ট্ৰাক-বাছৰ সংঘৰ্ষত ১০ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৩০ জনতকৈ অধিক আহত
ছিন্দৱাৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত ৷ যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।

Published : March 26, 2026 at 9:32 PM IST
|Updated : March 26, 2026 at 10:43 PM IST
ছিন্দৱাৰা(মধ্যপ্ৰদেশ): মধ্যপ্ৰদেশৰ ছিন্দৱাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে সন্ধিয়া ছিন্দৱাৰাৰ নাগপুৰ পথৰ ছিমৰীয়াৰ সমীপত এখন যাত্ৰীবাহী বাছে এখন হালধি ভৰ্তি ট্ৰাকক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
এই দুৰ্ঘটনাত দহজন লোক নিহত হোৱাৰ বিপৰীতে ৩০ জনতকৈও অধিক লোক আহত হোৱা বুলি জিলা আয়ুক্ত হৰেন্দ্ৰ নাৰায়ণে জানিবলৈ দিছে ৷ আহত আটাইকেইজন লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে বাছখনে ট্ৰাকখনক অতিক্ৰম কৰিবলৈ ধৰোতেই এই দুৰ্ঘটনা সংঘটিত হয় ।
দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু
খবৰ অনুসৰি ছিন্দৱাৰা আৰক্ষী খেলপথাৰত হিতাধিকাৰী সন্মিলন আৰু মুখ্যমন্ত্ৰী মোহন যাদৱৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈ আছিল ৷ মুখ্যমন্ত্রী যাদৱৰ সভাত অংশ ল’বলৈ ভাণ্ডাৰাকুণ্ডৰ পৰা বাছেৰে বহু লোক আহিছিল ৷ সভাত অংশগ্ৰহণৰ পিছত ঘৰলৈ ওভতাৰ পথতে ছিমৰিয়াৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত ৬ জন পুৰুষ, তিনিগৰাকী মহিলা আৰু এটা শিশু নিহত হয় ৷
নিহতসকলৰ ৬ জন পুৰুষ, ৩ গৰাকী মহিলা আৰু এটা শিশু
আৰক্ষী অধীক্ষক অজয় পাণ্ডেই দুৰ্ঘটনাটো সম্পৰ্কত এনেদৰে কয়, ‘‘জিলা সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত ছিমৰিয়াৰ সমীপৰ নাগপুৰ পথত এই ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাটোত ৬ জন পুৰুষ, তিনিগৰাকী মহিলা আৰু এটি পাঁচ বছৰীয়া শিশুৰ মৃত্যু ঘটিছে ।’’
কোতৱালি ষ্টেচন হাউছৰ বিষয়া আশীষ কুমাৰে কয়, ‘‘দুৰ্ঘটনাৰ সময়ত বাছখনত ৪০ জনতকৈ অধিক যাত্ৰী আছিল ।’’ বিষয়াসকলে জনোৱা মতে, আহতসকলক এম্বুলেন্স আৰু অন্যান্য বাহনেৰে জিলা চিকিৎসালয়ৰ লগতে অন্যান্য স্থানীয় চিকিৎসালয়সমূহলৈ লৈ যোৱা হয় ।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত হয় । আৰক্ষীয়ে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
জিলা কংগ্ৰেছ কমিটীৰ সভাপতি বিশ্বনাথে স্থানীয় চিকিৎসালয়ত উপস্থিত হৈ আহতসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় ৷ তেওঁ কয়, ‘‘অষ্টমীৰ দিনা মুখ্যমন্ত্ৰী মোহন যাদৱৰ কাৰ্যসূচীলৈ গাঁৱৰ মানুহক অনাৰ কি প্ৰয়োজন আছিল ? ইয়াৰ বাবে বিজেপি দায়ী । ভুক্তভোগীৰ পৰিয়ালে ২ কোটি টকাকৈ ক্ষতিপূৰণ লাভ কৰা উচিত ।’’
কমলনাথ আৰু নকুলনাথৰ শোকপ্ৰকাশ
মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথ আৰু প্ৰাক্তন সাংসদ নকুলনাথে এই ভয়ংকৰ পথ দুৰ্ঘটনাত গভীৰ শোকপ্ৰকাশ কৰে । দুয়োগৰাকী ৰাজনীতিবিদে দুৰ্ঘটনাত নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।
এক শোকবাৰ্তাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে কয়, ‘‘ছিন্দৱাৰা-নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনা যন্ত্ৰণাদায়ক আৰু মৰ্মান্তিক । বিদেহী আত্মাই শান্তি লাভ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।’’
আন এক শোকবাৰ্তাত প্ৰাক্তন সাংসদ নকুলনাথে কয়, ‘‘চিখলী গাঁৱৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ খবৰটো দুখজনক । বিদেহী আত্মাক ভগৱানৰ চৰণত স্থান দিবলৈ আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।’’
লগতে পঢ়ক: ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী, বন্ধুত্বপূৰ্ণ দেশলৈ সেউজ সংকেত ইৰাণৰ

