ETV Bharat / bharat

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লী কঁপালে ক'কৰোচ্ছ জনতা পাৰ্টীয়ে

ডিজিটেল আন্দোলনৰ জৰিয়তে চৰ্চালৈ অহা ক'কৰোচ্ছ জনতা পাৰ্টীয়ে যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে । দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে ল'লে অংশ ।

A Cockroach Janta Party (CJP) supporter plays a tambourine, also known as 'dafli', during a protest demanding the resignation of Union Education Minister Dharmendra Pradhan over alleged examination-related lapses, at the Jantar Mantar, in New Delhi, Saturday
শিক্ষা ব্যৱস্থাৰ উন্নতিৰ দাবীৰে ক'কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদত কঁপিল দিল্লী (PTI)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 8:20 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দেশত বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু নিযুক্তি পৰীক্ষাৰ অনিয়ৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে শনিবাৰে দিল্লীৰ যন্তৰ মন্তৰত ক'কৰোচ্ছ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদত অংশ লোৱা বেছি সংখ্যক যুৱক-যুৱতীয়ে পঁইতাচোৰা মাস্ক পৰিধান কৰা দেখা যায় । ইফালে বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখা যায় । দেশৰ শিক্ষা ব্যৱস্থাক সমালোচনা কৰি শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গান দিয়ে ।

শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ আশাৰে প্ৰতিবাদত অংশ লোৱা মধ্যপ্ৰদেশৰ ছাত্ৰ ৰাহুল ওহাৰিয়াই ইটিভি ভাৰতৰ আগত কয়, "দুৰ্বল শিক্ষা ব্যৱস্থা, নীটৰ প্ৰশ্নকাকত ফাদিল, চিবিএছই আৰু চিইউইটি-ইউজি পৰীক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমি ইয়ালৈ আহিছো । আমাৰ প্ৰতিবাদে শিক্ষা ব্যৱস্থাৰ উন্নতিত সহায় কৰিব বুলি মই আশাবাদী ।"

দিল্লীৰ আন এগৰাকী প্ৰতিবাদকাৰী ছাত্ৰ অংকিত গৌতমে দেশৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বল অৱস্থাৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দোষাৰোপ কৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বাবে আমি ইয়ালৈ আহিছো । দুৰ্বল শিক্ষা ব্যৱস্থা আৰু প্ৰশ্নকাকত ফাদিলৰ পুনৰাবৃত্তিৰ দৰে সমস্যাৰ বাবে তেওঁ দায়ী বুলি আমি ভাবো ।"

Protestors gather at a demonstartion organised by Cockroach Janata Party demanding the resignation of Union Education Minister Dharmendra Pradhan over alleged examination-related lapses, at the Jantar Mantar, in New Delhi, Saturday
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে অংশ ল'লে দিল্লীৰ চিজেপিৰ প্ৰতিবাদত (ETV Bharat)

ইফালে শনিবাৰে পুৱাই ক'কৰোচ্ছ জনতা পাৰ্টী'ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আমেৰিকাৰ পৰা নতুন দিল্লীত উপস্থিত হৈ প্ৰতিবাদত অংশ লয় ৷ প্ৰতিবাদী সভাত ভাষণ দি তেওঁ কয়, "দেশৰ যুৱক-যুৱতীসকলে আৰু ভয় নকৰে, যুঁজিব । পঁইতাচোৰাবোৰেও ভয় নকৰে, সিহঁতৰ কেতিয়াও মৃত্যু নহয় ।"

প্ৰতিবাদস্থলীলৈ যোৱা প্ৰতিটো পথতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তোলে । ব্যাপক তালাচীও চলোৱা হয় । চিজেপিৰ মুখপাত্ৰ সৌৰভ দাসৰ মতে দলটোৱে সকলো প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি শান্তিপূৰ্ণ প্ৰতিবাদৰ অনুমতি লৈছিল । দিল্লী আৰক্ষীয়ে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ যন্তৰ মন্তৰত চিজেপিক প্ৰতিবাদৰ অনুমতি প্ৰদান কৰে ।

Protestors gather at a demonstartion organised by Cockroach Janata Party demanding the resignation of Union Education Minister Dharmendra Pradhan over alleged examination-related lapses, at the Jantar Mantar, in New Delhi, Saturday
দিল্লীত ক'কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ (ETV Bharat)

আৰক্ষী বিষয়াসকলে জনোৱা মতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সীমান্তৰ প্ৰৱেশ পথ আৰু অন্যান্য স্পৰ্শকাতৰ স্থানত অতিৰিক্ত জোৱান নিয়োগ কৰা হৈছে । সতৰ্কতা স্বৰূপে সমগ্ৰ নতুন দিল্লী আৰু অন্যান্য স্থানত ১০০০ৰো অধিক আৰক্ষী মোতায়েন কৰা হয় । প্ৰতিবাদৰ প্ৰাকক্ষণত চিজেপিক অহিংসা আৰু সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই নিৰ্দেশনা জাৰি কৰা হয় ।

লগতে পঢ়ক :

নতুন দিল্লীত ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ, আমেৰিকাৰ পৰা আহি অভিজিৎ দীপকেৰ নেতৃত্ব