MGNREGAৰ নাম সলনি কৰাৰ বিৰুদ্ধে ১৭ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিবাদ
কংগ্ৰেছৰ মতে, ১৭ ডিচেম্বৰত জিলা সদৰত ৰাজ্যৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ২৮ ডিচেম্বৰত গাঁৱে-ভূঞে শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব ।

Published : December 16, 2025 at 10:40 PM IST
নতুন দিল্লী : ১৭ ডিচেম্বৰত জিলা সদৰত আৰু ২৮ ডিচেম্বৰত গাঁৱে-ভূঞে গ্ৰাম্য নিয়োগ আঁচনি MGNREGA ৰ নাম সলনি কৰাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব । লক্ষ্য হৈছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ "দুখীয়া আৰু বিষয়াৰ বাবে ৰাজনীতি" জনসাধাৰণৰ মাজলৈ লৈ যোৱা ।
কংগ্ৰেছ দলে সকলো ৰাজ্যিক ইউনিটক MGNREGA ৰ নাম সলনি কৰাৰ প্ৰতিবাদ কৰিবলৈ নিৰ্দেশ দিয়ে । মঙলবাৰে লোকসভাত উত্থাপন কৰা বিধেয়কখনৰ বিৰোধিতা কৰে কংগ্ৰেছে ।
কংগ্ৰেছৰ পৰিকল্পনা অনুসৰি ১৭ ডিচেম্বৰত ৰাজ্যৰ নেতাসকলে জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ২৮ ডিচেম্বৰত শ্ৰমিকসকলে গাঁৱে-ভূঞে সমৰ্থন সংগঠিত কৰি ভোটাৰসকলক পূৰ্বৰ ইউ পি এ চৰকাৰৰ পৰা লাভ কৰা কৰ্মৰ অধিকাৰৰ কথা সোঁৱৰাই দিব ।
এন ডি এ চৰকাৰে প্ৰথমে MGNREGA আঁচনিখনক দুৰ্নীতিৰ প্ৰসাৰ ঘটোৱা বুলি ঠাট্টা-মস্কৰা কৰিছিল যদিও অতি সোনকালেই উপলব্ধি কৰিছিল যে এই আঁচনিখনে দেশৰ গাঁওসমূহত বিপুল সফলতা লাভ কৰিছে, য’ত কোটি কোটি কৃষি শ্ৰমিকে বেয়া বতৰতো ঘৰৰ কাষতে কাম বিচাৰি পাইছিল ।
১৪ ডিচেম্বৰত কংগ্ৰেছে দিল্লীৰ ৰামলালী ময়দানত ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ বিৰুদ্ধে এক বৃহৎ সমাৱেশৰ আয়োজন কৰে ।
দলীয় সূত্ৰ অনুসৰি বিৰোধী নেতা ৰাহুল গান্ধীয়ে এন ডি এক ভোটাৰ তালিকাত হেতালি খেলি ক্ষমতালৈ অহাৰ অভিযোগ উত্থাপন কৰি কোনো কাৰণ নোহোৱাকৈ গ্ৰাম্য নিয়োগ আঁচনিখনৰ নাম সলনি কৰাত ক্ষুব্ধ হৈ পৰে, কিয়নো তেওঁ ইউ পি এৰ দিনত এই আঁচনিখনো নিৰ্মাণৰ কামত জড়িত আছিল ।
মহাৰাষ্ট্ৰৰ AICC ৰ সম্পাদক বিএম সন্দীপে ইটিভি ভাৰতক কয়, "তেওঁলোকে আমাৰ নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীক লক্ষ্য কৰি থাকে, কিন্তু মই ভাবো তেওঁলোক কিয় মহাত্মা গান্ধীৰ বিৰোধী । আচলতে তেওঁলোকে ইউ পি এৰ শাসনকালত আৰম্ভ কৰা আঁচনিবোৰৰ নাম সলনি কৰি নিজৰ বুলি দেখুৱাবলৈ ভাল পায় । ১৭ ডিচেম্বৰ আৰু ২৮ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে সকলো ৰাজ্যিক ইউনিটে প্ৰতিবাদ কৰিব । আঁচনিখনে গ্ৰাম্য দৰিদ্ৰসকলক সেৱা আগবঢ়াইছিল, যিসকল এন ডি এৰ কেন্দ্ৰবিন্দু নহয় চৰকাৰৰ বাবেই আঁচনিখনৰ নাম সলনি কৰা হৈছে ।"
তেওঁ কয়, "২০০৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে ৫৪৩খন আসনৰ ভিতৰত ২০৬খন আসন লাভ কৰাত গ্ৰাম্য নিয়োগ আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । পিছত এই কথা স্বীকাৰ কৰে আমাৰ নেতাই, যিয়ে আঁচনিখন প্ৰণয়নত ভূমিকা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত ভূমি অধিগ্ৰহণ বিধেয়কখনৰ আঁৰতো আছিল, যিটো এন ডি এ চৰকাৰে ভাল নাপালে ।"
মহাত্মা গান্ধীৰ নাম আঁতৰোৱাৰ উপৰিও কংগ্ৰেছে নতুন বিধেয়কখনত এনে বিধানৰ বিৰোধিতা কৰিছে যিয়ে কেন্দ্ৰীয় চৰকাৰক অধিক নিয়ন্ত্ৰণ প্ৰদান কৰে, কাম আবণ্টনৰ ক্ষেত্ৰত স্থানীয় পঞ্চায়তসমূহৰ ভূমিকা সলনি কৰে, আঁচনিৰ ৪০ শতাংশ পুঁজিৰ ধন ৰাজ্য চৰকাৰসমূহক প্ৰদানৰ আৰ্থিক বোজা স্থানান্তৰিত কৰে । যোৱা কেইবছৰমানৰ পৰা দেশৰ পুৰণি দলটোৱে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য নিয়োগ আঁচনিৰ বাবে বাৰ্ষিক বাজেটত ধন হ্ৰাস কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ।
২০০৪ চনত ইউ পি এ ক্ষমতালৈ অহাৰ দুবছৰৰ পাছত ২০০৬ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি আৰম্ভ কৰা হয় আৰু পিছত মহাত্মা গান্ধীৰ নামো এই আঁচনিখনত সংযোজন কৰা হয়, মহাত্মা স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি কংগ্ৰেছ দলৰ সন্মানৰ লগত খাপ খুৱায় । তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ২ ফেব্ৰুৱাৰীত অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত এই আঁচনিৰ শুভাৰম্ভ কৰে ।
ঝাৰখণ্ড কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া কোপ্পুলা ৰাজুৱে ইটিভি ভাৰতক কয়, "গ্ৰাম্য দৰিদ্ৰৰ জীৱনত এই আঁচনিৰ ৰূপান্তৰ, কোভিড মহামাৰীৰ সময়ত লাখ লাখ লোকক অনাহাৰৰ পৰা ৰক্ষা কৰা মই ব্যক্তিগতভাৱে প্ৰত্যক্ষ কৰিছিলো । সকলো গাঁও পঞ্চায়ততে আৰম্ভ কৰা এই আঁচনিৰ সামাজিক নিৰীক্ষণে গ্ৰাম্য দৰিদ্ৰসকলক চৰকাৰী বিষয়াসকলক জবাবদিহি কৰিবলৈ ক্ষমতা প্ৰদান কৰিছিল । দুখৰ বিষয় যে কেৱল মহাত্মা গান্ধীৰ নাম আঁতৰোৱাই নহয়, দুখীয়াৰ অধিকাৰো কাঢ়ি লোৱা হৈছে ।"
অন্ধ্ৰ প্ৰদেশত এই আঁচনিৰ তদাৰক কৰিছিল প্ৰাক্তন আই এ এছ বিষয়া ৰাজুৱে ।
মধ্য প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সম্পাদক চন্দন যাদৱে ইটিভি ভাৰতক কয়, "শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ ক্ষতি হোৱা এছ আই আৰৰ নামত ভোট চুৰিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰা হৈছিল দিল্লীত এই বৃহৎ সমাৱেশ । এন ডি এৰ সপক্ষে পোৱা একপক্ষীয় ফলাফল আচৰিত কাৰণ ই স্থল বাস্তৱতাৰ বিৰোধিতা কৰে । কংগ্ৰেছ দলে গ্ৰাম্য নিয়োগ আঁচনিৰ নাম সলনি কৰাৰ বিৰোধিতা কৰিছে আৰু এই পদক্ষেপৰ সম্পূৰ্ণ শক্তিৰে বিৰোধিতা কৰিব । এই বিধেয়কখনে নিয়োগ দিনৰ সংখ্যা বৃদ্ধি কৰে, কিন্তু মজুৰি নহয়। তদুপৰি ৰেড টেপৰ বাবে ৰাজ্যসমূহত বাকী থকা মজুৰি শীঘ্ৰে পৰিশোধৰ কথাও ইয়াত উল্লেখ কৰা হোৱা নাই ।"
| লগতে পঢ়ক : আৰু নাথাকিব এম জি এনৰেগা, আহি আছে ভিবি জি ৰাম জি |

