ETV Bharat / bharat

কৰ্ণাটকত মুখ্যমন্ত্ৰী সলনিৰ ইংগিত, ডি কে শিৱ কুমাৰক দায়িত্ব অৰ্পণ কৰিব পাৰে সিদ্ধাৰামাইয়াই

দলীয় সূত্ৰ অনুসৰি নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে আলোচনাৰ অন্তত সিদ্ধাৰমাইয়াই মুখ্যমন্ত্ৰীৰ পদ শিৱকুমাৰক গতাই দিবলৈ সন্মত হৈছে ।

Siddaramaiah and DK Shivakumar
ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰামাইয়া (IANS)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 8:28 AM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু: কৰ্ণাটকত সম্ভাব্য নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত মঙলবাৰে জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰে ৷ কংগ্ৰেছ দলৰ ভিতৰত ক্ষমতা ভাগ-বাটোৱাৰাৰ কথিত ব্যৱস্থাৰ অংশ হিচাপে অহা কেইদিনমানৰ ভিতৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই পদত্যাগ কৰি উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক গাদী এৰি দিব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে ।

দলীয় সূত্ৰ অনুসৰি নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে আলোচনাৰ অন্তত সিদ্ধাৰমাইয়াই মুখ্যমন্ত্ৰীৰ পদ শিৱকুমাৰক গতাই দিবলৈ সন্মত হৈছে । সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰীয়ে নেতৃত্বৰ পৰা কিছু সময় বিচাৰিছিল আৰু শীঘ্ৰে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে । কিন্তু নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত সিদ্ধাৰমাইয়া, ডি কে শিৱকুমাৰ, কংগ্ৰেছ নেতৃত্বৰ পৰা কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই ।

দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, এ আই চি চিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালৰ মাজত অনুষ্ঠিত হোৱা মাৰাথন বৈঠকৰ পাছত এই জল্পনা-কল্পনাই গতি লাভ কৰে ।

নেতৃত্বৰ পৰিৱৰ্তনক লৈ চলা জল্পনা-কল্পনাই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে চৰকাৰৰ যিকোনো ধৰণৰ আগতীয়া পৰিৱৰ্তনৰ খবৰ ৰাজহুৱাভাৱে অস্বীকাৰ কৰে । বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি কে.চি. ভেনুগোপালে কয়, “আগন্তুক ৰাজ্যসভা আৰু বিধান পৰিষদৰ নিৰ্বাচনৰ সৈতে জড়িত আলোচনা হৈছিল । মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনৰ বাতৰি বাস্তৱত সত্য নহয় ।” তেওঁ লগতে কয়, ‘‘ৰাহুল গান্ধী, এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু মই আজি বিতং আলোচনাত মিলিত হওঁ । প্ৰচাৰিত জল্পনা-কল্পনাৰ কোনো সত্যতা নাই ।”

আনুষ্ঠানিকভাৱে অস্বীকাৰ কৰাৰ পাছতো কংগ্ৰেছৰ সূত্ৰই ইংগিত দিয়ে যে হাইকমাণ্ডে ডি কে শিৱকুমাৰক নেতৃত্ব হস্তান্তৰ কৰাৰ দিশত চিন্তা কৰিছে । সূত্ৰই দাবী কৰিছে যে সিদ্ধাৰমাইয়াক ৰাজ্যসভা আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত বৃহত্তৰ ভূমিকাৰ প্ৰস্তাৱ দিয়া হৈছিল ।

ভিতৰুৱা সূত্ৰৰ মতে, মুখ্যমন্ত্ৰীয়ে নিজৰ ঘনিষ্ঠ সমৰ্থকসকলৰ সৈতে এই বিষয়ত আলোচনা কৰা বুলি জানিব পৰা গৈছে আৰু দলৰ হাইকমাণ্ডৰ সিদ্ধান্ত মানি চলিব বুলিও কোৱা হৈছে । দিল্লীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ সৈতে সিদ্ধাৰমাইয়াৰ বৈঠকৰ পিছত এই জল্পনা-কল্পনা আৰু অধিক তীব্ৰতৰ হৈ পৰে । ৰাজনৈতিক পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে দীঘলীয়া আলোচনাৰ পৰা ওলাই অহাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীক গম্ভীৰ যেন দেখা গৈছিল, যাৰ ফলত তেওঁৰ ভৱিষ্যতক লৈ নতুন বিতৰ্কৰ সূচনা হৈছিল ।

সূত্ৰই জনোৱা মতে, মঙলবাৰে নিশা দিল্লীৰ পৰা বেংগালুৰুলৈ উভতি আহিছিল সিদ্ধাৰমাইয়া ৷ তাৰ পিছত তেওঁ একাংশ ঘনিষ্ঠ মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল । ইফালে, শীঘ্ৰে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আহ্বান কৰিব পৰাৰ ইংগিত পোৱা গৈছে, য’ত নেতৃত্বৰ পৰিৱৰ্তনৰ বিষয়টো আগবাঢ়িলে ডি কে শিৱকুমাৰ নতুন বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হ’ব পাৰে ।

এই চৰ্চাক আৰু অধিক গুৰুত্ব দি সূত্ৰই জনোৱা মতে, এআইচিচিৰ সাধাৰণ সম্পাদক কে.চি. ভেনুগোপাল আৰু কৰ্ণাটক কংগ্ৰেছৰ প্ৰভাৰী ৰণদীপ সিং সুৰজেৱালাই ৰাজনৈতিক পৰিঘটনা চোৱাচিতা কৰিবলৈ আৰু নেতৃত্ব পৰিৱৰ্তন চূড়ান্ত হ’লে মসৃণ পৰিৱৰ্তন নিশ্চিত কৰিবলৈ বেংগালুৰুত অতি সোনকালে উপস্থিত হোৱাৰ সম্ভাৱনা আছে । যদিও কংগ্ৰেছ নেতৃত্বই ৰাজহুৱাভাৱে এই বিষয়টো নস্যাৎ কৰিছে, দলটোৰ ভিতৰত ৰাজনৈতিক কাৰ্যকলাপে বৃহস্পতিবাৰ বা শুকুৰবাৰৰ ভিতৰত কৰ্ণাটকত দ্ৰুত ৰাজনৈতিক বিকাশৰ সাক্ষী হ’ব পাৰে বুলি জল্পনা-কল্পনাত ইন্ধন যোগাইছে ।

লগতে পঢ়ক:

গৌৰৱক ৰাজনৈতিক ঢাল হিচাপে লৈ কংগ্ৰেছক মিঞা মুছলমানৰ ৰাজনৈতিক মঞ্চ কৰিছে কোনে ?

‘গণ্ডা ধৰ্ম’ ! সনাতন ধৰ্মক অপমানৰ অভিযোগত মমতাৰ বিৰুদ্ধে এজাহাৰ