হৰিদ্বাৰত গংগা দশেৰা উৎসৱৰ আয়োজন; সোমবাৰে পুৱাৰ ভাগতেই আহিল প্ৰায় ১৬ লাখ ভক্ত
গংগা দশেৰা উপলক্ষে হৰিদ্বাৰত অগনন ভক্তৰ ভিৰ ৷ দেওবাৰৰ দিনটোত গংগাত স্নান কৰা ভক্তৰ সংখ্যা আছিল ২৭লাখ,কিন্তু সোমবাৰে পুৱাৰ ভাগত এক ব্যতিক্ৰমী পৰিৱেশ দেখা গ’ল৷

Published : May 25, 2026 at 11:52 AM IST
হৰিদ্বাৰ (উত্তৰাখণ্ড) : গংগা দশেৰা উপলক্ষে সোমবাৰে পবিত্ৰ ভূমি হিচাবে খ্যাত হৰিদ্বাৰত ভক্তৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল ৷ ভক্তসকল ব্ৰহ্মমুহুৰতৰ পৰাই গংগা নদীৰ হৰকী পৌৰী আৰু ইয়াৰ আশে-পাশে থকা ঘাটসমূহত গা ধুই পূজা-অৰ্চনা কৰা দেখা গৈছে ৷
কি ডেকা, কি বুঢ়া - গংগা ঘাটত স্নান কৰিবলৈ সকলো বয়সৰ ভক্তই দীঘলীয়া শাৰী পতা দেখা গৈছে । গংগাত স্নান কৰাৰ পাছতে ভক্তসকলে সকলোৰে মংগল তথা সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে । দেওবাৰে গংগাত ২৭ লাখ ভক্তই স্নান কৰাৰ বিপৰীতে সোমবাৰে পুৱাৰ ভাগতেই গংগা আৰতিৰ পিছত ভক্তৰ সংখ্যা ১৬ লাখ হৈছেগৈ বুলি উল্লেখ কৰিছে আৰক্ষী তথা প্ৰাশাসনৰ লোকে ।
কেৱল গংগা ঘাটতে নহয়, এই উৎসৱ উপলক্ষে সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ আটাইকেইটা গংগা ঘাটতে ভক্তই "হৰ হৰ গংগে" ধ্বনি দিছে, যাৰ ফলত সমগ্ৰ পৰিৱেশটো এক আধ্যাত্মিকতা ভাবত বুৰ যোৱা যেন অনুমান হৈছে ৷ গংগা ঘাটকে ধৰি হৰিদ্বাৰৰ প্ৰতিটো প্ৰান্তত প্ৰশাসনে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে ৷ লগতে সকলো ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

উল্লেখ্য যে, হিন্দু ধৰ্মত গংগা দশেৰাৰ বিশেষ তাৎপৰ্য আছে । ধৰ্মীয় বিশ্বাস অনুসৰি, জেষ্ঠ মাহৰ শুক্ল পক্ষৰ দশম দিনা ভগীৰথ ৰজাৰ তপস্যাত সন্তুষ্ট হৈ দেৱী গংগা ভগৱান শিৱৰ জোটাৰ পৰা মুক্ত হৈ পৃথিৱীলৈ নামি আহিছিল । লোক বিশ্বাস অনুসৰি, এই দিনটোত গংগা নদীত স্নান কৰাৰ লগতে দান-দক্ষিণা দিলে দহটা পাপৰ পৰা মুক্ত হয় ৷ সেয়ে প্ৰতিবছৰে এই পবিত্ৰ দিনটোত বহু সংখ্যক ভক্তই হৰিদ্বাৰত স্নান কৰিবলৈ আহে ৷

আৰক্ষীৰ ফালৰ পৰা জানিব পৰা মতে, ভক্তৰ ব্যাপক ভিৰৰ পৰি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে । সমগ্ৰ মেলা এলেকাটো ১১টা জ’ন আৰু ২৭টা ছেক্টৰত ভাগ কৰি আৰক্ষী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে । নদীৰ ঘাট, পাৰ্কিং এলেকা আৰু পথত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, লগতে নিৰীক্ষণৰ বাবেও চিচিটিভি কেমেৰা ব্যৱস্থাও কৰা হৈছে, যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় ।

যাতায়তৰ প্ৰবাহ সুচাৰুৰূপে বজাই ৰাখিবলৈ ঘাইপথত গধুৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ এছ এছ পি নৱনীত সিং ভুলাৰে ব্যক্তিগতভাৱে হৰকী পৌৰীত উপস্থিত হৈ নিৰাপত্তা আৰু সমগ্ৰ ব্যৱস্থা পৰ্যালোচনা কৰিছে ৷

এছ এছ পি নৱনীত সিং ভুলাৰে উল্লেখ কৰে যে, গংগা দশেৰা এইবেলি বন্ধৰ দিন অৰ্থাৎ দেওবাৰে হোৱাৰ বাবে হৰিদ্বাৰত বহু ভক্তৰ উত্থান ঘটিছে । দেওবাৰৰ দিনটো ২৭ লাখ ভক্তই গংগাত গাত স্নান কৰাৰ বিপৰীতে সোমবাৰে পুৱা গংগা আৰতিৰ পিছত ইয়াত ১৬ লাখ ভক্তই স্নান কৰিছে ৷ দুপৰীয়াৰ ভাগলৈ ইয়াৰ সংখ্যা বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে ।
ট্ৰেফিক প্লেন অনুসৰি, ঘাইপথত গধুৰ বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে । গংগা ঘাটত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । আৰক্ষী, অৰ্ধসামৰিক বাহিনী, স্নীফাৰ দগৰ দলো নিয়োগ কৰা হৈছে ৷ এই বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেক কৰে ৷

