অৰুণাচলৰ ৰিজ’ৰ্টত গুজৰাটৰ পৰ্যটকৰ উদ্ভণ্ডালি, দুয়োপক্ষৰ এজাহাৰ দাখিল
ভাৰত-চীন সীমান্তৰ অৰুণাচলৰ এখন ৰিজ’ৰ্টত সংঘটিত হৈছে এই ঘটনা ৷ সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই বাক-বিতণ্ডাৰ এটা ভিডিঅ’ ৷

Published : February 23, 2026 at 2:12 PM IST
তেজপুৰ: অৰুণাচলত বহিঃৰাজ্যৰ পৰ্যটকৰ উদ্ভণ্ডালি ৷ ভাৰত-চীন সীমান্তৰ সমীপৰ এখন ৰিজ’ৰ্টত সংঘটিত হোৱা এক ঘটনাই সামাজিক মাধ্যমত সৃষ্টি কৰিছে ক্ষোভৰ ৷ গুজৰাটৰ পৰা অহা পৰ্যটকৰ এটা দলক কেন্দ্ৰ কৰিয়েই সমগ্ৰ ঘটনা সংঘটিত হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২০ ফেব্ৰুৱাৰীত অৰুণাচল ৰাজ্যিক দিৱসৰ দিনাই দিবাং ভেলী জিলাৰ সদৰ আনিনিৰ মিছিমি হিলছ ৰিজ’ৰ্টত সংঘটিত হৈছিল এক বিক্ষিপ্ত ঘটনা । স্থানীয় সূত্ৰৰ মতে, ৰিজ’ৰ্ট কৰ্তৃপক্ষই গুজৰাটৰ পৰা অহা পৰ্যটকৰ দলটোক ৰিজ’ৰ্টখনৰ বাহিৰৰ খাদ্য আৰু সুৰাজাতীয় সামগ্ৰী ৰিজ’ৰ্টৰ ভিতৰলৈ অনাত বাধা প্ৰদান কৰাৰ পিছতে দুয়োপক্ষৰ মাজত সূত্ৰপাত ঘটে বাক-বিতণ্ডাৰ ৷
সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই বাকবিতণ্ডাৰ এটা ভিডিঅ’ ৷ য’ত দেখা গৈছে যে এদল পুৰুষ-মহিলাই ৰিজ’ৰ্টৰ কৰ্মচাৰীৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱাৰ লগতে উত্তেজিত হৈ পৰিছে । সংবাদ মাধ্যমৰ হাতত পৰা এক ভিডিঅ’ ফুটেজত দেখা গৈছে যে পৰ্যটকসকল উত্তেজিত হৈ ৰিজ’ৰ্টৰ চৌদিশে ঘূৰি ফুৰিছে আৰু কৰ্মচাৰীসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ৷

প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য অনুসৰি মাথোঁ কেইটামান মুহূৰ্তৰ ভিতৰতে এই তৰ্ক-বিতৰ্কই তুমুল ৰূপ লয় ৷ যাৰ ফলত ৰিজ’ৰ্টখনত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় । আন কেইবাজনো অতিথিয়ে কৰ্মচাৰীসকলক সমৰ্থন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলায় ৷
মিছিমি হিলছ ৰিজ'ৰ্টৰ স্বত্বাধিকাৰী ৰেজিনা মিহুৱে ই টিভি ভাৰতক কয়, ‘‘এই ঘটনা সংঘটিত হয় ২০ ফেব্ৰুৱাৰী দিনা, যিদিনা আমাৰ ৰাজ্যৰ ৰাজ্যিক দিৱস উদযাপন কৰা হয় । তেওঁলোকে ১৮ ফেব্ৰুৱাৰীত ইয়াত প্ৰৱেশ কৰিছিল । এনেধৰণৰ সৰু-ডাঙৰ বহুতো ঘটনা সংঘটিত হৈ থাকে মাজে সময়ে আৰু পৰৱৰ্তী সময়ত ভুল বুজাবুজিসমূহ দূৰ কৰি আমি পৰ্যটকসকলক সুবিধা প্ৰদান কৰোঁ । কিন্তু এই পৰ্যটকৰ পৰিয়ালটোৱে অশালীন ব্যৱহাৰ কৰাৰ লগতে ৰিজ'ৰ্টৰ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰে, যিসমূহৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰে । পৰৱৰ্তী সময়ত এই ভিডিঅ’ মই মোৰ একাউণ্টত আপলোড কৰোঁ । ঘটনাৰ সময়ত আনিনিৰ জিলা পৰ্যটন বিষয়া নিজে উপস্থিত আছিল আৰু তেওঁ পৰিয়ালটোক বুজাবলৈ বহুবাৰ চেষ্টা কৰিছিল ৷’’

মিছিমি হিলছ ৰিজ'ৰ্টৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে, ১৮ ফেব্ৰুৱাৰীত গুজৰাটৰ পৰা আহিছিল একেটা পৰিয়ালৰে চাৰিজন লোক ৷ এই লোককেইজনক ৰিজ’ৰ্টত চেক-ইন কৰাৰ সময়তে ৰিজ’ৰ্টৰ নীতি-নিয়মৰ বিষয়ে অৱগত কৰা হৈছিল ৷ তাৰ পিছতো কিন্তু নিয়ম ভংগ কৰে তেওঁলোকে ৷ এই বিবাদৰ পিছতে অভিযুক্তসকলে ভুৱা অনলাইন সমীক্ষা(ৰিভিউ) দি ৰিজ’ৰ্টৰ সুনাম নষ্ট কৰাৰ ভাবুকিৰ লগতে নিজৰ প্ৰভাৱশালী সম্পৰ্কৰ কথা কৈ ৰিজ’ৰ্ট বন্ধ কৰি দিয়াৰো দাবী কৰে বুলি ৰিজ’ৰ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

আনহাতে, এইক্ষেত্ৰত পৰ্যটকৰ দলটোৰ ভাষ্য ওলোটা ৷ তেওঁলোকে অধিবক্তাৰ জৰিয়তে ৰিজ’ৰ্ট কৰ্তৃপক্ষলৈ আইনী জাননী প্ৰেৰণ কৰে ৷ ঘটনাটোৰ সৈতে জড়িত ভিডিঅ’ আৰু ব্যক্তিগত তথ্য পৰ্যটকৰ দলটোৰ অনুমতি অবিহনে সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে বুলি তেওঁলোকে দাবী তোলে ৷ যাৰ ফলত পৰিয়ালটোৰ গোপনীয়তা ভংগ হোৱাৰ লগতে পেচাগত সুনাম ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি ৰিজ’ৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে মহিলা পৰ্যটকক অশ্লীল ইংগিত দিয়া বুলিও এজাহাৰত উল্লেখ কৰা হৈছে ৷ আইনী জাননীখনত এয়াও উল্লেখ আছিল যে সুৰাজাতীয় সামগ্ৰী ৰখাৰ অভিযোগত আৰোপ কৰা জৰিমনা সম্পৰ্কে ৰিজ’ৰ্টত স্পষ্টৰূপত কোনো লিখিত নিয়ম বা তালিকা প্ৰদৰ্শিত নাই । বিষয়টো আলোচনা বা নিয়মীয়া প্ৰক্ৰিয়াৰে সমাধান কৰাৰ পৰিৱৰ্তে ভিডিঅ’ প্ৰচাৰ কৰা বুলিহে পৰ্যটকৰ দলটোৱে অভিযোগ তুলিছে ৷

তদুপৰি সামাজিক মাধ্যমৰ প্ৰতিটো প্লেটফৰ্মৰ পৰা এই ভিডিঅ’ ডিলিট নকৰিলে ৰিজ’ৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে চাইবাৰ অপৰাধ আৰু মানহানিৰ গোচৰ ৰুজু কৰিবলৈকো সাজু হৈছে পৰ্যটকৰ দলটো ৷
ঘটনাটোৰ পিছতে পৰ্যটককেইজনৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগত ৰিজ’ৰ্ট কৰ্তৃপক্ষই দাখিল কৰে এজাহাৰ । স্থানীয় আৰক্ষীয়ে উক্ত স্থানত উপস্থিত থকা লোকসকলৰ ভিডিঅ’ প্ৰমাণ আৰু বক্তব্য পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে ৷ আনিনি আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰি Case No 07/2026 নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে ৷ দুয়ো পক্ষৰ অভিযোগ-প্ৰতি অভিযোগ, প্ৰমাণ আৰু সাক্ষ্য পৰ্যালোচনা কৰাৰ পাছত আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে ৷
ভাৰত-চীন সীমান্তৰ সমীপৰ দুৰ্গম আৰু বৈচিত্ৰ্যপূৰ্ণ দিবাং উপত্যকাত অৱস্থিত আনিনিয়ে শেহতীয়া বছৰবোৰত ইক’ টুৰিষ্ট আৰু দুঃসাহসিক ভ্ৰমণকাৰীৰ বাবে জনপ্ৰিয় গন্তব্য স্থান হিচাপে পৰিচিত হৈছে ৷ স্থানীয় ৰাইজে এনে ঘটনাই দায়িত্বশীল পৰ্যটনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল অঞ্চলটোৰ ভাবমূৰ্তি কলংকিত কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে ।
এই কাণ্ডই পৰ্যটকৰ আচৰণ, স্থানীয় নিয়মৰ প্ৰতি সন্মান, বিশেষকৈ স্পৰ্শকাতৰ সীমান্ত অঞ্চলত ভ্ৰমণৰ সময়ত শিষ্টাচাৰ বজাই ৰখাৰ গুৰুত্ব আদিৰ ওপৰত অনলাইন বিতৰ্কৰ সৃষ্টি কৰিছে । তদন্ত অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে পৰ্যটকসকলক স্থানীয় নিয়ম মানি চলিবলৈ আৰু আতিথ্য প্ৰদানকাৰীসকলৰ প্ৰতি সন্মান বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: দিল্লীত বৰ্ণ নিৰ্যাতনৰ সন্মুখীন অৰুণাচলৰ যুৱতী, দোষীৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ

