উত্তৰ প্ৰদেশত এপষ্টেইন ফাইল সদৃশ ঘটনা, শিশু পৰ্ণগ্ৰাফীৰ গোচৰত দোষীক মৃত্যুদণ্ডৰ শাস্তি
২০২০ চনত চিবিআই দিল্লীয়ে পঞ্জীয়ন কৰা এটা গোচৰৰ শুনানি । শিশু পৰ্ণগ্ৰাফীৰ গোচৰৰ দোষীক মৃত্যুদণ্ড ।

Published : February 21, 2026 at 2:30 PM IST
|Updated : February 21, 2026 at 3:13 PM IST
বান্দা (উত্তৰ প্ৰদেশ): নাবালিকাক যৌন শোষণৰ গোচৰত বিশ্বজুৰি তোলপাৰ লগোৱা এপষ্টেইন ফাইলৰ বিষয়ে হয়তো আপুনিও জ্ঞাত । বিশ্বৰ নামী-দামী লোকৰ সৈতে উঠা-বহা কৰা জেফ্ৰী এপষ্টেইনক নাবালিকাক যৌন শোষণ চলোৱাৰ অভিযোগত দোষী সাব্য়স্ত কৰা হৈছিল । পাছত কাৰাগাৰত তেওঁ আত্মহত্যা কৰিছিল ৷ এনেকুৱা সদৃশ এক ভয়াৱহ ঘটনা ভাৰতৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছিল ৷ জেফ্ৰী এপষ্টেইনৰ দৰে যৌন নিৰ্যাতনকাৰীয়ে দীৰ্ঘ সময় শিশুক নিৰ্য্য়াতন চলাই আছিল । দীৰ্ঘদিনে চলি অহা গোচৰৰ অন্তত এপষ্টেইনৰ দৰেই প্ৰদান কৰা হ'ল গুৰুতৰ শাস্তি ।
নাবালিকাক যৌন শোষণৰ সৈতে জড়িত পৰ্ণগ্ৰাফীৰ গোচৰত চিত্ৰকুটৰ জলসিঞ্চন বিভাগৰ নিলম্বিত জে-ই আৰু তেওঁৰ পত্নীক POCSO আইনৰ অধীনত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে বাণ্ডাৰ বিশেষ আদালতে । শুনানিৰ সময়ত আদালতত উপস্থিত থাকে চিবিআইৰ এটা দল ।
চৰকাৰী অধিবক্তা সৌৰভ কুমাৰ সিঙে উল্লেখ কৰে যে শিশু পৰ্ণগ্ৰাফী গোচৰৰ অভিযুক্ত ৰামভৱন আৰু তেওঁৰ পত্নী দুৰ্গাৱতীক বিশেষ POCSO আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে । তেওঁ লগতে কয় যে ২০২০ চনৰ ৩১ অক্টোবৰত দিল্লীৰ চিবিআইয়ে এই গোচৰ ৰুজু কৰিছিল ।
অভিযোগ অনুসৰি চিত্ৰকূটৰ এটা ভাড়া কোঠাত এজন লোক আৰু ৰামভৱন আৰু তেওঁৰ পত্নী দুৰ্গাৱতী বাস কৰিছিল । অভিযোগ কৰা হৈছিল যে ৩ৰ পৰা ১৮ বছৰৰ ভিতৰৰ প্ৰায় ৩৩ৰ পৰা ৩৪টা শিশুৰ যৌন নিৰ্যাতনৰ ভিডিঅ’ দুয়ো ৪৭খন দেশলৈ প্ৰেৰণ কৰিছিল। প্ৰেৰণ কৰা ভিডিঅ'ৰ সংখ্যা আছিল দুই লাখৰো অধিক । কিয়নো চিবিআইৰ তদন্তত দুই লাখৰো অধিক ভিডিঅ’ উন্মোচিত হৈছে ।
অধিবক্তাগৰাকীয়ে উল্লেখ কৰে যে এই কাৰ্য ৰামভৱনে ১০ বছৰ ধৰি সংঘটিত কৰি আহিছে । চিবিআইয়ে এই গোচৰৰ তদন্ত কৰি সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিছিল । অৱশেষত POCSO আইনৰ অধীনত স্বামী-স্ত্ৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে আদালতে ।
চিবিআইৰ বিশেষ অধিবক্তা ধাৰা সিঙৰ দ্বাৰা গোচৰটো চলোৱা হৈছল । তেওঁ উল্লেখ কৰে যে ৩৪টা ভুক্তভোগী শিশুক প্ৰদান কৰিবলৈ ১০ লাখ টকাকৈ জৰিমনা বিহা হৈছে । ৰামভৱনৰ ঘৰৰ পৰা ৮ লাখৰো অধিক টকা উদ্ধাৰ কৰা হৈছে আৰু সেই ধন শিশুসকলকে প্ৰদান কৰা হ’ব ।
চিবিআইয়ে লাভ কৰে দুই লাখ ভিডিঅ’ আৰু ফটো:
এই গোচৰটোৰ তদন্তৰ সময়ত চিবিআইয়ে ৪৭খন দেশৰ বিভিন্ন ৱেবছাইটত অভিযুক্ত ৰামভৱনে আপলোড কৰা দুই লাখ ভিডিঅ’ আৰু ফটো উদ্ধাৰ কৰে । এই ভিডিঅ’সমূহ আদালতত প্ৰমাণ হিচাপে দাখিল কৰা হৈছিল । ৩৪টা নাবালক শিশুৰ বক্তব্যও লিপিবদ্ধ কৰা হয় । চিবিআইৰ তদন্তত এই কথাও পোহৰলৈ আহিছে যে মূলতঃ বান্দাৰ নাৰায়নী অঞ্চলৰ অভিযুক্ত দম্পতীটোৱে চিত্ৰকূটত এটা ঘৰ ভাড়াত লৈছিল । তেওঁলোকে ডাৰ্ক ৱেবৰ জৰিয়তে পৰ্ণ চাইটত পৰ্ণগ্ৰাফী ভিডিঅ’ আপলোড কৰিছিল ।
চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ৰামভৱনক:
সমগ্ৰ গোচৰটো ২০২০ চনৰ । চিবিআইয়ে ৰাম ভৱনক গ্ৰেপ্তাৰ কৰিছিল । প্ৰমাণ সংগ্ৰহৰ সময়ত চিবিআইয়ে ৰামভৱনৰ পত্নী দুৰ্গাৱতী জড়িত হৈ থকাৰ তথ্যও উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত দুৰ্গাৱতীক গ্ৰেপ্তাৰ কৰা হয় আৰু দুয়োকে বান্দা কাৰাগাৰত বন্দী কৰা হয় ।
বিগত পাঁচ বছৰত এই গোচৰৰ শুনানি কেইবাবাৰো হৈছে, অভিযুক্তক সোধা-পোছা কৰা হৈছে আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে । দোষী সাব্যস্ত হোৱাৰ পিছত শুকুৰবাৰে উত্তৰ প্ৰদেশৰ এখন বিশেষ POCSO আদালতে অভিযুক্ত দম্পতীটোক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ।

