ETV Bharat / bharat

এয়া কাপুৰুষালি ! আইনী শাসন বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

সোমবাৰে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণত নিহত হোৱাসকলক শ্ৰদ্ধাঞ্জলি জনায় উচ্চতম ন্যায়ালয়ে ।

SC Pays Homage To Victims Of Red Fort Blast
উচ্চতম ন্যায়ালয় (File : IANS)
author img

By Sumit Saxena

Published : November 11, 2025 at 1:14 PM IST

|

Updated : November 11, 2025 at 1:40 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : সোমবাৰে দিল্লীৰ লালকিল্লাৰ সমীপত এখন গাড়ীত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ যাৰ ফলত বৰ্তমান পৰ্যন্ত বাৰজন লোকৰ মৃত্যু (বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্যৰ ভিত্তিত) হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ তথ্য লাভ কৰা গৈছে ৷ এই বিস্ফোৰণত নিহত হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনাই মঙলবাৰে উচ্চতম ন্যায়ালয়ে আইনী শাসন বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি ইয়াক 'কাপুৰুষালি' বুলি অভিহিত কৰে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে (B R Gavai) কয়, "কালি দিল্লীত সংঘটিত হোৱা কাপুৰুষালিৰ কথা আমি লক্ষ্য কৰো । ২০২৫ চনৰ ১০ নৱেম্বৰৰ সন্ধিয়া দিল্লীত সংঘটিত হোৱা গাড়ী বিস্ফোৰণ ঘটনাত আমি সকলোৱে গভীৰভাৱে দুখী হৈছো । জ্যেষ্ঠ অধিবক্তা ডঃ শৰৎ এছ জাৱলী আৰু জগদীশ চন্দ্ৰ গুপ্তাৰ স্মৃতিত আদালতৰ সম্পূৰ্ণ ৰেফাৰেন্সৰ সময়ত মুখ্য ন্যায়াধীশয়ে এই পৰ্যবেক্ষণ কৰে ।"

CJI
মুখ্য ন্যায়াধীশ বি আৰ গাভাই (ANI)

মুখ্য ন্যায়াধীশয়ে এক শোকবাৰ্তাত কয়, "ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দেশৰ সমগ্ৰ ন্যায়িক লগতে আইনী ভাতৃত্ববোধৰ হৈ এই ভয়াৱহ শোকাৱহ দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালসমূহলৈ গভীৰ শোক প্ৰকাশ কৰিছো ।"

তেওঁ আৰু কয়, “আমাৰ চিন্তা আৰু প্ৰাৰ্থনা শোকত ভাগি পৰা সকলোৰে সৈতে আছে, লগতে আঘাতপ্ৰাপ্ত বা অন্য কোনো ক্ষতিগ্ৰস্ত লোকৰ সৈতেও আছে । কোনো শব্দই সঁচাকৈয়ে এনে ক্ষতিৰ যন্ত্ৰণা লাঘৱ কৰিব নোৱাৰে, তথাপিও আমি আশা কৰো যে জাতিটোৰ সামূহিক মমতা আৰু সংহতি এই দুখৰ সময়ত কিছু সান্ত্বনা প্ৰদান কৰিব ৷”

এই শোকৰ মুহূৰ্তত মুখ্য ন্যায়াধীশয়ে কয়, ‘‘আমি শোকসন্তপ্তসকলৰ সৈতে সংহতিৰে থিয় দিছো । "আমি আইনৰ শাসন বজাই ৰখা, ন্যায় নিশ্চিত কৰা আৰু প্ৰতিজন নাগৰিকৰ মৰ্যাদা ৰক্ষাৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো । বিদেহী আত্মাই চিৰশান্তি লাভ কৰক ৷"

লগতে পঢ়ক : সকলোতে সিঁচৰতি কেৱল মানৱ শৰীৰৰ অংগ : দিল্লী বিস্ফোৰণৰ প্ৰতিটো দৃশ্য বৰ্ণনা প্ৰত্যক্ষদৰ্শীৰ

লগতে পঢ়ক : লালকিল্লা বিস্ফোৰণ : UAPA আৰু বিস্ফোৰক আইনৰ অধীনত দিল্লী আৰক্ষীৰ গোচৰ পঞ্জীয়ন

Last Updated : November 11, 2025 at 1:40 PM IST