ETV Bharat / bharat

এ আই ইমপেক্ট সন্মিলনত ব্যাঘাত জন্মাবলৈ কংগ্ৰেছৰ ব্যৰ্থ চেষ্টা: অশ্বিনী বৈষ্ণৱ

দেশৰ যুৱক-যুৱতীসকলে কি বিচাৰে, সেই বিষয়ে বিৰোধী দলত থকাসকল অৱগত নহয় বুলি মন্তব্য মন্ত্ৰী বৈষ্ণৱৰ ৷

AI India Impact Summit 2026
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 10:47 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: কংগ্ৰেছৰ বিৰুদ্ধে ভাৰত মণ্ডপমত চলি থকা এ আই ইমপেক্ট সন্মিলনত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন ৷ শুকুৰবাৰে ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলায় ।

মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে বিৰোধী দলত থকাসকলে দেশৰ যুৱক-যুৱতীসকলে কি বিচাৰে, সেই বিষয়ে অৱগত নহয় । পূর্বে ভাৰত আই এ সন্মিলনত কংগ্রেছ যুৱ শাখাৰ সদস্যসকলে প্রতিবাদ সাব্যস্ত কৰাৰ পাছতে মন্ত্ৰী বৈষ্ণৱে এই অভিযোগ উত্থাপন কৰে ৷

ভাৰত এ আই সন্মিলনত ভাষণ প্ৰদান কৰি বৈষ্ণৱে কয়, ‘‘মই যুৱক-যুৱতীসকলক ধন্যবাদ জনাইছো, যিসকলে এই সন্মিলনক ​​সমৰ্থন জনাইছিল । তেওঁলোকে ইয়াক ইতিবাচকভাৱে লৈছিল । যুৱক-যুৱতীসকলে স্পষ্টভাৱে কৈছিল যে এয়া তেওঁলোকৰ প্ৰদৰ্শনী । ই যুৱক-যুৱতীসকলৰ বাবে শীৰ্ষ সন্মিলন ।’’

যুৱ কংগ্ৰেছৰ বিক্ষোভৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা বুলি অৱগত কৰে । কংগ্ৰেছৰ যুৱ শাখাৰ বিক্ষোভৰ কথা উল্লেখ কৰি বৈষ্ণৱে কয়, ‘‘আমাৰ ষ্টাৰ্টআপ, অভিযন্তা আৰু এ আই ক্ষেত্ৰত কাম কৰা লোকসকলে কৰা ভাল কামক হেয়জ্ঞান কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে আমি তাৎক্ষণিক ব্যৱস্থা লৈছিলো ।’’

শেহতীয়াকৈ ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ আগত আত্মসমৰ্পণ কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় যুৱ কংগ্ৰেছৰ সদস্যসকলে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধেও বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৷ বিৰোধী দলটোক আক্ৰমণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘বিৰোধীৰ লোকসকলে নাজানে যুৱক-যুৱতীসকলে প্ৰকৃততে কি বিচাৰে । তেওঁলোকক কোনেও বুজাব নোৱাৰে ।’’

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমি অতি মুকলি মনৰ চৰকাৰ । আমি প্ৰতিক্ৰিয়া গ্ৰহণত বিশ্বাস কৰোঁ । আমি বিকশিত ভাৰত(উন্নত ভাৰত) ৰ লক্ষ্যত বিশ্বাস কৰোঁ ।’’

বৈষ্ণৱে পুনৰ কয় যে চৰকাৰে সৰ্বাংগীন বৃদ্ধিত বিশ্বাস কৰে আৰু ইয়াৰ প্ৰচেষ্টা হ’ল ইয়াৰ প্ৰতিটো আঁচনি আৰু নীতিৰ সুবিধা জনসাধাৰণৰ মাজলৈ নিয়া । শীৰ্ষ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘ভাৰত এ আই ইমপেক্ট সন্মিলনে এক বৃহৎ সফলতা লাভ কৰিছে । অংশগ্ৰহণ আৰু আলোচনাৰ মানদণ্ড আছিল অসাধাৰণ ।’’ মন্ত্ৰী বৈষ্ণৱে দৃঢ়তাৰে কয় যে নতুন এ আই যুগত ভাৰতৰ ভূমিকাত সমগ্ৰ বিশ্বৰে আস্থা আছে ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এতিয়ালৈকে এই যাত্ৰা সাৰ্থক হৈছে । আমি অতি সোনকালে মিছন এ আই ২.০ আৰম্ভ কৰিম ।’’

লগতে পঢ়ক: AI India Impact Summit 2026: ভাৰতৰ বৃহৎ পদক্ষেপ; দেশত প্ৰৱেশ কৰিলে Pax Silica ই