উত্তৰাখণ্ডত দুখন বাছৰ মুখামুখি সংঘৰ্ষ : কেইবাজনো আহত
ডেৰাডুনৰ পৰা বিবাহযাত্ৰী লৈ অহা এখন বাছৰ আন এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । ১৫ জনৰো অধিক লোক আহত ।

Published : April 8, 2026 at 3:24 PM IST
হৰিদ্বাৰ : উত্তৰাখণ্ডৰ হৰিদ্বাৰ-নাজিবাবাদ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ৰছিয়াবাদ গাঁৱৰ সমীপত দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰায় ১৫ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাছৰে সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যায় ।
খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । এখন বাছত আবদ্ধ হৈ থকা দুজন যাত্ৰীক তেওঁলোকে উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্তসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । গুৰুতৰভাৱে আহতসকলক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । খবৰ অনুসৰি আহত আটাইকেইজন লোকে বিবাহযাত্ৰী লৈ যোৱা বাছখনত আছিল । ডেৰাডুনৰ পৰা বিজনুৰৰ নগাল ছ'টিলৈ উভতি অহাৰ সময়তে বিবাহযাত্ৰীক লৈ যোৱা বাছখন দুৰ্ঘটনাত পতিত হয় ।

আৰক্ষীৰ মতে মঙলবাৰে নিশা প্ৰায় ৭:৩০ বজাত ডায়েল ১১২ৰ জৰিয়তে আৰক্ষীয়ে খবৰ লাভ কৰে । ৰছিয়াবাদৰ সমীপৰ ঘাইপথত দুখন বাছৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে কেইবাজনো ব্যক্তি আবদ্ধ হৈ আছে বুলি খবৰ পাইছিল আৰক্ষীয়ে । এই তথ্য লাভ কৰাৰ লগে লগে শ্যামপুৰ কোতৱালীৰ আৰক্ষী বিষয়া নিতেশ শৰ্মাসহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ।

বিবাহযাত্ৰী লৈ যোৱা বাছখনৰ প্ৰায় ১০ৰ পৰা ১৫ জন যাত্ৰী আহত হয় । পলম নকৰি এম্বুলেন্সক খবৰ দিয়া হয় । থিতাতে কেইবাজনো যাত্ৰীৰ প্ৰাথমিক চিকিৎসা কৰা হয় । ইফালে গুৰুতৰভাৱে আহত ৫ জন যাত্ৰীক এম্বুলেন্সৰ সহায়ত জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় ।
জানিব পৰা মতে দুৰ্ঘটনাত পতিত বাছ দুখনৰ এখন আছিল ব্যক্তিগত আৰু আনখন বিজনোৰ ৰোডৱেজৰ বাছ । ব্যক্তিগত বাছখনে বিবাহ যাত্ৰী লৈ আহিছিল ।
শ্যামপুৰ কোটৱালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতেশ শৰ্মাই এই দুৰ্ঘটনা সন্দৰ্ভত কয়, "দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাৰ পিছত দুয়োখন বাছ পথৰ পৰা আঁতৰাই লৈ যোৱা হয় । সেই সময়ত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত পৰিস্থিতি সুস্থিৰ হয় । গুৰুতৰভাৱে আহত আটাইকেইজন বৰ্তমান জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোকৰ পৰিয়ালকো অৱগত কৰা হৈছে । দুৰ্ঘটনাটোত কোনো লোকে প্ৰাণ হেৰুওৱা নাই । দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত আছে ।"
লগতে পঢ়ক :
১০ এপ্ৰিলৰ পৰা নচলিব নগদ লেনদেন : ইউপিআইৰ জৰিয়তে ধন পৰিশোধ ১.২৫ শতাংশ হ’ব ব্যয়বহুল

