দিল্লীৰ বায়ু প্ৰদূষণক লৈ চৰকাৰৰ মৌনতাক সমালোচনা ৰাহুল গান্ধীৰ
নতুন দিল্লীৰ বায়ু প্ৰদূষণে অতি ভয়ংকৰ ৰূপ লৈছে । সংসদত এই সন্দৰ্ভত বিশদ আলোচনাৰ দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ।

By PTI
Published : November 28, 2025 at 1:48 PM IST
নতুন দিল্লী : দেশৰ ৰাজধানী নতুন দিল্লীৰ বায়ু প্ৰদূষণৰ সমস্যা ক্ৰমাৎ ভয়াৱহ হৈ গৈছে । দিল্লীবাসীয়ে প্ৰতিটো দিন শংকাৰ মাজেৰে পাৰ কৰিবলগীয়া পৰিৱেশ হৈছে । বিশেষকৈ শীতৰ সময়ছোৱাত প্ৰদূষণে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰে । শিশু, জ্যেষ্ঠ নাগৰিক আৰু অসুস্থ লোকসকলৰ বাবে দিল্লীৰ পৰিৱেশ অতি চিন্তনীয় হৈ পৰিছে । বিভাগীয় কৰ্তৃপক্ষই দিয়া আগজাননী অনুসৰি অনাগত সপ্তাহত বায়ুৰ সূচাংক 'অতি দুৰ্বল' হৈ থকাৰ সম্ভাৱনা আছে ।
শীতকালত দিল্লীৰ বায়ুৰ সূচাংক 'অতি দুৰ্বল' আৰু 'গুৰুতৰ' হৈ পৰাৰ লগে লগে চিকিৎসকসকলেও বিশেষ আহ্বান জনাইছে । বিশেষকৈ ধূমপান সেৱন কৰা লোক, হাঁপানী ৰোগী, শিশু আৰু পূৰ্বতে হৃদযন্ত্ৰ বা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ মাজত প্ৰদূষণৰ সৈতে জড়িত স্বাস্থ্যজনিত অৱনতিৰ প্ৰাৰম্ভিক লক্ষণসমূহ ধৰা পেলাবলৈ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বিশেষজ্ঞসকলে কয় যে বিষাক্ত বায়ুৱে হাওঁফাওঁৰ কাৰ্যক্ষমতা হ্ৰাস কৰা আৰু অন্তৰ্নিহিত ৰোগসমূহ আৰু অধিক ভয়াৱহ কৰি তোলাৰ বাবে প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে ।
ইফালে এই 'স্বাস্থ্যজনিত জৰুৰীকালীন পৰিস্থিতি" সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বায়ু প্ৰদূষণৰ বিষয়টোক লৈ সংসদত বিশদ আলোচনাৰ দাবী জনাইছে । বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ বাবে কঠোৰ, বলবৎ কৰিব পৰাকৈ কাৰ্য পৰিকল্পনাৰো দাবী জনাইছে । লগতে মোদী চৰকাৰে এই বিষয়ত কিয় কোনো জৰুৰী ব্যৱস্থা বা জবাবদিহিতা দেখুৱাব পৰা নাই তাক লৈও প্ৰশ্ন কৰে ।
এই সন্দৰ্ভত গান্ধীয়ে তেওঁৰ বাসগৃহত একাংশ মহিলাক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে হোৱা কথা-বতৰাৰ ভিডিঅ' শ্বেয়াৰ কৰিছে । তেওঁ লিখিছে, "মই লগ পোৱা প্ৰতিগৰাকী মাতৃয়ে মোক একেই কথা কয়: তেওঁৰ সন্তানে বিষাক্ত বতাহ উশাহত লৈ ডাঙৰ হৈ আহিছে । তেওঁলোক এতিয়া ক্লান্ত, ভয়াতুৰ আৰু খঙাল হৈ পৰিছে । মোদী জী, ভাৰতৰ ল'ৰা-ছোৱালীবোৰ আমাৰ সন্মুখতে শ্বাসৰুদ্ধ হৈ আছে । আপুনি কেনেকৈ মনে মনে আছে ? আপোনাৰ চৰকাৰে কিয় কোনো জৰুৰী, কোনো পৰিকল্পনা, কোনো জবাবদিহিতা প্ৰদৰ্শন কৰা নাই ?"
লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, "ভাৰতত বায়ু প্ৰদূষণৰ ওপৰত তাৎক্ষণিক, বিশদ সংসদীয় বিতৰ্ক আৰু এই স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ, বলবৎযোগ্য কাৰ্য্য পৰিকল্পনাৰ প্ৰয়োজন ।" তেওঁ দৃঢ়তাৰে কয় যে আমাৰ ল'ৰা-ছোৱালীবোৰ বিশুদ্ধ বায়ুৰ যোগ্য - অজুহাত আৰু বিক্ষিপ্ততাৰ যোগ্য নহয় । দিল্লীয়ে বিগত ১৫ দিনৰ পৰা অতি নিম্নমানৰ বায়ুৰ সূচাংকৰ সৈতে যুঁজিছে ।"
লগতে পঢ়ক :দক্ষিণ ভাৰতৰ দিশে এইবাৰ আগবাঢ়িছে ঘূৰ্ণীবতাহ দিত্বাহ, হ’ব পাৰে ধাৰাসাৰ বৰষুণ; সতৰ্কবাণী জাৰি IMD-ৰ

