ETV Bharat / bharat

সলনি হ'ল চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী

৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিছে ব'ৰ্ডে ।

cbse board exams
চি বি এছ ইৰ সময়সূচী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 5:55 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ ঘোষণা । ২০২৬ চনৰ ৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে । ব'ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হৈছে । প্ৰশাসনিক কাৰণত ৩ মাৰ্চত নিৰ্ধাৰিত পৰীক্ষাৰ তাৰিখ পিছুৱাই দিছে ব'ৰ্ডে । চি বি এছ ইয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি সকলো সংযুক্ত বিদ্যালয়ক এই কথা অৱগত কৰিছে ।

চি বি এছ ইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া দশম শ্ৰেণীৰ পৰীক্ষা এতিয়া ২০২৬ চনৰ ১১ মাৰ্চত অনুষ্ঠিত হ'ব । আনহাতে ৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো ১০ এপ্ৰিলত অনুষ্ঠিত হ'ব । ব'ৰ্ডে স্পষ্ট কৰি দিছে যে এই পৰিৱৰ্তন কেৱল ৩ মাৰ্চৰ পৰীক্ষাৰ ক্ষেত্ৰতহে প্ৰযোজ্য ৷ বাকী সকলো বিষয়ৰ পৰীক্ষা পূৰ্বে নিৰ্ধাৰিত তাৰিখতে অনুষ্ঠিত হ'ব ।

cbse board exams
চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী (ETV Bharat)

ব'ৰ্ডে বিদ্যালয় প্ৰশাসনক নিৰ্দেশ দিছে যে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক এই দিন সলনিৰ বিষয়ে তৎক্ষণাৎ অৱগত কৰিব লাগে, যাতে কোনো ধৰণৰ বিভ্ৰান্তি বা উৰাবাতৰিৰ চিকাৰ নহয় । চি বি এছ ইয়ে লগতে উল্লেখ কৰিছে যে সংশোধিত পৰীক্ষাৰ সময়সূচী অনুসৰি ডেটশ্বিটত প্ৰয়োজনীয় সংশোধনী কৰা হৈছে আৰু নতুন তাৰিখ ছাত্ৰ-ছাত্ৰীৰ এডমিট কাৰ্ডত প্ৰতিফলিত হ'ব ।

চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ সয়ম ভৰদ্বাজে কয় যে পৰীক্ষাসমূহ সূচাৰুৰূপে আৰু স্বচ্ছভাৱে পৰিচালিত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । ব’ৰ্ডে আশা কৰিছে যে সকলো বিদ্যালয়, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এই সিদ্ধান্তত সহযোগ কৰিব । তেওঁ লগতে কয় যে এই পৰিৱৰ্তনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুতি চলাবলৈ অতিৰিক্ত সময় প্ৰদান দিব, যাৰ ফলত তেওঁলোকে হেঁচা নোহোৱাকৈ ভালদৰে প্ৰস্তুতি চলাব পাৰিব ।

লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে দেশবাসীৰ বাবে সুখবৰ: বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত ভাৰত