ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱ: ওপচি পৰিছে নদীৰ বক্ষ, ব্যাহত যাতায়াত, বিদ্যুৎ সেৱা বিচ্ছিন্ন
ক্ষতিগ্ৰস্ত পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে সাহায্য সামগ্ৰী ৷ সাময়িকভাৱে বাতিল ১২৭ খন ৰে’লৰ চলাচল ৷

Published : October 29, 2025 at 6:09 PM IST
|Updated : October 30, 2025 at 1:36 PM IST
অমৰাৱতী: দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশত পৰিছে ঘূৰ্ণীবতাহ মন্থাৰ ব্যাপক প্ৰভাৱ ৷ ঘূৰ্ণীবতাহৰ বাবে হোৱা ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহাৰ প্ৰভাৱ পৰিছে অন্ধ্ৰপ্ৰদেশৰ কেইবাখনো জিলাত ৷ ঘূৰ্ণীৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা, বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সেৱা ৷
বিশেষকৈ চাপাডু মণ্ডলৰ সীতাৰামপুৰমৰ সমীপত কদাপা জিলাৰ কুণ্ডু নদীৰ ঢৌৱে উটুৱাই লৈ যায় দলং, কেইবাখনো বাহন ৷ যাৰ ফলত যান-বাহনৰ চলাচলত বাধাৰ সৃষ্টি হৈছে ।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যুৎ সেৱা বিচ্ছিন্ন
মচলীপট্টনমত শক্তি মন্ত্ৰী গোট্টিপতি ৰবিয়ে বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে । ঘূৰ্ণীবতাহৰ সময়ত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰিবলৈ সুৰক্ষামূলক ব্যৱস্থা হিচাপে বিদ্যুৎ যোগান কৰ্তন কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয়, ‘‘পৰিস্থিতি উন্নত হোৱাৰ লগে লগে আমি বিদ্যুৎ সংযোগ পুনৰ আৰম্ভ কৰিম ।’’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰচণ্ড ধুমুহাই কেইবাটাও বিদ্যুতৰ খুঁটা উভালি পেলোৱাৰ লগতে বহুকেইটা বিদ্যুৎ সেৱা কেন্দ্ৰ পানীত বুৰ গৈছে ৷ বুধবাৰৰ দিনৰ ভাগত পানীৰ পৰিমাণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷
ৰে’ল সেৱাত ব্যাঘাত
ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ বাবে দক্ষিণ মধ্য ৰে’ল বিভাগে সাময়িকভাৱে বাতিল কৰিছে ১২৭ খন ৰে’লৰ চলাচল ৷ তদুপৰি সলনি কৰা হৈছে ১৪ খন ৰে’লৰ পথ ৷ ফলকনামা, ইষ্ট ক’ষ্ট, গোদাবৰী, বিশাখা আৰু নৰছাপুৰ এক্সপ্ৰেছৰ দৰে বহুকেইখন যাত্ৰীবাহী ৰে’লৰ সেৱা অনিৰ্দিষ্টকালীনভাৱে বন্ধ কৰি দিয়া হৈছে । কৃষ্ণ এক্সপ্ৰেছ আৰু কোণাৰ্ক এক্সপ্ৰেছক মহবুবাবাদ, গোলকুণ্ডা এক্সপ্ৰেছক দোৰ্ণাকলত, কৃষ্ণ জিলাৰ কোণ্ডাপল্লীত সাইনগৰ শিৰডী এক্সপ্ৰেছ আদি যাত্ৰীবাহী ৰে’লসমূহ আবদ্ধ হৈ পৰিছে ৷ তদুপৰি প্ৰায় ১২ খন মালবাহী ৰে’লো বিভিন্ন ষ্টেচনত আবদ্ধ হৈ পৰে ।
ভূমিস্খলনৰ ফলত পথ বন্ধ
শ্ৰীসাইলাম ঘাট পথত হোৱা ভূমিস্খলনৰ ফলত হায়দৰাবাদ আৰু শ্ৰীসাইলামৰ মাজত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ প্ৰশাসনে পথৰ মাজৰ পৰা খহি পৰা শিল-মাটিসমূহ আঁতৰ কৰি যাতায়াত পুনৰ সূচল কৰি তোলে ৷ আল্লুৰি জিলাৰ লাম্বাছিংগি আৰু নাৰ্ছিপট্টনমতো ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ প্ৰকাণ্ড প্ৰকাণ্ড শিলসমূহ পথৰ মাজতে পৰি পথ বন্ধ হৈ পৰে ৷ কোৰৰুবায়ালুত এখন বাহন এটা গাঁতত পৰি যায় যদিও তাত থকা যাত্ৰীসমূহ কথমপি ৰক্ষা পৰে ৷

এলুৰু জিলাত হোৱা ক্ষতি
এলুৰু জিলাৰ কাইকালুৰু মণ্ডলত বৃহৎ বৃহৎ গছ পথৰ মাজতে উভালি পৰাত ছিঙি যায় বিদ্যুৎ পৰিবাহী তাঁৰবোৰ ৷ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু বিদ্যুৎ কৰ্মচাৰীসকলে একেলগে কাম কৰি সকলো ব্যৱস্থা আগৰদৰে সূচল কৰি তোলে ৷ আনহাতে, পাহাৰৰ নামনিত বাস কৰে প্ৰায় ৪০ টা পৰিয়ালক কাইকালুৰু এ এম চি চৌহদত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰলৈ স্থানান্তৰ কৰে প্ৰশাসনে ৷ মডাবলী মণ্ডলৰ পেড্ডা এদালাগাড্ডা গাঁৱৰ সমীপতে থকা কলেৰু হ্ৰদৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বিপৰীতে বদলাকুটিথিপ্পাত ধ্বংস হয় এটা বাসগৃহ ৷ অৱশ্যে সঠিক সময়ত ঘৰৰ বাহিৰলৈ ওলাই অহা এগৰাকী মহিলাৰ কথমপি প্ৰাণৰক্ষা পৰে ৷
নন্দিয়াল আৰু সমীপৰ অঞ্চলত বান
নন্দিয়াল জিলাত মাৰুতি নগৰ, সাইবাবাপেট, চেলিম নগৰ, ভগত সিং কলনীকে ধৰি কেইবাটাও কলনী বানত বুৰ গৈছে । চামকালভা, মাদিলেটি বাগুৰ দৰে নদীসমূহৰ বুকু পানীৰে ওপচি উঠাৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ মিদুথুৰু, গাডিভেমুলা আৰু কোট্টাপল্লী মণ্ডলত কেইবাটাও বাসগৃহ বোকাৰে পোত যায় ৷ অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই । কোটা কাণ্ডুকুৰু-আহোবিলাম পথৰ মাজতে ওফন্দি উঠা ভাকিলেৰু নৈৰ বাবে বন্ধ হৈ পৰে যাতায়াত ।
নেল্লোৰ আৰু প্ৰকাশম জিলাত বান
নেল্লোৰ জিলাৰ কান্দুকুৰ মণ্ডলত পাণ্ডিভাগুৰ পৰা অহা বান কোডলু (মোপাডু) টেংকত প্ৰৱেশ কৰাৰ ফলত অতিৰিক্ত পানী নিষ্কাশন কৰিবলৈ ১৪ খন গেট খুলিবলগীয়া হৈছে প্ৰশাসনে ৷ কান্দুকুৰ-গুদালুৰু পথটো এতিয়াও পানীৰ পৰা চাৰি ফুট তলত ডুবি আছে । প্ৰকাশম জিলাৰ নাগুলুপ্পালাপাড়ু মণ্ডলত মদ্দিৰালা মুপল্লা গাঁৱৰ সমীপৰ এটা পুখুৰীৰ পাৰসমূহ ভাঙি যায় ৷ প্ৰশাসনে সম্প্ৰতি জেচিবিৰ সহায়ত পুখুৰীটোৰ পাৰ মেৰামতি কৰি আছে ৷ মাৰ্কাপুৰমৰ গুণ্ডলাকাম্মা নদীৰ পাৰত নিৰ্মিত সুৰক্ষা সীমাবোৰ পানীত উটি যোৱাৰ ফলত ১২টা গোধন মৃত্যুমুখত পৰে ৷ বানৰ বাবে গোধনৰ গৰাকীসকল উক্ত স্থানত উপস্থিত হ’ব পৰা নাছিল ৷
সাহায্য ব্যৱস্থা অব্যাহত
ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল আৰু মাছমৰীয়াসকলক অত্যাৱশ্যকীয় সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে ৷ য’ত আছে ৫০ কেজি চাউল, ১ কেজিকৈ দালি, পিঁয়াজ, আলু, চেনি আৰু প্ৰতিটো পৰিয়ালৰ বাবে এক লিটাৰকৈ খোৱা তেল ।
অসামৰিক যোগান আয়ুক্তক তৎকালীনভাৱে সামগ্ৰীসমূহৰ বিতৰণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে বিপণন আয়ুক্তক শাক-পাচলি আৰু পিঁয়াজৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে ৷
ভেলুগণ্ডা সুৰংগৰ পৰা উদ্ধাৰ শ্ৰমিক
প্ৰকাশম জিলাত ভেলুগোণ্ডা প্ৰকল্পৰ সুৰংগত আবদ্ধ হৈ থকা প্ৰায় ২০০ শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰা হৈছে । বিষয়াসকলে কৃষ্ণা নদীৰ মাজেৰে নাও ব্যৱহাৰ কৰি শ্ৰমিকসকলক নিৰাপদে বাহিৰলৈ আনে ৷
কাকিনাড়া জিলাত স্বস্তিৰ নিশ্বাস
ঘূৰ্ণীবতাহ মন্থাই কাকিনাড়া জিলাৰ উপকূল অঞ্চল অতিক্ৰম কৰাৰ লগে লগে উপ্পাড়া, সুৰদাপেট, মায়াপট্টনম আৰু কোনাপাপাপেটৰ বাসিন্দাসকলে অস্থায়ী আশ্ৰয় শিবিৰৰ পৰা নিজৰ নিজৰ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰে ৷ প্ৰচণ্ড ঢৌৰ ফলত উপ্পাড়া-কাকিনাড়া সমুদ্ৰপথটোত ভয়াৱহ খহনীয়া হৈছিল । স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে মাছমৰীয়াসকলে নিজৰ ঘৰ আৰু চৌপাশ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে ।
লগতে পঢ়ক: ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত উপকূলীয় আৰু দক্ষিণ ওড়িশাত বিস্তৰ ক্ষতি; এজনৰ মৃত্যু, বাতিল বিমানসেৱা

