আইফোনৰ প্ৰলোভন দি মহিলাৰ সৈতে অপকৰ্ম! জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰক গ্ৰেপ্তাৰ
শনিবাৰে মাজনিশা ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৬৫(১) আৰু ৩৫১(২) ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে কণ্টেণ্ট ক্ৰিয়েটৰজনক ৷

By ANI
Published : May 18, 2026 at 10:46 AM IST
আগৰতলা(ত্ৰিপুৰা): সাৱধান হওক কণ্টেণ্ট ক্ৰিয়েটৰসকল ! উচ্চ তথা গুণগত মানদণ্ডৰ ভিডিঅ’ তৈয়াৰ কৰাৰ পৰিৱৰ্তে য’তে-ত’তে, যধে-মধে ভিডিঅ’ তৈয়াৰ কৰি সামাজিক মাধ্যমত সস্তীয়া জনপ্ৰিয়তা বিচাৰি ফুৰা কণ্টেণ্ট ক্ৰিয়েটৰসকল হ’ব পাৰে বিপদৰ সন্মুখীন ৷ সস্তীয়া জনপ্ৰিয়তাই হওক অথবা সস্তীয়া নাইবা বিনামূলীয়াকৈ পোৱা সামগ্ৰীয়েই হওক, সহজতে পোৱা কিছুমান সামগ্ৰীৰ বাবে আপুনি পৰিব পাৰে বিপদত ৷
দামী আইফোন উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী সাধাৰণ জনজাতীয় মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱা বুলি দেওবাৰে আৰক্ষীয়ে সদৰী কৰে ৷
ঘটনাৰ স্থান ত্ৰিপুৰাৰ আগৰতলা ৷ শনিবাৰে মাজনিশা ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৬৫(১) আৰু ৩৫১(২) ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি আমতালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক পৰিতোষ দাসে জানিবলৈ দিয়ে ৷
আৰক্ষী বিষয়া দাসে সংবাদ সংস্থা এএনআইক জানিবলৈ দিয়া অনুসৰি, অভিযুক্তই কেইমাহমান পূৰ্বে ফেচবুকৰ জৰিয়তে মহিলাগৰাকীৰ সৈতে চা-চিনাকি হৈছিল ৷ লাহে লাহে সামাজিক মাধ্যমৰ জৰিয়তে দুয়োগৰাকীৰে মাজত আৰম্ভ হোৱা বন্ধুত্ব গাঢ় হৈ পৰে ৷
পৰৱৰ্তী সময়ত মহিলাগৰাকীক অভিযুক্তই এটা দামী আইফোন উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে আগৰতলালৈ মাতে ৷ মহিলাগৰাকীয়ে অন্যান্য কিছু কামৰ লগতে ঔষধ আনিবলৈ আৰু বন্ধুক সাক্ষাৎ কৰিবলৈ ৰে’লযোগে আহি আগৰতলাত উপস্থিত হয় ৷
মহিলাগৰাকী আহি বধৰঘাট ৰে’ল ষ্টেচনত উপস্থিত হৈ বন্ধুৰ সৈতে যোগাযোগ কৰে ৷ বন্ধুৱে মটৰ চাইকেলেৰে আহি মহিলাগৰাকীক পূৰ্ব পৰিকল্পিত স্থানৰ পৰিৱৰ্তে ষ্টেচনৰ সমীপৰ এখন হোটেললৈ নিয়ে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷
অভিযুক্তই হোটেলৰ এটা ৰুমত মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে আতিশয্য চলাই বুলি ভুক্তভোগীয়ে পৰৱৰ্তী সময়ত অভিযোগ দাখিল কৰে ৷ হোটেল ত্যাগ কৰাৰ পূৰ্বে অভিযুক্তই মহিলাগৰাকীক ইয়াৰ বিষয়ে কাৰোবাক ক’লে পৰিণতি ভয়াৱহ হোৱাৰ ধমকি প্ৰদান কৰে ৷ তদুপৰি মহিলাগৰাকীৰ ম’বাইলটোও যুৱকজনে কাঢ়ি লয় ৷ এই ঘটনাৰ পিছতে মহিলাগৰাকী আৰক্ষী থানাত উপস্থিত হয় আৰু অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷
এই অভিযোগ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আৰক্ষীৰ পৰিদৰ্শক শিউলি দাস নেতৃত্বাধীন এটা দলে শনিবাৰে নিশা অভিযুক্তৰ ম’বাইল ফোনৰ বিপণিত অভিযান চলাই তেওঁক আটক কৰে ।
আৰক্ষী সূত্ৰই সদৰী কৰা মতে, অভিযুক্তৰ আছে দুখনকৈ ম’বাইলৰ বিপণি ৷ লগতে তেওঁ স্থানীয় এলেকাত এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপেও পৰিচিত ৷ অভিযুক্ত বিবাহিত আৰু তেওঁৰ আছে সন্তান ৷ দীৰ্ঘদিনৰে পৰা পৰিয়ালটোৱে চহৰখনৰ গংগাইল ৰোড এলেকাত বাস কৰি আহিছিল ।
অভিযুক্তক থানালৈ অনাৰ পিছত তেওঁ সামাজিক মাধ্যমত থকা নিজৰ প্ৰভাৱৰ কথা কৈ খোদ আৰক্ষীকে ভয় খুৱাবলৈ চেষ্টা কৰিছিল বুলি তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিছে ৷ পিছলৈ তেওঁক আমতালি থানাত চমজাই দিয়া হয় ৷ দেওবাৰে মাজনিশা ২ বজাত অভিযুক্তক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক: নাবালিকা নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ মন্ত্ৰীপুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

