ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদী এগৰাকী সন্ত্ৰাসবাদী ! কংগ্ৰেছ নেতাৰ মন্তব্যৰ পিছতে বিজেপি নেতাই ধৰিলে উভতি

প্ৰধানমন্ত্ৰীয়ে মহিলা সংৰক্ষণ বিধেয়কক বিৰোধীয়ে প্ৰত্যাখ্যান কৰাৰ দাবী তুলি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে বুলি কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই দাবী কৰে ৷

mallikarjun kharge press conference
মল্লিকাৰ্জুন খাৰ্গেৰ সংবাদমেল (Screengrab)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 12:32 AM IST

6 Min Read
Choose ETV Bharat

চেন্নাই: সমাগত তামিলনাডু বিধানসভাৰ নিৰ্বাচন ৷ দেশৰ হাই-প্ৰফাইল ৰাজনীতিকসকল সম্প্ৰতি ব্যস্ত দক্ষিণৰ ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত ৷ তাৰ লগে লগে ইজনে আনজনক উদ্দেশ্যি ৰাজনৈতিক নেতাসকলে কৰা তীব্ৰ বাক্যবাণ শুনিবলৈ, দেখিবলৈ পোৱা গৈছে ৷

মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰকাৰী যন্ত্ৰপাতি আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি বিৰোধী দলক দমন কৰি ৰাজনৈতিক দল আৰু জনসাধাৰণক আতংকিত কৰাৰ অভিযোগ উত্থাপন কৰে ।

মঙলবাৰে তামিলনাডুৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত খাৰ্গেৰ এই মন্তব্যই চৰ্চা লাভ কৰিছে ৷ কিয়নো ২৩ এপ্ৰিলত অৰ্থাৎ আৰু মাথোঁ এটা দিনৰ পিছতে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আনহাতে, ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব ।

এআইচিচিৰ সাধাৰণ সম্পাদক(সংগঠন) কে চি বেণুগোপালৰ সৈতে চেন্নাইত সংবাদমেল সম্বোধন কৰি খাৰ্গে প্ৰথমে প্ৰধানমন্ত্ৰীক সন্ত্রাসবাদী বুলি কটাক্ষ কৰাৰ বিপৰীতে বিজেপিৰ সৈতে এআইএডিএমকেৰ মিত্রতাক সমালোচনা কৰে ৷

অৱশ্যে এই মন্তব্যৰ প্ৰসংগ স্পষ্ট কৰিবলৈ সাংবাদিকসকলে চাপ দিয়াৰ সময়ত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তেওঁৰ অৰ্থ এইটোৱেই যে প্ৰধানমন্ত্ৰীয়ে দেশৰ গণতন্ত্ৰক আতংকিত কৰি তুলিছে ।

খাৰ্গে কয়, ‘‘তেওঁ জনসাধাৰণ আৰু ৰাজনৈতিক দলৰ ওপৰত সন্ত্ৰাস চলাই আছে । মই কেতিয়াও কোৱা নাছিলো যে তেওঁ সন্ত্ৰাসবাদী । তেওঁ নিজৰ ক্ষমতা আৰু চৰকাৰী যন্ত্ৰপাতিৰ অপব্যৱহাৰ কৰি বিৰোধী দলক গালি-গালাজ কৰিছে, কু-সংস্কাৰ কৰিছে ।’’

নিৰ্বাচন আয়োগ বিজেপিৰ কাৰ্যালয়ৰ ঘাটি হৈ পৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম পৰ্যায়ত কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে । কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে দাবী কৰে যে চিবিআই, ইডি আৰু আয়কৰ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ৰাজনৈতিক কৰ্মীসকলক ভয় খুৱাবলৈ আহিলা হিচাপে ব্যৱহাৰ কৰিছে ।

সংবিধান সংশোধনী বিধেয়কক লৈ খাৰ্গে কেন্দ্ৰীয় চৰকাৰক সংবাদমেলৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লয়, যিয়ে লোকসভা সম্প্ৰসাৰণ কৰাৰ লগতে সীমা নিৰ্ধাৰণৰ সৈতে সংযোগ কৰি মহিলাসকলৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰদান কৰিব । খাৰ্গেই প্ৰধানমন্ত্ৰীয়ে মহিলা সংৰক্ষণ বিধেয়কক বিৰোধীয়ে প্ৰত্যাখ্যান কৰা বুলি দাবী কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ২০২৩ চনত সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত হোৱা বুলি আঙুলিয়াই দিয়ে ।

‘‘যদি তেওঁ সঁচা অৰ্থত ইয়াক কাৰ্যকৰী কৰাৰ মনস্থ কৰিছে, তেন্তে তেওঁ বৰ্তমানৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত মহিলাক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পাৰে । কিন্তু এনেকুৱা কিয় নকৰে ?’’ - খাৰ্গে যুক্তি দিয়ে ।

তেওঁ সকীয়াই দিয়ে যে চৰকাৰৰ সীমা নিৰ্ধাৰণৰ পৰিকল্পনাই প্ৰগতিশীল ৰাজ্যসমূহক, বিশেষকৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহক জনসংখ্যা নিয়ন্ত্ৰণত সফলতা লাভ কৰাৰ ক্ষেত্ৰত শাস্তিহে প্ৰদান কৰিব । ‘‘তেওঁলোকে দক্ষিণ ভাৰতৰ ৰাজ্য, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু প্ৰগতিশীল ৰাজ্যৰ গণতান্ত্ৰিক অধিকাৰ খণ্ডন কৰিব বিচাৰে । মোদী আৰু শ্বাহে এই ৰাজ্যসমূহক তেওঁলোকৰ অগ্ৰগতিৰ বাবে শাস্তি দিব বিচাৰে’’ বুলি খাৰ্গেই অভিযোগ উত্থাপন কৰে ৷

ডিএমকে-কংগ্ৰেছৰ মিত্ৰতাৰ শক্তিক দৃঢ়তাৰে স্বীকাৰ কৰি কংগ্ৰেছ নেতা খাৰ্গে আৰু বেণুগোপালে ৰাহুল গান্ধী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ মাজত মতানৈক্যৰ বাতৰি অস্বীকাৰ কৰি দুয়োগৰাকী সম্পৰ্কত নিজ ভাতৃৰ দৰে বুলি অভিহিত কৰে ।

খাৰ্গে ৰাজ্যখনৰ বাবে মিত্ৰজোঁটৰ মূল প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, য’ত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মাহিলী ২০০০ টকা সাহায্য, খাদ্য সুৰক্ষাৰ বাবে পৰিয়ালৰ বাবে ২৫০০ টকা মাহিলী সাহায্য, ৩০০ দিনৰ ভিতৰত চৰকাৰী সকলো খালী পদ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি আদিও উল্লেখ কৰে ।

তেওঁ নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী আচৰণ বিধি উলংঘাক আওকাণ কৰি বিজেপিৰ কাৰ্যালয়ৰ সম্প্ৰসাৰণৰ দৰে কাম কৰা বুলিও অভিযোগ উত্থাপন কৰে ।

বিজেপি নেতাৰ সমালোচনা

ইফালে বিজেপি নেতা সম্বিত পাত্ৰই খাৰ্গেৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি কয় যে ভাৰতৰ জনসাধাৰণে কংগ্ৰেছক এনে কাৰ্যৰ বাবে সদায় শাস্তি দি আহিছে আৰু এইবাৰো কংগ্ৰেছক উপযুক্ত উত্তৰ দিব ।

এই মন্তব্যক গৰিহণা দি পাত্ৰই কয় যে এই মন্তব্যই কংগ্ৰেছ দলৰ মানসিকতা প্ৰতিফলিত কৰে আৰু ই বিৰোধী দলৰ বিৰুদ্ধে সুপৰিকল্পিত ষড়যন্ত্ৰ । পাত্ৰই কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অপমানসূচক শব্দ ব্যৱহাৰ কৰিছে । বিজেপি নেতাগৰাকীয়ে ৰাহুল গান্ধীৰ নিৰ্দেশত খাৰ্গে প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰো অভিযোগ উত্থাপন কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৰা বিতৰ্কিত মন্তব্যৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে কংগ্ৰেছ-ডিএমকেৰ মিত্ৰতাক তীব্ৰ সমালোচনা কৰি দেশবাসীক আনুষ্ঠানিকভাৱে ক্ষমা বিচৰাৰ দাবী জনায় ।

গোৱেলে কয়, ‘‘মই লাজ পাইছো যে কংগ্ৰেছ দল আৰু ষ্টেলিনৰ ডিএমকে ইমান তললৈ নামিছে ৷ ভাৰতৰ জনসাধাৰণে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী বুলি কোৱাৰ দৰে তললৈ নামিছে ৷ খাৰ্গেৰ এই মন্তব্যক মই তীব্ৰ গৰিহণা দিছো । মই দুয়োজন অংশীদাৰ ৰাহুল গান্ধী আৰু এম কে ষ্টেলিনক ভাৰতবাসীক কৰা অপমানৰ বাবে শীঘ্ৰে ক্ষমা খুজিবলৈ দাবী জনাইছো ।’’

গোৱেলে এই মন্তব্যক গৰিহণা দি কেৱল প্ৰধানমন্ত্ৰীৰ ওপৰত ব্যক্তিগত আক্ৰমণ নহয়, ভাৰতীয় ভোটাৰৰ মৰ্যাদা আৰু তামিলনাডুবাসীক অপমান কৰা বুলিও অভিহিত কৰে । তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতাজনক সন্ত্রাসবাদী আখ্যা দিয়াটো ১৪ কোটি ভাৰতীয় আৰু তামিলনাডুৰ ৮ কোটি নাগৰিকৰ বাবে এক ঘোৰ অপমান ৷

তেওঁ কয়, ‘‘আমি সকলোৱে নিৰ্বাচিত কৰা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰাই নহয়, ১৪ কোটি ভাৰতীয়কো অপমান কৰিছে । আজি তেওঁ দেশৰ প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী আখ্যা দি ৮ কোটি তামিল ভাই-ভনীক অপমান কৰিছে ।’’

নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ দাবী বিজেপিৰ

আদৰ্শ নিৰ্বাচনী আচৰণ বিধি উলংঘা বুলি অভিহিত কৰি মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি খাৰ্গেৰ এই মন্তব্যৰ প্ৰতি শীঘ্ৰে সচেতন হ’বলৈ অনুৰোধ জনাইছে বিজেপিয়ে । পত্ৰখনত কোৱা হৈছে যে মল্লিকাৰ্জুন খাৰ্গেক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ লগতে এই মন্তব্য উঠাই ল’বলৈ বা আইন আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি উপযুক্ত প্ৰচাৰ নিষেধাজ্ঞা বা অন্যান্য সংশোধনী ব্যৱস্থা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ক ।

বিজেপিয়ে নিৰ্বাচন আয়োগক প্ৰযোজ্য আইনৰ অধীনত উপযুক্ত শাস্তিমূলক আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ ভাৰতীয় দণ্ডবিধিৰ ১৭৫, ১৭১/১৭৪, ৩৫৬(১) ধাৰা, ২০২৩ ৰ অধীনত অপৰাধৰ তদন্ত আৰু তদন্তৰ সময়ত প্ৰযোজ্য বুলি ধৰা পৰা আন যিকোনো বিধানকে ধৰি সকলো ধৰণৰ শাস্তি কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ল’বলৈ নিৰ্বাচন আয়োগক বিজেপিয়ে আহ্বান জনায় ।

লগতে পঢ়ক: পহলগাম আক্ৰমণৰ এবছৰ: এটা নৃশংস ঘটনাই সম্পূৰ্ণ সলনি কৰিলে পহলগামৰ ছবি