ETV Bharat / bharat

৫ মিনিটতে কোটিৰ ঘৰত লুটপাত: চি চি টিভিত বন্দী দিন-ডকাইতিৰ দৃশ্য

চি চি টিভিৰ ফুটেজত দেখা গৈছে যে ডকাইতে লুটপাত চলাই থকাৰ সময়তে এগৰাকী মহিলাকে ধৰি আতংকিত গ্ৰাহকসকল বিপণিখনত উপস্থিত আছিল ।

MYSURU GOLD SHOWROOM ROBBED
চি চি টিভিত বন্দী হোৱা ডকাইতি কাণ্ড ((Screengrab))
author img

By ETV Bharat Assamese Team

Published : December 29, 2025 at 9:00 PM IST

6 Min Read
Choose ETV Bharat

মহীশূৰ(কৰ্ণাটক): দেওবাৰে মহীশূৰৰ এখন গহণাৰ বিপণিত সংঘটিত হৈছিল এক দিন-ডকাইতি ৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে চি চি টিভিত ৷ চি চি টিভিৰ ফুটেজত দেখা গৈছে যে এই ডকাইতি কিমান নিৰ্লজ্জভাৱে কৰা হৈছিল ।

দিনৰ ২ বজাৰ আশে-পাশে হুন্সুৰৰ স্কাই গোল্ড এণ্ড ডাইমণ্ডছ শ্ব’ৰুমত পিস্তল লৈ প্ৰৱেশ কৰিছিল পাঁচজনীয়া ডকাইতৰ এটা দলে ৷ দলটোৱে বিপণিখনত প্ৰৱেশ কৰি মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে লুট কৰে প্ৰায় ৭ কিলোগ্ৰাম সোণ আৰু ১০ কোটি টকা মূল্যৰ হীৰা ৷

লুটপাতৰ পিছত ডকাইতৰ দলটোৱে পিস্তল দেখুৱাই বিপণিখনৰ কৰ্মচাৰী আৰু গ্ৰাহকসকলক একে ঠাইতে আবদ্ধ কৰি ৰাখে আৰু তাৰপিছত মটৰ চাইকেলত উঠি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

চি চি টিভিৰ ফুটেজত দেখা গৈছে যে এটা ডকাইতে পিস্তল লৈ বিপণিখনত প্ৰৱেশ কৰি কৰ্মচাৰীসকলক বহিবলৈ ইংগিত দিছে । তাৰ লগে লগে হেলমেট পৰিধানকাৰী আন এটা অস্ত্ৰধাৰী ডকাইতে দ্ৰুতগতিত ডিছপ্লে ষ্টেণ্ডৰ পৰা গহণাসমূহ আঁতৰাই কাউণ্টাৰত ৰাখিবলৈ আৰম্ভ কৰিছে । একাংশ শ্বটত ডকাইতটোৰ মুখখন স্পষ্টকৈ দেখা গৈছে ৷ যেতিয়া তেওঁ নিজৰ সংগীসকলক ইংগিত দিয়ে আৰু ওপৰলৈ চাই তেতিয়াই চি চি টিভিত বন্দী হয় ডকাইতটোৰ মুখমণ্ডল ।

কেইছেকেণ্ডমানৰ ভিতৰতে কাঁচৰ কাউণ্টাৰটোত গহণাবোৰৰ এটা দম হৈ পৰে ৷ বিপণিখনৰ সিটো মূৰত একে কাম কৰি আন এটা ডকাইতে নিজৰ বেগটো লৈ সংগীৰ ওচৰলৈ আহে । দুয়ো মিলি দমটোৰ পৰা গহণাবোৰ তুলি বেগত ভৰাবলৈ আৰম্ভ কৰে । তৃতীয়টো পিস্তলধাৰীয়ে বাহিৰৰ পৰা বিপণিখনৰ আন এজন কৰ্মচাৰীক টানি লৈ যায় আৰু মূৰত পিস্তল ৰাখি পণবন্দী কৰি ৰখা আন আন মানুহৰ সৈতে একেশাৰীতে বহিবলৈ বাধ্য কৰোৱায় ।

চি চি টিভিৰ ফুটেজত দেখা গৈছে যে সন্তানৰ সৈতে বিপণিখনলৈ অহা এগৰাকী মহিলাকে ধৰি অন্যান্য গ্ৰাহকসকলকো লুটিছে ডকাইতৰ দলটোৱে ৷ প্ৰথম বেগটোত গহণাবোৰ ভৰোৱাৰ পিছত ডকাইতৰ দলটোৰ আন এজনে দ্বিতীয়টো ডাঙৰ বেগ উলিয়াই দোকানত প্ৰদৰ্শিত বাকীসমূহ সোণৰ গহনাবোৰ ভৰাবলৈ সহযোগীজনক কয় ৷

প্ৰায় পাঁচ মিনিটমানৰ ভিতৰতে বিপণিখন লুটি খালী কৰি পেলাই ডকাইতৰ দলটোৱে ৷

আই এন এছৰ সৈতে হোৱা বাৰ্তালাপত বিপণিখনৰ এজন কৰ্মচাৰীয়ে দিন-দুপৰতে সংঘটিত এই ভয়ংকৰ ডকাইতি কাণ্ডটোৰ ভয়ংকৰ মুহূৰ্তবোৰৰ কথা বিৱৰি কয় । তেওঁ দাবী কৰে যে দলটোৱে শ্ব’ৰুমটোৰ পৰা প্ৰায় ৭ কিলোগ্ৰাম সোণ আৰু হীৰাৰ গহণা লুটি নিয়ে, যাৰ মূল্য প্ৰায় ১০ কোটি টকা ।

কৰ্মচাৰী ৰাজুৱে কয় যে আক্ৰমণকাৰীয়ে তেওঁলোকক ভাবুকি দিয়াৰ পিছত দুখন মটৰ চাইকেলেৰে পলায়ন কৰে । তেওঁ লগতে কয় যে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় হোৱাৰ বাবে একাংশ কৰ্মচাৰীয়ে নিয়মমাফিক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ওলাই গৈছিল ।

ৰাজুৱে কয়, ‘‘আমাৰ চাৰিজন প্ৰথমে ওলাই গৈ উভতি আহিলোঁ । মেনেজাৰ আৰু বাকীসকল পিছত ওলাই গ'ল । ডকাইতিটো তেওঁলোক যোৱাৰ পিছত সংঘটিত হয় ।’’ ৰাজুৱে জনোৱা মতে, মেনেজাৰজনে মেছেজৰ জৰিয়তে ডকাইতিৰ খবৰ লাভ কৰি লগে লগে শ্ব’ৰুমলৈ উভতি যায় । ডকাইতকেইটাক পলায়নত বাধা প্ৰদান কৰিবলৈ তেওঁ বিপণিখনৰ সন্মুখৰ দুৱাৰখন বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও ডকাইতে দুৱাৰ ভাঙি মেনেজাৰক উদ্দেশ্যি গুলীচালনা কৰে ।

কৰ্মচাৰীজনে কয় যে গুলীচালনাৰ পিছত তেওঁলোকে লগে লগে গহণাবোৰ ভৰোৱা বন্ধ কৰি পলায়ন কৰে । মেনেজাৰজনে পিছে পিছে খেদি যায় যদিও ডকাইতৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয় ।

তেওঁ কয় যে মেনেজাৰজন ঘূৰি অহাৰ আগতেই ডকাইতে নিৰ্ভয়ে লুটপাত চলাই আছিল । ‘‘তেওঁলোকে আমাক পিস্তলৰে ভাবুকি দি লুটপাত কৰিছিল । আমাৰ এজন কৰ্মচাৰীক পিস্তল দেখুৱাই গহণাবোৰ বেগত ভৰাই দিবলৈ বাধ্য কৰাইছিল’’ বুলি কৰ্মচাৰী ৰাজুৱে কয় ৷

ৰাজুৰ মতে, ডকাইতৰ দলটোৱে হিন্দী ভাষাত কথা পাতিছিল আৰু কৰ্মচাৰীসকলক সহযোগ কৰিবলৈ নিৰ্দেশ দিছিল । তেওঁ কয়, ‘‘যেতিয়া তেওঁলোকে সোমাই আহিছিল, তেতিয়া আমাক বহিবলৈ কৈছিল আৰু 'বহ, বহ' বুলি কৈয়েই আছিল । মই প্ৰথমে নাকচ কৰিছিলো, সেয়েহে তেওঁলোকে মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল আৰু মোক পিস্তলৰে আঘাত কৰিছিল । যিহেতু গ্ৰাহক আৰু শিশুও বিপণিখনত উপস্থিত আছিল, গতিকে আমি আৰু প্ৰতিবাদ কৰা নাছিলো ।’’

‘‘শ্ব’ৰুমৰ ভিতৰৰ গ্ৰাহকসকলো আতংকিত হৈ পৰিছিল । বহু গ্ৰাহকে সোণৰ গহণা পিন্ধি আছিল । জীৱন আৰু গহণা দুয়োটাৰে বাবে গ্ৰাহকসকলে ভয় খাইছিল’’ - ৰাজুৱে কয় ৷ ৰাজুৱে কয় যে মেনেজাৰজন সময়মতে উভতি নহা হ’লে ডকাইতে সকলো সামগ্ৰী চুৰি কৰি লৈ গ’লহেঁতেন । মেনেজমেণ্টে দূৰৈৰ পৰা চি চি টিভিৰ ফুটেজত ঘটনাটো দেখি মেনেজাৰক খবৰ দিয়ে আৰু লগে লগে মেনেজাৰ ঘটনাস্থলীত উপস্থিত হৈ বাহিৰৰ পৰা দুৱাৰত তলা লগাই দিয়ে ।

তদন্তৰ অংশ হিচাপে আৰক্ষী অধীক্ষক এন বিষ্ণুবৰ্ধন, আৰক্ষী মহাপৰিদৰ্শক এম বি বৰলিংয়া আৰু ফিংগাৰপ্ৰিণ্ট বিশেষজ্ঞ ঘটনাস্থলীত উপস্থিত হয় । হুন্সুৰ থানাত ৰুজু হৈছে এক গোচৰ ।

আই এন এছৰ মতে, মহীশূৰ জিলাৰ প্ৰভাৰী মন্ত্ৰী এইচ চি মহাদেৱপ্পাই কয় যে অভিযুক্তসকলৰ সন্দৰ্ভত এতিয়াও কোনো সুনিৰ্দিষ্ট সূত্ৰ সংগ্ৰহ কৰা হোৱা নাই ।

‘‘আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহ কৰি আছে । কেৱল এটা ঘটনাৰ সহায়ত অপৰাধৰ হাৰ বেছি বুলি সিদ্ধান্ত ল'ব নোৱাৰি’’ বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ঘটনাটো এটা মূল পথত সংঘটিত হৈছে আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে । ‘‘আৰক্ষী অধীক্ষকে মোক এই বিষয়ে অৱগত কৰিছে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব’’ বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: হিংসাত্মক বাতাবৰণ ! বৰদিনৰ সময়ত সংঘটিত কেইবাটাও ঘটনাক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ কে চি বেণুগোপালৰ