ETV Bharat / bharat

মানহানি গোচৰ : চুলতানপুৰ আদালতত হাজিৰ ৰাহুল গান্ধী

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত ৰাহুল গান্ধীয়ে ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হয় ।

rahul gandhi
চুলতানপুৰ আদালতত হাজিৰ ৰাহুল গান্ধী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 2:46 PM IST

2 Min Read
Choose ETV Bharat

চুলতানপুৰ (উত্তৰ প্ৰদেশ) : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ এক গোচৰত বৃহস্পতিবাৰে চুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হোৱাৰ লগে লগে আদালতৰ বাহিৰত বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ভিৰ কৰে । আদালত চৌহদৰ বাহিৰতো বহু কৰ্মী সমবেত হয় ।

ইফালে ৰাহুল গান্ধীৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয় । ডগ স্কোৱাডৰ দলেও আদালত চৌহদ তন্ন-তন্নকৈ পৰীক্ষা কৰে । ইফালে ৰাহুল গান্ধীয়ে আদালতত প্ৰৱেশ কৰি নিজৰ ভাষ্য প্ৰদান কৰে । তেওঁৰ লগত কেইবাগৰাকী অধিবক্তাও উপস্থিত থাকে ।

চুলতানপুৰ আদালতত হাজিৰ ৰাহুল গান্ধী (ETV Bharat Assam)

উল্লেখ্য যে কৰ্ণাটকত এখন সংবাদমেলৰ সময়ত ৰাহুল গান্ধীয়ে তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই সন্দৰ্ভত বিজেপি নেতা তথা সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা চুলতানপুৰৰ কোটৱালী দেহাট আৰক্ষী থানাৰ হনুমানগঞ্জৰ বাসিন্দা বিজয় মিশ্ৰই চুলতানপুৰত গোচৰ ৰুজু কৰিছিল ।

প্ৰায় ৫ বছৰ ধৰি আদালতৰ শুনানি অব্যাহত আছে । ২০২৩ চনৰ ডিচেম্বৰ মাহত আদালতত হাজিৰ নোহোৱাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছিল । পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আত্মসমৰ্পণ কৰি ২৫ হাজাৰ টকাকৈ দুজনৰ আমানতত জামিন লাভ কৰে । ২০২৪ চনৰ ২৬ জুলাইত ৰাহুল গান্ধীয়ে তেওঁৰ পূৰ্বৰ ভাষ্য প্ৰদান কৰি নিৰ্দোষী বুলি দাবী কৰি গোচৰটোক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল ।

লগতে পঢ়ক :সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী : জনালে শ্ৰদ্ধাঞ্জলি