উত্তপ্ত মণিপুৰত চিআৰপিএফ জোৱান আহত : বাসগৃহত অগ্নিসংযোগ
সেনাপতি জিলাত নগা-কুকি সংঘাতৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ ৷ অৱৰোধৰ পিছত ২নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি ৷

Published : August 24, 2026 at 5:27 PM IST
তেজপুৰ: কিছু সময়ৰ বিৰতিৰ পিছত পুনৰ মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ ৰাজ্যখনৰ সেনাপতি জিলাত নগা আৰু কুকি সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পিছত সোমবাৰে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে । দুৰ্বৃত্তই বাসগৃহত অগ্নিসংযোগ কৰাৰ ফলত স্থানীয় লোকসকলে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছিল ।
অৱশ্যে এতিয়া পৰিস্থিতি কিছু পৰিমাণে শান্ত হৈছে ৷ সেনাপতি জিলাৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ সৈতে ইটিভি ভাৰতৰ হোৱা টেলিফোনিক বাৰ্তালাপত এগৰাকী আৰক্ষী বিষয়াই কয়, ‘‘জিলা প্ৰশাসনৰ হস্তক্ষেপত দুয়োটা পক্ষৰ মাজৰ সমস্যা সমাধান কৰা হৈছে । উত্তেজনাৰ সময়ত বন্ধ হৈ পৰা ইম্ফল-ডিমাপুৰ সংযোগী গুৰুত্বপূৰ্ণ ২নং ৰাষ্ট্ৰীয় ঘাইপথ (NH-2) ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ৷ ঘাইপথটোৰে যান-বাহনৰ চলাচল পুনৰ আৰম্ভ হৈছে ।’’

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই সংঘাতৰ সময়ত এগৰাকী চিআৰপিএফ জোৱান আহত হৈছিল । তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছলৈ চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় । অৱশ্যে জোৱানজন গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল নে নাই, সেয়া আৰক্ষীয়ে নিশ্চিত কৰা নাই ।
নিৰাপত্তা বাহিনী আৰু সাধাৰণ লোকৰ মাজত কোনো ধৰণৰ গুলীয়াগুলীৰ ঘচনা সংঘটিত নোহোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে স্থানীয় অঞ্চলত প্ৰতিবাদকাৰীসকলে গুলীচালনাৰ ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে ।
এই উত্তেজনাৰ সময়ত সেনাপতি বজাৰো বন্ধ হৈ পৰিছিল । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত বজাৰখন পুনৰ মুকলি কৰা হৈছে আৰু স্বাভাৱিকভাৱেই ব্যৱসায়-বাণিজ্য আৰম্ভ হৈছে ৷
পূৰ্বে সোমবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত নগা আৰু কুকি সম্প্ৰদায়ৰ উত্তেজনাৰ মাজতে দুৰ্বৃত্তই কেইবাটাও ঘৰ জ্বলাই দিয়াৰ খবৰ পোহৰলৈ আহিছিল । নগা সম্প্ৰদায়ৰ স্বেচ্ছাসেৱকসকলে ২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কথাও প্ৰকাশ পাইছিল । সামাজিক মাধ্যমত প্ৰকাশ পোৱা কিছু দৃশ্যত ঘাইপথৰ ওপৰত জ্বলি থকা কাঠ আৰু ধ্বংসাৱশেষৰে স্থানীয় লোকসকলে পথ অৱৰোধ কৰি ৰখা দেখা গৈছিল ।
সেনাপতি আৰু কাংপকপি জিলাৰ কিছু অঞ্চলত নগা আৰু কুকি গোটৰ মাজত পূৰ্বৰে পৰা চলি অহা উত্তেজনাৰ মাজতে শেহতীয়া ঘটনাই নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে ।
এই উত্তেজনাৰ সৈতে ১৩ মে’ত লেইলন ভাইফেই গাঁৱৰ পৰা ছয়গৰাকী নগা লোকক অপহৰণ কৰাৰ বিষয়টোও জড়িত হৈ আছে । পৰৱৰ্তী সময়ত এই ছয়গৰাকী নগা পণবন্দীৰ হত্যাৰ খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । ঘটনাটোক লৈ বিভিন্ন পক্ষৰ পৰা ভিন্ন দাবী আৰু ব্যাখ্যা প্ৰকাশ পাইছে ।
বিগত ২৫ জুনত ছয়গৰাকী নগা পণবন্দীৰ হত্যাকাণ্ডক লৈ প্ৰকাশ পোৱা বিভিন্ন প্ৰতিবেদন আৰু প্ৰতিক্ৰিয়াই বিষয়টো অধিক স্পৰ্শকাতৰ কৰি তোলে । এই ঘটনাক লৈ কুকি-জো সম্প্ৰদায়ে স্বীকাৰ কৰা বুলি একাংশ দাবী উত্থাপন হ’লেও বিষয়টো লৈ ভিন্ন মত আৰু ব্যাখ্যা অব্যাহত আছে ।

উল্লেখ্য যে, সেনাপতি জিলাৰ উত্তৰে নাগালেণ্ড, পূবে উখৰুল আৰু পশ্চিমে তামেংলং জিলাৰ সীমান্ত অৱস্থিত ৷ দক্ষিণ দিশে ইম্ফল উপত্যকা অৱস্থিত । ইম্ফল আৰু ডিমাপুৰক সংযোগ কৰা ২নং ৰাষ্ট্ৰীয় ঘাইপথ সেনাপতি জিলাৰ মাজেৰে পাৰ হৈ যোৱা এক গুৰুত্বপূৰ্ণ পথ । সেনাপতি চহৰ, যাক তাহামজাম নামেৰেও জনা যায়, ইম্ফলৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ দূৰৈত ২নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত । এই চহৰখন বিভিন্ন নগা লোকৰ বাসস্থান । মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সেনাপতি জুক’ উপত্যকা (Dzükou Valley)ৰ দৰে বিখ্যাত ঠাই পৰ্যটনস্থলীৰ হিচাপেও পৰিচিত ।
উল্লেখ্য যে, মণিপুৰত বিগত ২০২৩ চনৰ ৩মে’ৰ পৰা হিংসাত্মক ঘটনা সংঘটিত হৈ প্ৰায় ২৬০জনৰো অধিক লোকৰ মৃত্যু হৈছে ৷ লগতে প্ৰায় ৬০হাজাৰ লোক গৃহহীন হৈ পৰিছে ।
বৰ্তমান আৰক্ষীৰ মতে পৰিস্থিতি নিয়ন্ত্ৰণত আছে । ৰাষ্ট্ৰীয় ঘাইপথ মুকলি হোৱাৰ লগতে সেনাপতি বজাৰতো স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে । অৱশ্যে অঞ্চলটোত অব্যাহত থকা সাম্প্ৰদায়িক উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে ।
লগতে পঢ়ক: পূব ইম্ফলত দুটা পৃথক অভিযান : অস্ত্ৰ-শস্ত্ৰ, গুলী-বিস্ফোৰক উদ্ধাৰ

