ETV Bharat / bharat

শ্ৰীলংকাত আবদ্ধ ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে তিৰুৱনন্তপুৰমলৈ স্থানান্তৰ

ভাৰতীয় বায়ু সেনাই দুৰ্যোগ প্ৰভাৱিত শ্ৰীলংকাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । তাৰ মাজতে বিশেষ বিমানেৰে স্বদেশলৈ ঘূৰাই অনা হৈছে আবদ্ধ ভাৰতীয়ক ।

this image posted on Nov. 30, 2025, Indian nationals stranded in cyclone-hit Sri Lanka being evacuated by the Indian Air Force (IAF)
শ্ৰীলংকাত আবদ্ধ ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে তিৰুৱনন্তপুৰমলৈ স্থানান্তৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 1:06 PM IST

2 Min Read
Choose ETV Bharat

তিৰুৱনন্তপুৰম (কেৰালা) : ঘূৰ্ণীবতাহ 'দিত্বাহ'ৰ ফলত শ্ৰীলংকাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । ধুমুহা, বৰষুণ আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । এনে পৰিস্থিতিত ভাৰতীয় পৰ্যটক তথা নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । তাৰ অংশ হিচাপে শ্ৰীলংকাত আবদ্ধ হৈ থকা ২০০ৰো অধিক ভাৰতীয় নাগৰিকক দেওবাৰে ভাৰতীয় বায়ুসেনাই কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ স্থানান্তৰ কৰিছে । প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই এই কথা অৱগত কৰিছে । মুখপাত্ৰই জনোৱা মতে কলম্বোৰ পৰা তিৰুৱনন্তপুৰমলৈ বায়ু সেনাৰ বিমান নিশা ৭.৩০ বজাৰ ভিতৰত উপস্থিত হয় । এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, "চি-১৩০ জে বিমানত নিশা ১১ বজাৰ ভিতৰত আৰু ১৩৫ গৰাকী লোক অৱতৰণ কৰাৰ সম্ভাৱনা আছে ।"

প্ৰতিৰক্ষাৰ মুখপাত্ৰগৰাকীৰ মতে দ্বীপ ৰাষ্ট্ৰখনলৈ উদ্ধাৰকাৰী দল, সাহায্য সামগ্ৰী আৰু এন ডি আৰ এফৰ দল প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা আই এ এফৰ আই এল-৭৬ আৰু চি-১৩০জে হেভি লিফ্ট কেৰিয়াৰসমূহ আবদ্ধ যাত্ৰীসকলক স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ।

প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে শেহতীয়াকৈ অঞ্চলটোত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ভয়াৱহ মানৱীয় ক্ষতিৰ পিছত অপাৰেশ্যন সাগৰবন্ধুৰ অংশ হিচাপে শ্ৰীলংকাৰ জনসাধাৰণলৈ আই এ এফে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) আগবঢ়াই আহিছে । একাধিক অভিযান চলাই বায়ুসেনাৰ হেলিকপ্টাৰে ডায়াথালাৱা আৰ্মী কেম্প আৰু কলম্বোৰ পৰা কোটমালেলৈ মুঠ ৫৭ গৰাকী শ্ৰীলংকা সেনা জোৱানক বিমানেৰে লৈ গৈছে ।

কোটমালে হৈছে শ্ৰীলংকাৰ মধ্য প্ৰদেশৰ ভূমিস্খলন প্ৰভাৱিত অঞ্চল, যিটো অঞ্চল সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । মুখপাত্ৰগৰাকীয়ে জনোৱা মতে ভাৰতীয় বায়ু সেনাই হাইব্ৰীড মিছন চলাইছে । সাধাৰণ নাগৰিকসকল আবদ্ধ হৈ থকা স্থানলৈ হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে য'ত বিশেষ কমাণ্ডো বাহিনীয়ে লোকসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে । প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে ভাৰতীয়, বিদেশী নাগৰিক আৰু শ্ৰীলংকাৰ লোককে ধৰি মুঠ ৫৫ গৰাকী সাধাৰণ নাগৰিকক সফলতাৰে কলম্বোলৈ স্থানান্তৰ কৰা হৈছে । ২৪ ঘণ্টাই ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুখনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :শ্ৰীলংকাত মহাপ্ৰলয়; আবদ্ধ নাগৰিকক স্বদেশলৈ ঘূৰাই অনাৰ চেষ্টা ভাৰতৰ