ETV Bharat / bharat

প্ৰতি টোপাল পানী সংৰক্ষণ কৰক; বিশ্ব জল দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

১৯৯৩ চনৰ পৰা প্ৰতি বছৰে ২২ মাৰ্চত পালন কৰা হয় বিশ্ব জল দিৱস ৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো পানীৰ টোপাল সংৰক্ষণ কৰিবলৈ দেশবাসীক আহ্বান জনায় ৷

World Water Day
প্ৰধানমন্ত্ৰী মোদী (ANI)
author img

By ANI

Published : March 22, 2026 at 12:00 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: আজি বিশ্ব জল দিৱস ৷ বিশ্ব জল দিৱস উপলক্ষে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৃথিৱীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত পানীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো পানীৰ টোপাল সংৰক্ষণ কৰি দায়বদ্ধতাৰ পৰিচয় দিবলৈ দেশবাসীক আহ্বান জনায় ৷

এক্সত প্ৰকাশিত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে লিখিছে, ‘‘পানী আমাৰ জীৱন আৰু ই আমি বাস কৰা গ্ৰহটোৰ ভৱিষ্যতক গঢ় দিয়ে । আহক বিশ্ব জল দিৱসত আমি পানীৰ প্ৰতিটো টোপাল সংৰক্ষণৰে আমাৰ দায়িত্বৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ মনত ৰাখো ৷ বহনক্ষম উন্নয়নৰ পদ্ধতি গ্ৰহণ কৰা, সজাগতা বৃদ্ধি আৰু সংৰক্ষণৰ মনোভাৱ গ্ৰহণ কৰাসকলৰ প্ৰতি আজি শলাগ লোৱাৰ দিন ।’’

ইফালে, শনিবাৰে জল শক্তি মন্ত্ৰালয়ে কয় যে বিশ্ব জল দিৱসে আমাক পৰিস্কাৰ পানীৰ গুৰুত্ব আৰু বহনক্ষম পানী ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰায় । ই পানীৰ অভাৱ, জলবায়ু পৰিৱৰ্তন আৰু সকলোতে সমানে পানী উপলব্ধৰ দৰে কেতবোৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে চৰকাৰ, উদ্যোগ আৰু সম্প্ৰদায়সমূহক বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পানীৰ সংৰক্ষণ নিশ্চিত কৰাৰ দিশে কাম কৰিবলৈ প্ৰেৰণা যোগায় । এইবাৰৰ জল দিৱসৰ বিষয়বস্তু হৈছে ‘‘জল আৰু লিংগ সমতাই’’ সৰ্বাংগীণ আৰু সমতাপূৰ্ণ জল শাসনৰ প্ৰয়োজনীয়তাক আৰু অধিক দৃঢ় কৰে ৷

পানীক এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পদ হিচাপে আৰু ইয়াৰ সংৰক্ষণত ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰাথমিক ভূমিকাক স্বীকৃতি দি তেওঁলোকক এই অনুষ্ঠান উপলক্ষে যথাচিত কাৰ্যসূচীৰ আয়োজন কৰিবলৈ উৎসাহিত কৰা হয় । এনে পদক্ষেপে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ লগতে পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকাক উৎসাহিত কৰাৰ সম্ভাৱনা আছে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰে, বৰষুণৰ পানী সংগ্ৰহ আৰু পুনৰ ব্যৱহাৰৰ দৰে উত্তম পদ্ধতিসমূহ প্ৰদৰ্শন কৰিব পাৰে, পানী ব্যৱহাৰৰ দক্ষতা বৃদ্ধিৰ বাবে উদ্যোগ আৰু নগৰীয়া স্থানীয় সংস্থাসমূহৰ সৈতে সহযোগিতা কৰিব পাৰে আৰু সম্প্ৰদায়ৰ নেতৃত্বত লোৱা পদক্ষেপসমূহক প্ৰসাৰিত কৰিব পাৰে ।

এই বিশ্বব্যাপী আহ্বানক শক্তিশালী কৰি জল শক্তি মন্ত্ৰালয়ে ২৩ মাৰ্চত নতুন দিল্লীৰ ড৹ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ‘‘জলৰ বাবে উদ্যোগ’’ শীৰ্ষক বিষয়বস্তুৰ অধীনত বিশ্ব জল দিৱস সন্মিলন ২০২৬ ৰ আয়োজন কৰিছে । কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত চৰকাৰ আৰু উদ্যোগক্ষেত্ৰৰ শীৰ্ষ প্ৰতিনিধিসকল উপস্থিত থাকিব ।

এই সন্মিলনত চৰকাৰ আৰু সমাজ উভয়কে জড়িত কৰি এক সামগ্ৰিক পন্থা গ্ৰহণ কৰি ভাৰতৰ জল সুৰক্ষা শক্তিশালী কৰাৰ বাবে বিভাগ, শিক্ষা আৰু উদ্যোগৰ মাজত ক্ৰমবৰ্ধমান সমন্বয়ৰ প্ৰতিফলন ঘটিছে ।

এই সন্মিলনে বহনক্ষম জল ব্যৱস্থাপনাৰ বাবে আলোচনা, উদ্ভাৱন আৰু সহযোগিতাৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে কাম কৰিব ৷ লগতে নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা, শিক্ষাবিদ, ষ্টাৰ্টআপ, এম এছ এম ই আৰু যুৱ উদ্ভাৱকসকলক একত্ৰিত কৰি বৃহৎ পৰিসৰৰ, কাৰ্যকৰী, প্ৰযুক্তিভিত্তিক সমাধানৰ সহযোগিতা সৃষ্টি কৰিব । এই অনুষ্ঠানত বিভিন্ন খণ্ডৰ ৭০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

‘‘পানীৰ বাবে উদ্যোগ’’ শীৰ্ষক এই সন্মিলনৰ সামৰণি পৰিব যৌথ উদ্যোগ ঘোষণাপত্ৰৰে, য’ত উদ্যোগটোৰ বহনক্ষম জল ব্যৱস্থাপনাৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰা হ’ব ।

মন্ত্ৰালয়ে জল খণ্ডত গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰা পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰিব, যিয়ে চৰকাৰ, উদ্যোগ আৰু শিক্ষাবিদৰ মাজৰ সহযোগিতাক লাভান্বিত কৰিব ।

উল্লেখ্য যে, ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে ২২ মাৰ্চত পালন কৰা হৈ আহিছে বিশ্ব জল দিৱস ৷ এই দিৱসটো ৰাষ্ট্ৰসংঘই পৰিস্কাৰ পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠিত কৰা এক বাৰ্ষিক অনুষ্ঠান ।

বিশ্ব জল দিৱসৰ মূল উদ্দেশ্য হৈছে ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ লক্ষ্য ৬ : সকলোৰে বাবে পানী আৰু অনাময় ব্যৱস্থা লাভ কৰাত অৰিহণা যোগোৱা ।

লগতে পঢ়ক: হোৰাহোৰে বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য, প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰ'লত ২ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত