিস্ফোৰণ
চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী বিষ্ণুপুৰ জিলাৰ চাইটন গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীয়ে মেইটেই গাঁওবাসীৰ ওপৰত বোমাৰে আক্ৰমণ কৰে ।

Published : January 5, 2026 at 4:05 PM IST
নতুন দিল্লী : গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত মণিপুৰৰ ৰাজ্যপাল এ কে ভাল্লা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিক লৈ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ কেইদিনমান পিছতে সোমবাৰে অশান্তজৰ্জৰ মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।
জানিব পৰা মতে, সোমবাৰে পুৱা বিষ্ণুপুৰ জিলাৰ চাইটন গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীয়ে মেইটেই গাঁৱৰ বাসিন্দাৰ ওপৰত বোমাৰে আক্ৰমণ কৰে । এই অঞ্চলটোৱে চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী ।
চৰকাৰী সূত্ৰ মতে, এই আক্ৰমণত দুজন লোক আহত হৈছে । আহত লোক দুগৰাকীক নংথোম্বাম ইন্দুবালা দেৱী (৩৭) আৰু শৈবাম ছানাটোম্বা (৫১) বুলি চিনাক্ত কৰা হৈছে ।
উল্লেখ্য যে শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যপাল অজয় ভাল্লা, মণিপুৰ চৰকাৰৰ উপদেষ্টা কুলদীপ সিং, মুখ্য সচিব পি কে গোৱেল আৰু আৰক্ষী সঞ্চালকপ্ৰধান ৰাজীৱ সিঙৰ সৈতে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।
বৈঠকখনৰ বিষয়ে জ্ঞাত এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, "দুঘণ্টাৰো অধিক সময় ধৰি অনুষ্ঠিত বৈঠকৰ সময়ছোৱাত অমিত শ্বাহক শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰা হয় ।"
মণিপুৰত বৰ্তমান ৰাষ্ট্ৰপতি শাসন চলি আছে । বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল । বৰ্তমান চলি থকা ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ ১৩ ফেব্ৰুৱাৰীত অন্ত পৰিব । উল্লেখ্য যে ২০২৭ চনলৈকে কাৰ্যকাল থকা মণিপুৰ বিধানসভা বৰ্তমান নিলম্বিত অৱস্থাত আছে ।
ইফালে এই ঘটনাক গৰিহণা দি কুকি-জো কাউন্সিলে বিষয়টোৰ সম্পূর্ণ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনায় ৷
কুকি-জো কাউন্সিলৰ মুখপাত্ৰ গিঞ্জাই ইটিভি ভাৰতক কয়, "আমি এনে ঘটনাক তীব্ৰ গৰিহণা দিছোঁ । আমি কৰ্তৃপক্ষক অতি সোনকালে অপৰাধীক চিনাক্ত কৰি ন্যায়ৰ কাষ চাপিবলৈ দাবী জনাইছোঁ । লগতে আমি নিৰাপত্তা বাহিনীক বাফাৰ জ'ন আৰু ইয়াৰ আশেপাশে সতৰ্কতা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছোঁ, যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় ।"
গিঞ্জাৰ মতে, নিৰাপত্তা বাহিনীয়ে স্থাপন কৰা বাফাৰ জ’ন এলেকাত আৰু ইয়াৰ আশেপাশে সংঘটিত হৈছে এই কাণ্ড ।
এই নিৰপেক্ষ আৰু স্পৰ্শকাতৰ অঞ্চলটোৰ যিকোনো ব্যৱস্থা উলংঘাই নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাক ক্ষতিগ্ৰস্ত কৰে আৰু সাধাৰণ জনতাৰ মাজত ভয় আৰু অনাস্থা বৃদ্ধি কৰে বুলিও গিনজাই লগতে কয় ।
গিঞ্জাই কয়, "এইটো দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য যে বিশেষভাৱে চলিত খ্ৰীষ্টমাছ-নৱবৰ্ষৰ উৎসৱৰ বতৰত এনে এক কাণ্ড সংঘটিত হৈছে, যিটো সময় হৈছে শান্তি, চিন্তা-চৰ্চা আৰু একেলগে থকাৰ সময় । বৰঞ্চ এই কাৰ্যই সাধাৰণ নাগৰিকৰ মাজত আতংক আৰু নিৰাপত্তাহীনতাৰ পৰিস্থিতি সৃষ্টি কৰিছে, স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে আৰু মানুহে শান্তি স্থাপনৰ বাবে চলোৱা চেষ্টাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।"

