ETV Bharat / bharat

আপোন বুলি ভবা ঘৰখনেই প্ৰাণ কাঢ়িলে এটা পৰিয়ালৰ; পতি-পত্নীসহ জীয়ৰীৰ অকাল মৃত্যু

সুখৰ নিদ্ৰাত পৰি থাকোটেই অগ্নিদেৱতাৰ ৰোষত পৰিল এটা পৰিয়াল ৷ একেটা পৰিয়ালৰ তিনি সদস্যৰ মৃত্যু ৷

Delhi fire
প্ৰতিকী ফটো (File photo)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 12:37 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : মঙলবাৰে পুৱাটো মঙল নাছিল অজয়ৰ পৰিয়ালটোৰ বাবে ৷ পুৱাৰ সূৰুয দেখাই নাপালে পৰিয়ালটোৱে ৷ সুখৰ নিদ্ৰাত থকা পৰিয়ালটোৱে আপোন ঘৰখনতে অকাল মৃত্যুক সাৱটিব লগা হয় ৷

এই ঘটনাটো হৈছে ৰাজধানী দিল্লীৰ ৷ ৰাজধানীৰ আদৰ্শ নগৰ অঞ্চলত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনৰ ষ্টাফ কোৱাৰ্টাৰত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ কৰুণ মৃত্যু হয় । উক্ত ঘটনাৰ সময়ত বেছিভাগ লোকেই গভীৰ টোপনিত আছিল । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে ৷

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, সোমবাৰে মাজনিশা ২:৩৯ বজাত এই অগ্নিকাণ্ডৰ বিষয়ে ফোন আহিছিল । লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে ছটা অগ্নিনিৰ্বাপক বাহিনীৰ দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বহু চেষ্টাৰ অন্তত এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ কিন্তু জুই নিয়ন্ত্ৰণলৈ অনা পৰলৈকে সকলো ছাঁই হৈ পৰি ৰৈছিল ৷

  • একেটা পৰিয়ালৰ তিনি সদস্যৰ মৃত্যু

অজয় ​​(৪২) তেওঁৰ পত্নী নীলম (৩৮) আৰু তেওঁলোকৰ ১০ বছৰীয়া কন্যা জাহ্নৱী - তিনিওজনেই একেটা কোৱাৰ্টাৰতে বাস কৰিছিল ৷ এই দুৰ্ঘটনাৰ সময়ত তিনিও ঘৰৰ ভিতৰতে আছিল । এই জুই ইমানে তীব্ৰ আছিল যে পৰিয়ালটোৱে ঘৰৰ পৰা উলাই যাবলৈ সুযোগে নাপালে । জানিব পৰা মতে, দিল্লী মেট্ৰ’ত সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত আছিল অজয় ।

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, আৱাসিক অঞ্চলটোত শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ অনুমান কৰা হৈছে ৷ অৱশ্যে ইয়াৰ সঠিক কাৰণ তদন্তহে সকলো তথ্য পোহৰলৈ আহিব ৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি ইতিমধ্যে প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰি আছে ।

ডিচিপি ভীষ্ম সিঙে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে এই ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আশে-পাশে থকা বাসিন্দাসকলে জনোৱা মতে, হঠাতে ক’লা ধোঁৱা আৰু জুইৰ শিখাই সমগ্ৰ অঞ্চলটো আগুৰি ধৰে ৷ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

আৰক্ষী আৰু প্ৰশাসনে জনোৱা মতে, তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই জুইৰ প্ৰকৃত কাৰণ গম পোৱা যাব ৷ যদি কোনো ধৰণৰ গাফিলতি ধৰা পৰে তেন্তে দোষীক শাস্তিও প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে তদন্তকাৰী বিষয়াই ৷

লগতে পঢ়ক : অ’ এন জি চিৰ খাদত গেছ লিক হৈ বিধ্বংসী অগ্নিকাণ্ড