উৎকোচ লৈ ধৰা পৰা চৰকাৰী বিষয়াৰ ঘৰত ওলাল ৪ কোটিৰো অধিক টকা
কয়লা ব্যৱসায়ীৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল বিষয়াজন ।

Published : February 25, 2026 at 1:46 PM IST
ভুৱনেশ্বৰ : ভিজিলেন্সৰ জালত পৰিল ওড়িশাৰ কটক চক্ৰৰ খনি বিভাগৰ উপ-সঞ্চালক । অনুজ্ঞাপত্ৰ থকা কয়লা ব্যৱসায়ীৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল দেৱব্ৰত মহান্তি নামৰ উপ-সঞ্চালকগৰাকী । মঙলবাৰে নিশা গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ বাসগৃহকে ধৰি ৩ টা স্থানত ভিজিলেন্সে অভিযান চলায় । অভিযানৰ সময়ত বিষয়াজনৰ ঘৰৰ পৰা পুনৰ ভিজিলেন্সে জব্দ কৰে ৪ কোটিৰো অধিক নগদ ধন ।
ভিজিলেন্সৰ পৰা পোৱা তথ্য অনুসৰি খনি বিভাগৰ উপ-সঞ্চালক দেৱব্ৰত মহান্তিয়ে কয়লা খনি সঠিকভাৱে চলিবলৈ যাতায়তৰ অনুমতি দিয়াৰ বিনিময়ত এই ধন উৎকোচ হিচাপে লৈছিল । এই সন্দৰ্ভত ভুৱনেশ্বৰ ভিজিলেন্স আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় । এই সন্দৰ্ভত বিষয়াজনক জেৰাও চলাই আৰক্ষীয়ে । ভিজিলেন্সৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি বুধবাৰে ভুৱনেশ্বৰৰ শ্ৰীবিহাৰ নেচাৰ্ছ এপাৰ্টমেণ্ট ফ্লেট নং ৩০২ত দেৱব্ৰত মহান্তিৰ ঘৰৰ পৰা ৪ কোটিতকৈ অধিক নগদ ধন জব্দ কৰা হৈছে ।
আৰক্ষীয়ে জনোৱা মতে ভিজিলেন্সৰ ইতিহাসত এতিয়ালৈকে জব্দ কৰা ধনৰ ভিতৰত ই সৰ্বাধিক । ধনখিনি ট্ৰলী বেগ আৰু আলমিৰাত লুকুৱাই ৰাখিছিল । ভিজিলেন্সৰ দলে ইয়াৰ উপৰিও মহান্তিৰ কাৰ্যালয়ৰ পৰা জব্দ কৰিছে ১ লাখ ২০ হাজাৰ টকা । ইয়াৰ সমান্তৰালকৈ কটক কাৰ্যালয়ৰ ভদ্ৰক মথসাহিত থকা তেওঁৰ পিতৃগৃহতো ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ উপৰিও ভিজিলেন্সে গাঁৱৰ এটা ঘৰত, চুনালংকা গাঁৱৰ সমীপত ১৩০ বৰ্গমিটাৰৰ দুমহলীয়া এটা অট্টালিকা, ভুৱনেশ্বৰৰ পাহাৰৰ সমীপৰ ২৪০০ বৰ্গফুটৰ দুমহলীয়া অট্টালিকাতো অভিযান চলাইছে । ভুৱনেশ্বৰ ভিজিলেন্স আৰক্ষী থানাত গোচৰ ৰুজু কৰি (১/২০২৬) আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অভিযানো অব্যাহত আছে । অভিযানৰ পিছতহে তেওঁৰ সকলো সম্পত্তিৰ মূল্যায়ন কৰা হ'ব ।
লগতে পঢ়ক :দিল্লীত নিশা লৰেন্স বিষ্ণৈৰ অধিবক্তাৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা

