ETV Bharat / bharat

ছোনিয়া গান্ধী, কংগ্ৰেছে দেশবাসীৰ ওচৰত ক্ষমা খোজক, অন্যথা দেশবাসীয়ে মাফ নকৰে কংগ্ৰেছক: অমিত শ্বাহ

'বন্দে মাতৰম' সম্পূৰ্ণ পৰিৱেশনত বাধা প্ৰদান কৰাৰ বাবে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছ দলে ক্ষমা খুজিব লাগে বুলি দাবী কৰে অমিত শ্বাহে ৷

HOME MINISTER AMIT SHAH
কংগ্ৰেছে দেশবাসীৰ ওচৰত ক্ষমা খোজক (AMIT SHAH X)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 6:39 PM IST

2 Min Read
Choose ETV Bharat

উদয়পুৰ (ৰাজস্থান): কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী তথা কংগ্ৰেছক দেশবাসীয়ে ক্ষমা নকৰে বুলি কংগ্ৰেছক সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ উল্লেখ্য যে, ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' সম্পূৰ্ণ পৰিৱেশনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বাধা প্ৰদান কৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰি আহিছে ৷

দেওবাৰে ৰাজস্থানৰ চিত্তৰগড় জিলাত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণত প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সমালোচনা কৰে ৷

তেওঁ কয়, "ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' সম্পূৰ্ণৰূপে পৰিৱেশন কৰা হৈছিল ।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছে তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে 'বন্দে মাতৰম'ক পাহৰি গৈছিল ৷ এই গীতটো গায় হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীৰ মৃত্যু হৈছে । ৮০ বছৰৰ পিছত এই গীতটোক সন্মান দিয়া হৈছিল ৷ কিন্তু সেইটো ছোনিয়া গান্ধীয়ে ভাল নাপালে । দেশৰ ১৪০ কোটি জনসাধাৰণে আপোনাক আৰু আপোনাৰ পাপ দেখিছিল । মানুহে আপোনাক ক্ষমা নকৰে।"

তেওঁ লগতে কয়, "কোনোবাই সপোনতো কেনেকৈ ভাবিব পাৰে যে 'বন্দে মাতৰাম'ক অসম্পূৰ্ণ কৰি ৰখা হ'ব পাৰে ? কংগ্ৰেছে লাজ পাব লাগে । অলপ লাজ বাকী থাকিলে বাংকিম বাবুৰ (বন্দে মাতৰম ৰচনা কৰা বংকিম চন্দ্ৰ চট্টোপাধ্যায়) আত্মা আৰু দেশৰ জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিব লাগে কংগ্ৰেছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৭০ বছৰৰ ভিতৰত কংগ্ৰেছে কৰা কামৰ ছয়গুণ কাম আঠ বছৰত কৰিছে ।"

দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থান ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিত্তৰগড়ৰ নিম্বাহেৰাত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ২১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ।

লগতে পঢ়ক: ‘মহিলা সংৰক্ষণ নহয় মোদী সংৰক্ষণ বিধেক’... প্ৰধানমন্ত্ৰীক কটাক্ষ জয়ৰাম ৰমেশৰ