সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক দোষমুক্ত ঘোষণা আদালতৰ
দিল্লী আবকাৰী নীতিৰ গোচৰত ছিছোদিয়া আৰু কেজৰিৱালক আদালতে অভিযুক্ত কৰাৰ পিছত পৰিয়ালৰ লোকে কয় যে 'সত্যৰ সদায় জয়' ।

Published : February 27, 2026 at 11:42 AM IST
নতুন দিল্লী : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ । দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি দিছে আদালতে ।
দিল্লীৰ এখন আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক উক্ত গোচৰত অভিযোগমুক্ত ঘোষণা কৰিছে ৷ দিল্লীৰ ৰৌজ এভিনিউ আদালতে কয় যে মুখ্য়মন্ত্ৰী হিচাপে কেজৰিৱালে গ্ৰহণ কৰা আবকাৰী বিভাগৰ নীতিত কোনো আসোঁৱাহ নাই বা ইয়াৰ আঁৰত অপৰাধমূলক উদ্দেশ্য় নাছিল ৷

আদালতৰ পৰ্যবেক্ষণ যে তথাকথিত কেন্দ্ৰীয় ষড়যন্ত্ৰমূলক ভূমিকাক প্ৰমাণিত কৰিব পৰা নগ'ল । আদালতে লগতে পৰ্যবেক্ষণ কৰে যে এই অভিযোগ 'ন্যায়িক নিৰীক্ষণত ব্যৰ্থ' হৈছে আৰু মনীষ ছিছোদিয়াৰ তৰফৰ পৰা 'কোনো অপৰাধমূলক উদ্দেশ্য' পোৱা নাই ।
VIDEO | AAP national convenor Arvind Kejriwal (@ArvindKejriwal) breaks down as he addresses media after appearing before Rouse Avenue Court over the Delhi Excise Policy case. He says, " for the past few years, the way bjp has been accusing us in the delhi excise policy case, today… pic.twitter.com/jtREb0JyVi
— Press Trust of India (@PTI_News) February 27, 2026
আনহাতে, ৰায়দানত আনন্দ প্ৰকাশ কৰি অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে পোষ্ট কৰে, "এই পৃথিৱীত যিয়েই যিমান শক্তিশালী নহওক কিয়, তেওঁ শিৱ শক্তিতকৈ ওপৰত উঠিব নোৱাৰে । সদায় সত্যৰে জয় হয় ।"
VIDEO | AAP leader Manish Sisodia (@msisodia) after appearing before Rouse Avenue Court in connection with the Delhi Excise Policy case, said,
— Press Trust of India (@PTI_News) February 27, 2026
" we are once again proud of our constitution and br ambedkar who gave us such a constitution. truth has won again."
(full video… pic.twitter.com/ZfWTlijgEq
উল্লেখ্য যে ২০২২ চনত চি বি আয়ে প্ৰথম অভিয়োগনামা দাখিল কৰাৰ পিছত একাধিক পৰিপূৰক অভিযোগনামা দাখিল কৰে । কেন্দ্ৰীয় সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে যে বৰ্তমান বাতিল কৰা আবকাৰী নীতিৰ সপক্ষে প্ৰভাৱিত কৰিবলৈ এটা 'দক্ষিণী লবী'য়ে ১০০ কোটি টকা দিছিল ।
VIDEO | Delhi: Delhi court discharges Arvind Kejriwal, Manish Sisodia in excise corruption case, rejects CBI chargesheet. Advocate Vivek Jain says, “In the excise scam, the Rouse Avenue Special Court has discharged all the accused. This discharge has come after all the evidence,… pic.twitter.com/FMehYM1yeZ
— Press Trust of India (@PTI_News) February 27, 2026
মুঠ ২৩ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে । ইয়াৰ ভিতৰত আছিল অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়া, কে কবিতা, কুলদীপ সিং, নৰেন্দ্ৰ সিং, বিজয় নায়াৰ, অভিষেক বয়নপল্লী, অৰুণ ৰামচন্দ্ৰ পিল্লাই, মুঠা গৌতম, সমীৰ মহেন্দ্ৰ, অমনদীপ সিং ধল, অৰ্জুন পাণ্ডে, বুটচিবাবু গোৰ্নাটলা, ৰাকেশ যোশী, দামোদৰ প্ৰসাদ শৰ্মা, প্ৰিন্স কুমাৰ, চানপ্ৰীত সিং ৰায়ত, অৰবিন্দ কুমাৰ সিং, দুৰ্গেশ পাঠক, অমিত অৰোৰা, বিনোদ চৌহান, আশিস মাথুৰ, আৰু পি শৰৎ চন্দ্ৰ ৰেড্ডী ।
PHOTO | AAP national convenor Arvind Kejriwal and party leader Manish Sisodia celebrate with family members after a Delhi court discharged them in an excise police-related corruption case, refusing to take cognisance of the CBI chargesheet.
— Press Trust of India (@PTI_News) February 27, 2026
(Source: Third Party) pic.twitter.com/JLZn2hqs8Q
নিজৰ যুক্তি প্ৰদৰ্শনৰ সময়ত চি বি আয়ে কয় যে অপৰাধমূলক ষড়যন্ত্ৰৰ অপৰাধক সম্পূৰ্ণৰূপে গুৰুত্ব দিব লাগিব আৰু বিচাৰৰ সময়ত প্ৰমাণৰ পৰ্যাপ্ততা পৰীক্ষা কৰিব লাগে । অতিৰিক্ত ছলিচিটৰ জেনেৰেল ডি পি সিং আৰু অধিবক্তা মনু মিশ্ৰৰ প্ৰতিনিধিত্বত সংস্থাটোৱে যুক্তি আগবঢ়ায় যে সকলো অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ আছে ।
আনহাতে, কেজৰিৱালৰ হৈ উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা এন হৰিহৰণে দাবী কৰে যে তেওঁৰ ক্লায়েণ্টক তথাকথিত ষড়যন্ত্ৰৰ সৈতে জড়িত কৰাৰ কোনো স্পষ্ট প্ৰমাণ নাই। তেওঁ যুক্তি দিয়ে যে কেজৰিৱালৰ নামত দাখিল কৰা চতুৰ্থ পৰিপূৰক অভিযোগনামাত কেৱল পূৰ্বৰ অভিযোগসমূহকে নতুন ৰূপত উপস্থাপন কৰিছে আৰু কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে নিজৰ চৰকাৰী কৰ্তব্য পালন কৰি আছিল ।
VIDEO| AAP national convenor Arvind Kejriwal and party leader Manish Sisodia celebrate with family members after a Delhi court discharged them in an excise police-related corruption case, refusing to take cognisance of the CBI chargesheet.
— Press Trust of India (@PTI_News) February 27, 2026
(Source: Third Party)
(Full video… pic.twitter.com/4D90UZWnSG
হৰিহৰণে লগতে যুক্তি আগবঢ়ায় যে প্ৰাৰম্ভিক অভিযোগনামাত বা পূৰ্বৰ তিনিখন পৰিপূৰক অভিযোগনামাত কেজৰিৱালৰ নাম উল্লেখ কৰা হোৱা নাছিল । চতুৰ্থখনতহে তেওঁৰ নাম হঠাতে আবিৰ্ভাৱ হৈছিল । হৰিহৰণে লগতে পৰৱৰ্তী তদন্তৰ ভিত্তি আৰু ৰাঘৱ মগুণ্টাকে ধৰি সাক্ষীৰ বক্তব্যৰ প্ৰমাণিক মূল্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।

